ধৰ্মেন্দ্ৰক প্ৰেম-ৰোমান্সৰ ' বাদশ্বাহ' আখ্যা শত্ৰুঘ্ন সিনহাৰ

তেওঁ কয় যে ধৰ্মেন্দ্ৰৰ সুন্দৰী নাৰীসকলৰ লগত ৰোমাঞ্চ কৰাৰ নিজা এক বিশেষ ষ্টাইল আছে।
ধৰ্মেন্দ্ৰক  প্ৰেম-ৰোমান্সৰ ' বাদশ্বাহ' আখ্যা শত্ৰুঘ্ন সিনহাৰ
Published on: 

অলপতে "দা কপিল শৰ্মা শ্ব'"ট আগমন ঘটে জেষ্ঠ অভিনেতা ধৰ্মেন্দ্ৰ আৰু শত্ৰুঘ্ন সিনহাৰ। দুয়ো বন্ধুৰ খুহুতীয়া কথা, ধেমালি, ৰং ৰহইচেৰে মুখৰিত হৈ পৰে শ্ব'টোৰ পৰিবেশ।

দুয়ো বন্ধুৰ কথাৰ জৰিয়তে প্ৰকাশ পায় দুয়োৰে মাজত থকা ভাতৃত্ববোধ। ৰসাল কথা-বতৰাৰ মাজতে দুয়োৱে নিজৰ সময়ৰ বহু কথাই দৰ্শকৰ আগত কয় । লগতে অভিনেতা শত্ৰুঘ্ন সিনহাই ধৰ্মেন্দ্ৰক সম্বোধন কৰিলে "ৰোমাঞ্চৰ বাদশ্বাহ" হিচাপে। তেওঁ কয় যে ধৰ্মেন্দ্ৰৰ সুন্দৰী নাৰীসকলৰ লগত ৰোমাঞ্চ কৰাৰ নিজা এক বিশেষ ষ্টাইল আছে।

নিজৰ কথা আৰু আগবঢ়াই বৰ্ষীয়ান   অভিনেতাগৰাকীয়ে আৰু কয় যে ধৰ্মেন্দ্র মাত্ৰ এগৰাকী নাৰীৰহে। কাৰণ এটা সময়ত তেওঁ মাত্ৰ এগৰাকী নাৰীকহে গুৰুত্ব দিয়ে। এই খুহুতীয়া বাৰ্তালাপ পৰা ধৰ্মেন্দ্ৰয়ো পিছ হুঁহকি নাহি শত্ৰুঘ্ন সিনহাক দুষ্ট বুলি কয়।

শ্ব' টোৰ পৰৱৰ্তী সময়ত কপিল শৰ্মাই দুয়োৰে ডেকা কালৰ কিছু ফটো দেখুৱায়  আৰু একে সময়তে ধৰ্মেন্দ্ৰই তেওঁলোকৰ সময়ৰ চুপাৰষ্টাৰ দিলীপ কুমাৰক সুঁৱৰি এটি কবিতা আওঁৰায়।  কবিতাটিৰ এটা ফাকি এনেধৰণৰঃ "চাকৰি কৰে, চাইকেলেৰে অহা যোৱা কৰে। চিনেমাৰ পোষ্টাৰসমূহত নিজৰ প্ৰতিবিম্ব দেখে। উৰে ৰাতি জাগি থাকে, নোহোৱা কিছুমান সপোন দেখে। পুৱা উঠি আইনাক সোধে, মই দিলীপ কুমাৰ হ'ব পাৰিম নে?"

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com