Begin typing your search above and press return to search.

কোনে কিয় "য়ে ৰিস্তা"ৰ নাইৰাৰ চৰিত্ৰত অভিনয়ৰ প্ৰস্তাৱ নাকচ কৰিছিল!

কে'বাগৰাকী অভিনেত্ৰীৰ মাজত কেৱল শিৱাংগীয়েহে নাইৰাৰ চৰিত্ৰটোত অভিনয় কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল ৷

কোনে  কিয় য়ে ৰিস্তাৰ নাইৰাৰ চৰিত্ৰত অভিনয়ৰ প্ৰস্তাৱ নাকচ কৰিছিল!

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 Jun 2021 11:19 AM GMT

পাৰিবাৰিক কাহিনীৰে নিৰ্মিত ধাৰাবাহিক হ'ল ষ্টাৰ প্লাছ চেনেলত সম্প্ৰচাৰিত "য়ে ৰিস্তা ক্যা কেহলাতা হে"। ২০০৯ চনত হিনা খান আৰু কৰণ মেহৰাই অক্ষৰা আৰু নীতিক সিংঘানিয়াৰ চৰিত্ৰত অভিনয় কৰি আৰম্ভ কৰিছিল জনপ্ৰিয় ধাৰাবাহিকখন। ধাৰাবাহিক খনত সম্প্ৰতি নাইৰা আৰু কাৰ্তিক গোয়েঙ্কা হিচাপে মুখ্য চৰিত্ৰত অভিনয় কৰিছে শিৱাংগী যোশী আৰু মহছিন খানে । কিন্তু আপুনি জানেনে, কে'বাগৰাকী অভিনেত্ৰীৰ মাজত কেৱল শিৱাংগীয়েহে নাইৰাৰ চৰিত্ৰটোত অভিনয় কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল ৷ টেলিভিছনত জনপ্ৰিয় কে'বাখনো চিনাকি মুখ চানায়া ইৰাণীৰ পৰা টিনা দত্ত, দীগংগনা সূৰ্যবংশী আৰু আন কে'বাগৰাকী অভিনেত্ৰীলৈ, কোনোৱেই "য়ে ৰিস্তা ক্যা কেহলাতা হে"ত নাইৰাৰ চৰিত্ৰত অভিনয় কৰিবলৈ আগ্ৰহী নাছিল । কিন্তু কিয় ? জানিবলৈ পঢ়ক সবিশেষঃ-

চানায়া ইৰাণী:

চানায়া ইৰাণীয়ে "মিলে জব হম তুম, ইছ প্যাৰ ক' ক্যা নাম দু" ৰ দৰে জনপ্ৰিয় ধাৰাবাহিকত নিজ প্ৰতিভাৰে দৰ্শকৰ হৃদয় জয় কৰিছিল । আনহাতে, কেৱল দৰ্শকসকলেই চানায়াৰ অভিনয়ৰ দ্বাৰা প্ৰভাৱিত হোৱাই নহয়, য়ে ৰিস্তা ক্যা কেহলাতা হে'ৰ নিৰ্মাতাসকলেও নাইৰাৰ চৰিত্ৰটিৰ বাবে তেওঁৰ কাষ চাপিছিল । কিন্তু অভিনেত্ৰীগৰাকীয়ে সেই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিল । কিয়নো অভিনেত্ৰীগৰাকীয়ে স্পষ্টভাৱে হিনা খানৰ দ্বিতীয় মহিলা মুখ্য চৰিত্ৰত অভিনয় কৰিব বিচাৰা নাছিল ।

টিনা দত্ত :

আন এখন জনপ্ৰিয় ধাৰাবাহিক "উত্তৰণ"ত ইচাৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ হৃদয় জয় কৰা টিনা দত্তও ষ্টাৰ প্লাছত নাইৰা গোয়েঙ্কাৰ চৰিত্ৰত অভিনয় কৰিবলৈ য়ে ৰিস্তা ক্যা কেহলাতা হে"ৰ নিৰ্মাতাসকলৰ পছন্দৰ ভিতৰত আছিল । আনহাতে , টিনাক য়ে ৰিস্তা ক্যা কেহলাতা হেত নাইৰাৰ চৰিত্ৰৰ প্ৰস্তাৱ দিয়া হৈছিল, কিন্তু এই প্ৰস্তাৱ তেওঁ প্ৰত্যাখ্যান কৰিছিল, কিয়নো তেওঁ হিট কালাৰ্ছ শ্ব'ৰ পিছত পাৰিবাৰিক ধাৰাবাহিকত অভিনয় কৰিবলৈ বিচৰা নাছিল ৷

দীগংগনা সূৰ্যবংশী:

দীগংগনা সূৰ্যবংশী ঘৰুৱা নাম হৈ পৰিছিল বীৰা , যেতিয়া তেওঁ ষ্টাৰ প্লাছৰ "Ek Veer ki Ardaas " ধাৰাবাহিকত বীৰা নামৰ চৰিত্ৰত অভিনয় কৰিছিল । খবৰ অনুসৰি দীগংগনাকো য়ে ৰিস্তা ক্যা কেহলাতা হেত নাইৰাৰ চৰিত্ৰত অভিনয় কৰিবলৈ যোগাযোগ কৰা হৈছিল, কিন্তু তেওঁ বলীউডৰ কেৰিয়াৰত মনোনিবেশ কৰিব বিচৰাৰ বাবে প্ৰস্তাৱ অস্বীকাৰ কৰিছিল । ইয়াৰ পিছতে দীগংগনাই বিগ বছ ৯ ত অংশগ্ৰহণ কৰি ফ্ৰাইডে, জালেবি আৰু ডি বেটেল অৱ ভীমা কোৰেগাঁৱকে ধৰি কেইখনমান বলিউদৰ ছবিত অভিনয় কৰে ।

ঈশিতা দত্ত শেঠ:

ষ্টাৰ প্লাছৰ আন এখন জনপ্ৰিয় ধাৰাবাহিক "Ek Ghar Banaunga"ত পুনমৰ চৰিত্ৰৰ বাবে খ্যাতি অৰ্জন কৰা ঈশিতা দত্ত শেঠকো য়ে ৰিস্তা ক্যা কেহলাতা হেৰ নিৰ্মাতাসকলে যোগাযোগ কৰিছিল। ঈশিতাই এই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিল, কিন্তু ইয়াৰ আঁৰৰ কাৰণ এতিয়াও অজ্ঞাত হৈ আছে ।

ৰূপল ত্যাগী:

তালিকাৰ অন্তিমটো নাম হৈছে ৰূপল ত্যাগী। "Hamari Ek Nayi Chhoti Si Zindagi" আৰু "Sapne Suhane Ladakpan Ke" দৰে জনপ্ৰিয় ধাৰাবাহিকত অভিনয় কৰা অভিনেত্ৰীগৰাকীয়ে নাইৰাৰ চৰিত্ৰটিত অভিনয় কৰিবলৈ আগ্ৰহ দেখুৱাইছিল বুলি জানিব পৰা গৈছে। কিন্তু ৰূপলৰ দেহৰ ওজনৰ বাবে চৰিত্ৰটোৰ বাবে তেওঁক লোৱা নহ'ল । আনহাতে, ৰূপল বৰ্তমানে কালাৰ্ছৰ "Shakti – Astitva Ke Ehsaas Ki"ত অভিনয় কৰিছে । কোনগৰাকী অভিনেত্ৰীয়ে বাৰু য়ে ৰিস্তা ক্যা কেহলাতা হেত নাইৰা গোয়েঙ্কাৰ চৰিত্ৰত অভিনয়ৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাটো আটাইতকৈ আচৰিত সিদ্ধান্ত আছিল? এই সন্দৰ্ভত আপুনি আপোনাৰ মতামত আমাৰ সৈতে ভাগ-বাটোৱাৰা কৰিব পাৰে ।

Next Story
চাকৰি