বীৰাংগনা দূৰ্গাৱতী দেৱীৰ জীৱনৰ আধাৰত ছবি নিৰ্মাণ কৰিব বিষ্ণু বৰ্ধনে

ইয়াৰে প্ৰথম ছবিখনৰ নাম ৰখা হ'ব "বীৰাংগণা দুৰ্গাৱতি দেৱী"
বীৰাংগনা দূৰ্গাৱতী দেৱীৰ জীৱনৰ আধাৰত ছবি নিৰ্মাণ কৰিব বিষ্ণু বৰ্ধনে
Published on

কবিৰ খানৰ "৮৩" আৰু কংগনা ৰানাৱাতৰ "থালাইভি" ছবিৰ প্ৰযোজক বিষ্ণু বৰ্ধন ইন্দুৰীয়ে  ৰাণী দুৰ্গাৱতী দেৱীৰ জীৱন আধাৰিত এখন চলচিত্ৰ নিৰ্মাণৰ পৰিকল্পনা কৰিছে।  এই কথা তেওঁ সদৰী কৰিছে।   ছবিখন "আজাদ হিন্দ"ক  প্ৰতিফলিত কৰাৰ পৰিকল্পনা কৰিছে পৰিচালকে। ইয়াৰ নিৰ্মাণৰ কাম অহা বছৰৰ পৰা আৰম্ভ হ'ব বুলি ইন্দুৰীয়ে জানিবলৈ দিছে।

উল্লেখ্য যে প্ৰযোজক ইন্দুৰীয়ে প্ৰতিবছৰে একোজন মুক্তিযুঁজাৰু জীৱন আধাৰিত চলচিত্ৰ নিৰ্মাণৰ লক্ষ্য লোৱা বুলিও প্ৰকাশ কৰিছে। ইয়াৰে  প্ৰথম ছবিখনৰ নাম ৰখা হ'ব "বীৰাংগণা দুৰ্গাৱতি দেৱী", যাৰ জৰিয়তে ভাৰতৰ মুক্তিৰ  হকে যুঁজা এই মহীয়সী নাৰীগৰাকীৰ জীৱনৰ  কিছু তথ্য দাঙি ধৰা হ'ব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com