Begin typing your search above and press return to search.

দৃশ্যগ্ৰহণৰ দিন পিছুৱালে শ্বাহৰুখ-দীপিকাৰ "পাঠান"ৰ

সম্প্ৰতি এই পৰিকল্পনাত নাটকীয় পৰিৱৰ্তন ঘটালে অভিনেতা শ্বাহৰুখৰ পুত্ৰ আৰয়ানৰ প্ৰেপ্তাৰে।

দৃশ্যগ্ৰহণৰ দিন পিছুৱালে শ্বাহৰুখ-দীপিকাৰ পাঠানৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  6 Oct 2021 9:57 AM GMT

শেহতীয়া খবৰ অনুসৰি ১০ অক্টোবৰৰ পৰা চিত্ৰগ্ৰহণ হোৱাৰ কথা আছিল শ্বাহৰুখ খান আৰু দীপিকা পাড়ুকন অভিনীত ছবি "পাঠান"-ৰ। পৰিকল্পনা অনুসৰি এই সপ্তাহত ছবিখনৰ চিত্ৰগ্ৰহণৰ বাবে ছবিখনৰ সকলো কলা-কুশলীয়ে স্পেইনলৈ উৰা মৰাৰ কথা আছিল। য'ত ক্ৰমে ৰোমান্টিক আৰু এক্সন দৃশ্যৰ চিত্ৰগ্ৰহণ কৰাৰ কথা আছিল।

সম্প্ৰতি এই পৰিকল্পনাত নাটকীয় পৰিৱৰ্তন ঘটালে অভিনেতা শ্বাহৰুখৰ পুত্ৰ আৰয়ানৰ প্ৰেপ্তাৰে। যাৰ পৰৱৰ্তী শুনানীৰ দিন ধাৰ্য কৰা হৈছে এই মাহৰ ৭ তাৰিখে।

যিহেতু এই সমস্যাৰ লগে লগে শ্বাহৰুখ ব্যস্ত হৈ পৰিছে নিজ পৰিয়ালৰ সৈতে। সেয়ে ছবিখনৰ নিৰ্মাতাই অৱশেষত ছবিখনৰ চিত্ৰগ্ৰহণৰ দিন পুনৰ ঠাৱৰ কৰা হ'ব বুলি জানিবলৈ দিছে।

সিদ্ধাৰ্থ আনন্দ নিৰ্মিত এই ছবিত শ্বাহৰুখ আৰু দীপিকা পাদুকণৰ উপৰিও দেখিবলৈ পোৱা যাব অভিনেতা জন আব্ৰাহমক এটি গুৰুত্বপূৰ্ণ ভূমিকাত।


আৰু পঢ়িব পাৰেঃ আৰয়ান খানৰ পৰা কংগনা-ৰণবীৰ কাপুৰলৈঃ বলিউডৰ ড্ৰাগছ আসক্ত তাৰকা

Next Story
চাকৰি