Begin typing your search above and press return to search.

শ্বেহনাজ গিলৰ ভাতৃ শ্বেহবাজে হাতৰ বাহুত অংকণ কৰালে সিদ্ধাৰ্থ শুক্লাৰ মুখৰ টাটু

সিদ্ধাৰ্থক শ্বেহনাজৰ ভাতৃ শ্বেহবাজ বিগ বছ ১৩ ত লগ পাইছিল আৰু দুয়ো ভাল বন্ধু হৈ পৰিছিল।

শ্বেহনাজ গিলৰ ভাতৃ শ্বেহবাজে  হাতৰ বাহুত অংকণ কৰালে সিদ্ধাৰ্থ শুক্লাৰ মুখৰ টাটু

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  18 Sep 2021 6:42 AM GMT

অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ অকাল মৃত্যুৱে তেওঁৰ পৰিয়ালক এতিয়াও শোকত ম্ৰিয়মান কৰি ৰাখিছে। উল্লেখ্যে যে টেলিভিছনৰ জনপ্ৰিয় অভিনেতাজনৰ ২ ছেপ্টেম্বৰৰ পুৱতি নিশা হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। সিদ্ধাৰ্থৰ প্ৰেমিকা শ্বেহনাজ গিলক কোনেও সান্ত্বনা দিব পৰা নাই। পাঞ্জাৱী অভিনেত্ৰীগৰাকীয়ে অভিনেতাজনৰ অন্তিম সংস্কাৰৰ সময়ত নিজকে চম্ভালিব পৰা নাছিল। সিদ্ধাৰ্থক শ্বেহনাজৰ ভাতৃ শ্বেহবাজ বিগ বছ ১৩ ত লগ পাইছিল আৰু দুয়ো ভাল বন্ধু হৈ পৰিছিল। শুক্ৰবাৰে শ্বেহবাজে ছ'চিয়েল মিডিয়াত এখন ফটো আপলোড কৰে। ফটোখনত দেখা গৈছে যে তেওঁ সিদ্ধাৰ্থৰ মুখ তেওঁৰ বাহুত টাটু কৰাইছে। তেওঁৰ ভগ্নীৰ নামৰ ঠিক ওপৰত।

শ্বেহনাজৰ ভাতৃ শ্বেহবাজে সিদ্ধাৰ্থ শুক্লাৰ বাবে এটা আন্তৰিকতাৰে লিখে যে পৰিয়াল আৰু বন্ধুবৰ্গই তেওঁক সদায় তেওঁলোকৰ স্মৃতিত জীয়াই ৰাখিব। তেওঁ এটা টুইটত কয়, "আপোনাৰ স্মৃতিবোৰ আপোনাৰ দৰেই বাস্তৱ হ'ব... আপুনি সদায় মোৰ সৈতে জীয়াই থাকিব।। আপুনি আমাৰ স্মৃতিত সদায় জীয়াই থাকিব"।


আৰু পঢিব পাৰেঃ বলিউডৰ ছবিত ভুমুকি তলিউডৰ জনপ্ৰিয় অভিনেতা নাগা চৈতন্যৰ

Next Story
চাকৰি