সুশান্ত-ছাৰাৰ প্ৰেম নিৰ্মল-নিভাঁজ আছিলঃ ছেমুৱেল হাওকিপ
সুশান্তৰ বন্ধু ছেমুৱেলে ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰিছে সুশান্ত আৰু ছাৰাৰ গভীৰ প্ৰেমৰ এক তথ্য।

বলিউদৰ অন্যতম দুৰ্ভগীয়া নায়ক সুশান্ত সিং ৰাজপুতৰ জীৱনৰ আন এক অধ্যায় পোহৰলৈ আহিছে। প্ৰয়াত সুশান্তৰ অন্যতম ঘনিষ্ঠ বন্ধু ছেমুৱেল হাওকিপে সামাজিক মাধ্যমত মন্তব্য কৰিছে যে ছাৰা আলী খানৰ সৈতে সুশান্তৰ প্ৰেম গভীৰ, নিৰ্মল আৰু নিভাঁজ আছিল। উল্লেখ্য যে বুধবাৰে উচ্চতম ন্যায়ালয়ে সুশান্তৰ আত্মহত্যাৰ ঘটনাৰ তদন্তৰ দায়িত্ব কেন্দ্ৰীয় অনুসন্ধান সংস্থা চি বি আইলৈ হস্তান্তৰ কৰে। ন্যায়ালয়ৰ এই ৰায়ক লৈ উৎফুল্লিত সুশান্তৰ অগণন অনুৰাগী।
তদুপৰি বলীউদৰ একাংশয়ো এই ৰায়ক সন্মান জনাইছে। সম্প্ৰতি সুশান্তৰ বন্ধু ছেমুৱেলে ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰিছে সুশান্ত আৰু ছাৰাৰ গভীৰ প্ৰেমৰ এক তথ্য।ইনষ্টাগ্ৰাম পোষ্টত ছেমুৱেলে লিখিছে, 'ছাৰা আলী খান আৰু সুশান্ত সিং ৰাজপুত প্ৰেমত পৰিছিল। মোৰ মনত আছে, কেডাৰনাথৰ প্ৰমোচনৰ সময়ত তেওঁলোক দুয়ো কিদৰে প্ৰেমত হাবুডুবু খাইছিল। দুয়োৱে পৰস্পৰৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিছিল। তেওঁলোকৰ প্ৰেম খুব নিভাঁজ আৰু খুব সুন্দৰ আছিল।'