Begin typing your search above and press return to search.

২৫ ছেপ্টেম্বৰত মুম্বাই লৈ ঘূৰিব অভিনেতা চলমান খান আৰু কেটৰিনা কাইফ

অষ্ট্ৰিয়াত "টাইগাৰ ৩"ৰ চিত্ৰগ্ৰহণ সমাপ্ত কৰি পৰিৱৰ্তী দৃশ্যৰ কামৰ বাবে ২৫ ছেপ্টেম্বৰত মুম্বাই লৈ ঘূৰি আহিব অভিনেতা চলমান খান আৰু কেটৰিনা কাইফ।

২৫ ছেপ্টেম্বৰত মুম্বাই লৈ ঘূৰিব অভিনেতা চলমান খান আৰু কেটৰিনা কাইফ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  14 Sep 2021 9:50 AM GMT

বাতৰিৰ মতে, দুয়ো অভিনেতাই তুস্কৰ আৰু ৰাছিয়াত চিত্ৰগ্ৰহণৰ কাম সমাপণ কৰাৰ পাছত, অষ্ট্ৰিয়া অভিমুখে ৰাওনা হয় আৰু তাত মুঠ দহদিনৰ বাবে চিত্ৰগ্ৰহণ কৰি অহা ২৫ ছেপ্টেম্বৰ তাৰিখে মুম্বাই লৈ ঘূৰি আহিব। খবৰ অনুসৰি, বৰ্তমান দলটি চালছ্বুৰ্গত আছে আৰু তাৰ পৰাই ভিয়েনা অভিমুখে ৰাওনা হ'ব। আকাংক্ষিত ভাৱে ইয়ে হ'ব ছবিখনৰ অন্তিমটো আন্তৰাষ্টীয় যাত্ৰা য'ত সকলো এক্সন আৰু গীতৰ চিত্ৰগ্ৰহণৰ কাম শেষ কৰা হ'ব ।

অহা ২৫ ছেপ্তেম্বৰ তাৰিখে অভিনেতা দুগৰাকী মুম্বাইলৈ ঘূৰি আহিব বুলি ধাৰ্য্য কৰা হৈছে, আৰু মুম্বাইতে ছবিখনৰ বাকী পৰবৰ্তী অংশ সমূহৰ চিত্ৰগ্ৰহণ কৰা হ'ব। এই দুয়ো অভিনেতাৰ উপৰি ছবিখনত দেখিবলৈ পোৱা যাব জনপ্ৰিয় অভিনেতা ইমৰান হাস্মিক। খবৰ অনুসৰি অভিনেতা গৰাকীক দেখিবলৈ পোৱা যাব এজন ISI এজেণ্টৰ চৰিত্ৰত ।

আৰু পঢ়িব পাৰেঃ ৰণবীৰ, দীপিকাৰ নতুন ঘৰ

Next Story
চাকৰি