Begin typing your search above and press return to search.

তামিল পৰিচালকৰ ছবিত দ্বৈত চৰিত্ৰত শ্বাহৰুখ খান

বাতৰি অনুসৰি দক্ষিণৰ তাৰকা প্ৰিয়ামণিয়েও ছবিখনত এক গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে ৷

তামিল পৰিচালকৰ ছবিত দ্বৈত চৰিত্ৰত শ্বাহৰুখ খান

RaktimBy : Raktim

  |  4 Sep 2021 8:11 AM GMT


এইবাৰ এজন তামিল পৰিচালকৰ ছবিত ভুমুকি মাৰিছে জনপ্ৰিয় অভিনেতা শ্বাহৰুখ খানে ৷ ছবিখন পৰিচালনা কৰিছে যশস্বী তামিল ছবি পৰিচালক এটলীয়ে। সম্প্ৰতি মহাৰাষ্ট্ৰৰ পুনেত ছবিখনৰ শ্বুটিং আৰম্ভ হৈছে ৷ পুনেত ১০ দিন ধৰি ছবিখনৰ শ্বুটিং হ'ব। খবৰ অনুসৰি ছবিখন এক বৃহৎ বাজেটৰ ছবি ৷

বাতৰি অনুসৰি দক্ষিণৰ তাৰকা প্ৰিয়ামণিয়েও ছবিখনত এক গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে ৷ তেওঁ পুনেৰ শ্বুটিঙত শ্বাহৰুখ আৰু নয়নতৰাৰ সৈতে যোগদান কৰিব। শ্বাহৰুখক ছবিখনত দ্বৈত চৰিত্ৰত অভিনয় কৰা দেখা যাব ৷ নয়নতৰা মহিলা মুখ্য চৰিত্ৰত থাকিব। অৱশ্যে এতিয়ালৈকে ছবিখনৰ নাম স্থিৰ হোৱা নাই ৷ ছবিখন উত্তৰ আৰু দক্ষিণৰ অভিনেতাসকলৰ সৈতে সমগ্ৰ ভাৰতৰ দৰ্শকৰ বাবে নিৰ্মাণ কৰা হৈছে।

ছবিখনৰ দৃশ্যগ্ৰহণ ৬ ৰ পৰা ৭ মাহৰ ভিতৰত একাধিক স্থানত কৰা হ'ব। ইয়াত সান্যা মালহোত্ৰা আৰু সুনীল গ্ৰোভাৰেও অভিনয় কৰিব আৰু ৰাণা দগ্গুবাটীক ছবিখনত নেতিবাচক চৰিত্ৰত অভিনয় কৰা দেখা যাব।

ইফালে, শ্বাহৰুখ খানে অক্টোবৰত দীপিকা পাড়ুকন আৰু জন আব্ৰাহামৰ সৈতে এখন ছবিৰ অন্তিম পৰ্যায়ৰ কামৰ বাবে ইউৰোপলৈ উৰা মাৰিব। তদুপৰি তেওঁ ৰাজকুমাৰ হিৰাণীৰ সৈতেও এখন ছবিত কাম কৰিছে।

আৰু পঢ়িব পাৰেঃ মৰমৰ কুকুৰ নাইকৰ জন্মদিনত অন্তৰস্পৰ্শী লেখা অভিনেত্ৰী কীৰ্তি সুৰেশৰ

Next Story
চাকৰি