মই ভুল কৰিছো, কিন্তু কোনো কথা নাইঃ শিল্পা শেট্টী

প'ষ্টটোত তেওঁ লিখিছে, " ভুল হৈছে এজন লোকৰ। তেওঁ গোটেই জীৱন ইয়াৰ পৰিণাম ভোগ কৰিব।"
মই ভুল কৰিছো, কিন্তু কোনো কথা নাইঃ শিল্পা শেট্টী
Published on


যোৱা বৃহস্পতিবাৰে অভিনেত্ৰী শিল্পা শেট্টীয়ে ইনষ্টাগ্ৰামত বিশ্ববিখ্যাত অভিনেত্ৰী ছ'ফিয়া ল'ৰেনৰ এখন গ্ৰন্থৰ এটি পৃষ্ঠাৰ ফটো শ্বেয়াৰ কৰে। প'ষ্টটোত তেওঁ লিখিছে, " ভুল হৈছে এজন লোকৰ। তেওঁ গোটেই জীৱন ইয়াৰ পৰিণাম ভোগ কৰিব।"

তেওঁ এই বিষয়ে অধিক কয়, " আমি জীৱনত অনেক ভুল কৰো। আমি মাত্ৰ আশা কৰোঁ যে সেই ভুলবোৰ বিপদজনক নহওঁক আৰু সেই ভুলে যাতে আনক কষ্ট নিদিয়ে। কিন্তু ভুল সদাই থাকিব"।

ইয়াৰ লগতে অভিনেত্ৰীগৰাকীয়ে আৰু কয়, " ভুল সেইসমূহ কথাৰ মাজত পৰে, যিবোৰ আমি সময়ৰ লগত পাহৰি যাওঁ বা ই আমাৰ সবাতোকৈ বেছি আনন্দিত, কঠোৰ অভিজ্ঞতা। কিন্তু এইয়া সেই ভুলৰ বাবে নহয় সেইয়া আমি তাৰ পৰা লাভ কৰা শিক্ষাৰ বাবে"।

লক্ষ্যণীভাবে তেওঁ লগতে কয়, " মই ভুল কৰি যাম। আৰু নিজকে ইয়াৰ বাবে ক্ষমা কৰিম আৰু ইয়াৰ পৰা শিক্ষা আহৰণ কৰিম"।

অভিনেত্ৰীগৰাকীয়ে পুনৰ কয়, "মই ভুল কৰিছো কিন্তু কোনো কথা নাই"।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com