Begin typing your search above and press return to search.

দুডাল টিকনিৰ কথাৰে

দুডাল টিকনিৰে চুলিক নতুন ষ্টাইল দি সকলোকে আশ্বৰ্য্যচকিত কৰিলে অভিনেতা ৰণবীৰ সিঙে।

দুডাল টিকনিৰ কথাৰে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  10 Sep 2021 9:43 AM GMT

যোৱা বুধবাৰে আটকধুনীয়া চুট - পেণ্ট আৰু দুডাল টিকনিৰে এক নতুন ষ্টাইলত হাইদৰাব্বাদত উপস্থিত হ'ল অভিনেতা ৰণবীৰ সিং। অনুষ্ঠানটো আছিল ৰাম চৰণ আৰু কিয়াৰা আদভানি অভিনীত এছ এছ শংকৰৰ তামিল ছবি "অন্নিয়ান"ৰ হিন্দী ৰূপাঙ্কণৰ উন্মোচনী সভা। এই ছবিৰ নামকৰণ কৰা হৈছে "এছ ভি চি ৫০"। এই ছবিত নিৰ্মাতা এছ এছ শংকৰৰ সৈতে সহযোগিতা কৰিছে অভিনেতা ৰণবীৰ সিঙে, আৰু সেই হেতুকে উন্মোচনী সভাত উপস্থিত হয়গৈ অভিনেতা গৰাকী। দক্ষিণৰ জনপ্ৰিয় চলচিত্ৰ নিৰ্মাতা এছ এছ ৰাজামৌলি আৰু চিৰঞ্জীৱীও এই উন্মোচন অনুষ্ঠানৰ বাবে উপস্থিত হয় অন্নপুৰ্ণা ষ্টুডিঅ'ট।

পিছে এই সকলোকে চেৰ পেলাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে অভিনেতা ৰণবীৰ সিংৰ চুটৰ মাজেৰে প্ৰত্যক্ষ হোৱা উন্মুক্ত বুকু আৰু তেওঁৰ সুকীয়া হেয়াৰ ষ্টাইলে। ইণ্টাৰনেটত অভিনেতা জনৰ ফটো প্ৰকাশ পোৱাৰ পৰা বিভিন্ন জনে নানান খুহুতীয়া মন্তব্যৰ হাঁহিৰ খোৰাক তুলিছে। কিছু লোকৰ মতে এই ষ্টাইলৰ সাদৃশ্য মূর্গীৰ সৈতে আৰু আন কিছুৰ বাবে ই দুজোপা নৰিকলৰ গছ।

আৰু পঢ়িব পাৰেঃ প্ৰিয়ংকা চোপ্ৰা কিমান ধনী? মেট্ৰিক্স ৪ তাৰকাৰ মুঠ মূল্য জানক

Next Story
চাকৰি