ডিঙিত প্ৰেমিকৰ নামেৰে টাটু অংকন কৰালে মডেল শিৱানী দান্দেকাৰে

নিজৰ ৪২সংখ্যক জন্মদিন উপলক্ষে মডেলগৰাকীয়ে এই উপহাৰ আগবঢ়াইছে তেওঁৰ প্ৰিয়জনলৈ।
ডিঙিত প্ৰেমিকৰ নামেৰে টাটু অংকন কৰালে মডেল শিৱানী দান্দেকাৰে
Published on

মডেল শিৱানি দান্দেকৰ আজি জীৱনৰ ৪২ সংখ্যক বছৰ পূৰ্ণ কৰে। জন্মদিনৰ বিশেষ হিচাপে তেওঁ প্ৰেমিক ফাৰহান আখটাৰৰ নাম নিজৰ ডিঙিত খোদিত কৰিছে। আৰু নিজৰ এই নতুন বিশেষ টাটু প্ৰদৰ্শন কৰি তেওঁ এখন ফটো শ্বেয়াৰ কৰিছে।

উক্ত ফটোত মডেলগৰাকীৰ মুখমণ্ডল স্পষ্টভাবে দেখিবলৈ পোৱা নাযায়। কাৰণ টাটুৰ এই ওপৰত গুৰুত্ব দি ফটোখন তোলা হৈছে। ফটোখনৰ লগতে তেওঁ লিখিছে " শ্ৰেষ্ঠজনে বনোৱা" আৰু ইয়াৰ লগতে সংলগ্ন কৰিছে হৃদয় চিহ্নৰ এটি সেউজীয়া ইমজী।

নিজৰ ৪২সংখ্যক জন্মদিন উপলক্ষে মডেলগৰাকীয়ে এই উপহাৰ আগবঢ়াইছে তেওঁৰ প্ৰিয়জনলৈ। আনহাতে, চলচিত্ৰ পৰিচালক ফাৰহান আখটাৰেও প্ৰেমিকা শিৱানীৰ সৈতে এখন ফটো শ্বেয়াৰ কৰি লিখিছে "মোৰ সম্পূৰ্ণ হৃদয়ৰ পৰা"।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com