Begin typing your search above and press return to search.

মাকক ঘৰ উপহাৰ দিয়াৰ সপোন পূৰণ কৰিলে টাইগাৰ শ্ৰফে

চলচ্চিত্ৰ জগতত ভৰি দিয়াৰে পৰা টাইগাৰে মাকক নিজ উপাৰ্জনেৰে এটি ঘৰ উপহাৰ দিয়াৰ সপোন দেখিছিল

মাকক ঘৰ উপহাৰ দিয়াৰ সপোন পূৰণ কৰিলে টাইগাৰ শ্ৰফে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 Sep 2021 8:57 AM GMT

শেহতীয়াভাৱে অভিনেতা টাইগাৰ শ্ৰফে এটি ৮টা কোঠালীযুক্ত ঘৰ ক্ৰয় কৰিছে । শ্ৰফ পৰিয়াল সম্প্ৰতি এই নতুন ঘৰলৈ স্থানান্তৰ হৈছে। এই সম্পৰ্কত টাইগাৰৰ পিতৃ অভিনেতা জেকি শ্ৰফে জনায় যে নতুন ঘৰ ক্ৰয়ৰ এটা সপোন আছিল টাইগাৰৰ। চলচ্চিত্ৰ জগতত ভৰি দিয়াৰে পৰা টাইগাৰে মাকক নিজ উপাৰ্জনেৰে এটি ঘৰ উপহাৰ দিয়াৰ সপোন দেখিছিল আৰু এই সপোনকে দিঠকৰ ৰূপ দিবলৈ তেওঁ দিন-ৰাতি একাকাৰ কৰি পৰিশ্ৰম কৰিছিল। লগতে তেওঁ জনায় যে টাইগাৰ অতি অমায়িক আৰু আবেগিক ব্যক্তিত্বৰ।

এই নতুন ঘৰৰ ঠিকনা তেওঁলোকৰ পুৰণি ঘৰৰ সমীপতে। অভিনেতাগৰাকীৰ ভগ্নী কৃষ্ণা শ্রফে জনায় যে এই ঘৰৰ অভ্যন্তৰ আয়েশা শ্ৰফ আৰু অভিনেতা জন আব্ৰাহামৰ ভ্ৰাতৃৰ তদাৰকত নিৰ্মাণ কৰা হৈছে। তেওঁ আৰু কয় যে যোৱা প্ৰায় ২/৩ মাহ তেওঁলোকৰ মাতৃ অতি ব্যস্ত আছিল। তেওঁ দিন-ৰাতি একাকাৰ কৰি এই নতুন ঘৰটো সজাইছিল। আৰু হঠাতে এদিন কৈছিল যে নিজৰ সকলো বস্তু বাহিনী সামৰি সকলো এই নতুন ঘৰলৈ আহিব লাগে। আৰু সেইমতেই ততাতয়াকৈ সকলোৱে নিজ বস্তু সহ নতুন ঘৰত উপস্থিত হৈছিল । এতিয়া ইয়াত সকলোৱে প্ৰতিটো পল অতি আনন্দেৰে পাৰ কৰিছে। তেওঁ কয় যে তেওঁৰ ভাতৃয়ে নিজাকৈ এটি সম্পত্তি ক্ৰয় কৰিছে । এই কথা ভাবি তেওঁ আৱেগিক হৈ পৰে।

Next Story
চাকৰি