Begin typing your search above and press return to search.

বৰুণ ধাৱনৰ নতুন ছবি " ভেডিয়ে"ৰ প'ষ্টাৰ মুকলি

এই ছবিয়ে অহা বছৰৰ ২৫ নৱেম্বৰত মুক্তি পাব ৷ ছবিখন পৰিচালনা কৰিছে অমৰ কৌশিকে আৰু প্ৰযোজনা কৰিছে দীনেশ ৱিজানে।

বৰুণ ধাৱনৰ নতুন ছবি  ভেডিয়েৰ পষ্টাৰ মুকলি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 Nov 2021 11:25 AM GMT

জনপ্ৰিয় অভিনেতা বৰুণ ধাৱনৰ নতুন ছবি " ভেডিয়ে"ৰ প'ষ্টাৰ মুকলি কৰা হৈছে ৷ ছবি ভৌতিক হাস্ৰ্যৰসেৰে পূৰ্ণ কাহিনীৰ এই ছবিৰ পোষ্টাৰ আজি প্ৰকাশ কৰা হয়। এই ছবিয়ে অহা বছৰৰ ২৫ নৱেম্বৰত মুক্তি পাব ৷ ছবিখন পৰিচালনা কৰিছে অমৰ কৌশিকে আৰু প্ৰযোজনা কৰিছে দীনেশ ৱিজানে। ৷ ছবিখনৰ পোষ্টাৰ চাই ইয়াৰ কাহিনীৰ লগত ২০১৮ত মুক্তি লাভ কৰা এখন তামিল থ্ৰিলাৰ ছবিৰ সাদৃশ্য আছে বুলি ধাৰণা কৰা হৈছে।

ভিদায়েৰ এই পোষ্টাৰ প্ৰকাশৰ লগে ছবিখন তথা অভিনেতা বৰুণ ধাৱনৰ প্ৰতি বহুতৰে আগ্ৰহ বৃদ্ধি পাইছে। ছবিখন যে ভৌতিক কাহিনীৰ ছবি, সেয়া ইয়াৰ পোষ্টাৰ চায়ে অনুমান কৰিব পাৰি। ছবিখনত বৰুণৰ বিপৰীতে অভিনয় কৰিছে কীৰ্তি ছাননে। ছবিখনত জান্ভী কাপুৰ আৰু ফ্লোৰা ছাইনীয়েও ভুমুকি মাৰিব।


আৰু পঢ়িব পাৰেঃ এতিয়াৰ পৰা কেৱল অসমৰ বাসিন্দাসকলেহে APSC আৰু ACS ৰ বাবে আবেদন কৰিব পাৰিব: মুখ্যমন্ত্ৰী,অসম

Next Story