Begin typing your search above and press return to search.

অধিক উজলি উঠিছে দক্ষিণৰ ছবি তাৰকা ধনঞ্জয়

অচিৰেই মুক্তি পাবলগীয়া ছবি "পুষ্পা : দা ৰাইজ" অভিনেতা গৰাকীৰ কেৰিয়াৰৰ এখন মহত্বপূৰ্ণ ছবি হ'ব বুলি আশা কৰা হৈছে।

অধিক উজলি উঠিছে দক্ষিণৰ ছবি তাৰকা ধনঞ্জয়

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2021-10-21T17:37:44+05:30


বৈচিত্ৰময় ভিন্ন চৰিত্ৰক জীৱন্ত ৰূপ দি দক্ষিণ ছবিজগতত নতুন অভিলেখ গঢ়িবলৈ আগ বাঢ়িছে ২০১৮চনত "ভৈৰৱা গীতা" নামৰ ছবিৰে চলচ্চিত্ৰ জগতত ভৰি দিয়া সুদক্ষ অভিনেতা ধনঞ্জয়ে। অচিৰেই মুক্তি পাবলগীয়া ছবি "পুষ্পা : দা ৰাইজ" নামৰ ছবি খনি অভিনেতা গৰাকীৰ কেৰিয়াৰৰ এখন মহত্বপূৰ্ণ ছবি হিচাপে পৰিগণিত হ'ব বুলি আশা প্ৰকাশ কৰা হৈছে।

ধনঞ্জয়ৰ বিশ্বাস দৰ্শকে ছবিখনত তেওঁ ৰূপায়ন কৰা চৰিত্ৰটোক আঁকোৱালি ল'ব, "ছবিখনত মই এগৰাকী প্ৰতিনায়ক চৰিত্ৰ ৰূপায়ণ কৰিম। আশাকৰোঁ দৰ্শকে মোৰ চৰিত্ৰটি ভাল পাব, মোৰ অভিনয়ৰ প্ৰসংশা কৰিব"।

নিজৰ অভিজ্ঞতাৰ বিষয়ে অভিনেতাগৰাকীয়ে কয়, "আল্লো অৰ্জুন এগৰাকী নিখুঁত অভিনেতা। প্ৰতিটো দৃশ্যই তেওঁ নিখুঁত হোৱাটো বিচাৰে। তেওঁলোকৰ সৈতে প্ৰত্যেক দিনেই আছিল আমোদজনক। চিত্ৰগ্ৰহণৰ প্ৰত্যেকটো দিন মোৰ বাবে চিৰস্মৰণীয়। এতিয়া মাত্ৰ দৰ্শকৰ সৈতে ছবি গৃহত ছবিখন উপভোগ কৰিবলৈ ৰৈ আছোঁ"।

পুষ্পা ছবিখন দুটা পৃষ্ঠা জোৰা এখনি ছবি। ইয়াৰ প্ৰথম পৃষ্ঠা হৈছে, "পুষ্পা : দা ৰাইজ" যি এই বছৰৰ ১৭ডিচেম্বৰ তাৰিখে মুকলি হবলৈ গৈ আছে । ছবিখনৰ জৰিয়তে তামিল ছবিজগতত খোজ দিব অভিনেতা ফাহাধে। ছবিখনত কিছু গুৰুত্বপূৰ্ণ ভূমিকা আদায় কৰিব ৰস্মিকা মন্দনা, জগপথি বাবু, প্ৰকাশ ৰাজ আৰু সুনিলে।


আৰু পঢ়িব পাৰেঃ চাফ- চিকুণতাৰ প্ৰতি অতি সক্ৰিয় অভিনেতা অজয় দেৱ্গান

Next Story