Begin typing your search above and press return to search.

নতুন হিন্দী ছবি "তড়প"ঃ মুক্তি আৰু অন্যান্য তথ্য

ছবিখনৰ মুক্তিৰ দিন অহা ৩ ডিচেম্বৰ,২০২১ ধাৰ্য কৰা হৈছে।

নতুন হিন্দী ছবি তড়পঃ মুক্তি আৰু অন্যান্য তথ্য

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  28 Oct 2021 9:04 AM GMT


মিলান লুথাৰিয়া নিৰ্দেশিত নতুন হিন্দী ছবি "তড়প" ৰোমাঞ্চ আৰু এক্সনেৰে ভৰপূৰ এখনি মনোৰঞ্জনদায়ক ছবি। এই ছবিৰ চিত্ৰনাট্য ৰজত অৰোৰা লিখিত আৰু সাজিদনাদিয়াৱালা প্ৰযোজিত তেলুগু ভাষাৰ ছবি "RX ১০০"ৰ হিন্দী সংস্কৰণ। ছবিখনৰ মুক্তিৰ দিন অহা ৩ ডিচেম্বৰ,২০২১ ধাৰ্য কৰা হৈছে।

ছবিখনৰ মুখ্য চৰিত্ৰত দেখিবলৈ পোৱা যাব জনপ্ৰিয় অভিনেতা সুনীল শেট্টীৰ পুত্ৰ আহান শেট্টী আৰু তাৰা সুতাৰিয়াক। ছবিখনৰ জৰিয়তে অভিনয় জগতত খোজ দিব আহানে। ছবিখনে তেওঁৰ অভিনয় জীৱনত গুৰুত্বপূৰ্ণ ভূমিকা লব বুলি আশা কৰা হৈছে।

ছবিখনৰ ট্ৰেইলাৰ:

২৭অক্টোবৰত ইণ্টাৰনেটত সম্প্ৰচাৰ পায় ছবিখনৰ প্ৰথমটি ট্ৰেইলাৰ। ট্ৰেইলাৰ টোৱে বৰ্তমান সময়লৈকে বহুত ইতিবাচক সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে। ছবিখনৰ ট্ৰেইলাৰটিত ইয়াৰ সমান্তৰাল শ্বাহিদ কাপুৰ অভিনীত "কবিৰ সিং"ৰ সৈতে দেখিবলৈ পোৱা যায়। ট্ৰেইলাৰত দেখিবলৈ পোৱা যায় তাৰাৰ (ৰচিমা) প্ৰেমত মাতাল, সুৰামগ্ন আহানক (ঈশানা), আৰক্ষী কৰ্মীৰ সৈতে মাৰপিট কৰা দেখিবলৈ পোৱা যায়। অনুৰাগী সকলে ত্ৰেইলাৰটোক কবিৰ সিংৰ বাপেক ৰূপে আখ্যান দিছে। ছবিখনৰ কাহিনী আধাৰিত দুয়োৰে প্ৰেম কাহিনী আৰু এই প্ৰেমৰ মাজত সন্মুখীন হোৱা বাধা- বিঘিনীৰ ওপৰত।

ইণ্টাৰনেট জগতত বৰ্তমান ছবিখনে দৰ্শক সকলৰ পৰা অভূতপূৰ্ব সঁহাৰি পাবলৈ সক্ষম হৈছে। ট্ৰেইলাৰ যোগে দেখিবলৈ পোৱা গৈছে দুয়ো গৰাকী অভিনেতাৰ দুৰ্দান্ত অভিনয়। তদুপৰি ছবিখনত দেখিবলৈ পোৱা যাব বহুতো ন - পুৰণি অভিনেতা যেনে ৰিতেশ দেশমুখ, মোহন লাল, অমিতাভ বচ্চন, গুৰ্ডাছ মান আদি।

আৰু পঢ়িব পাৰেঃ বিকি কৌশলৰে সম্পৰ্কৰ সন্দৰ্ভত অৱশেষত মুখ খুলিলে কেটৰিনা কাইফে

Next Story
চাকৰি