ৰিয়াৰে সম্পৰ্কৰ পাছত বন্ধুবৰ্গৰ পৰা আঁতৰিছিল সুশান্ত !
তেওঁ ২০১৯ৰ ৫ এপ্ৰিলত অন্তিমবাৰৰ বাবে সুশান্তক লগ পাইছিল।

বলিউডৰ সুদৰ্শন অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ ঘটনা সম্পৰ্কত নিতৌ ন ন তথ্য পোহৰলৈ আহি আছে। সম্প্ৰতি তেওঁৰ এগৰাকী বান্ধৱী কৃচ্ছান বাৰেট্টোৱে প্ৰকাশ কৰা অনুসৰি যোৱা বছৰ সুশান্তই ৰিয়া চক্ৰৱৰ্তীৰ সৈতে সম্পৰ্ক গঢ়ি তোলে। তাৰ পাছৰে পৰা তেওঁ পুৰণি বন্ধুবৰ্গৰ পৰা আঁতৰি থাকিবলৈ লয়। বাৰেট্টৱে সাংবাদিকক কয় যে সুশান্ত আৰু তেওঁৰ মাজত গভীৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছিল। ২০১৮-ৰ ছেপ্টেম্বৰৰ পৰা ২০১৯ৰ এপ্ৰিললৈ দুয়োৰে মাজৰ এই সম্পৰ্ক অটুট আছিল।
সুশান্তৰ এটা বন্ধু মহল আছিল। এই বন্ধুমহলে তেওঁক আবৃত কৰি ৰাখিছিল। কিন্তু বান্ধৱীগৰাকীয়ে সুশান্তৰ এই বন্ধুমহলৰ আনসকলৰ নাম প্ৰকাশৰ পৰা বিৰত থাকে। বলিউডৰ চিনে উদ্যোগৰ প্ৰভাৱশালীৰ ৰোষত পৰাৰ ভয়ত আনসকল বন্ধুৱে কথা ক'ব বিচৰা নাই বুলি বাৰেট্টোৱে জনায়। বাৰেট্টোৱে লগতে কয় যে তেওঁ ২০১৯ৰ ৫ এপ্ৰিলত অন্তিমবাৰৰ বাবে সুশান্তক লগ পাইছিল।উল্লেখ্য যে সুশান্তৰ পৰিয়ালে তেওঁৰ প্ৰেমিকা ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।