একতা কাপুৰ, সৰু পৰ্দাৰ ধাৰাবাহিকৰ ৰাণী ৷একতা আৰু জনপ্ৰয়িতা যেন এটা মুদ্ৰাৰ ইপিঠি সিপিঠি ৷ বিশেষকৈ সৰু পৰ্দাৰ ধাৰাবাহিক, শেহতীয়াকৈ বলীউডৰ ছবি আৰু ৱেব চিৰিজৰ সফলতাৰ ক্ষেত্ৰত একতা কাপুৰৰ জনপ্ৰিয়তা শীৰ্ষত ৷ ১৯৭৫ চনৰ ৭ জুনত জন্ম গ্ৰহণ কৰিছিল একতা কাপুৰে। সম্প্ৰতি একতা কাপুৰৰ ৪৪ বছৰ ৷বলীউডৰ চিৰসেউজ অভিনেতা জীতেন্দ্ৰ আৰু শোভা কাপুৰৰ জীয়ৰী একতা কাপুৰ ১৯ বছৰ বয়সৰ পৰাই সৰু পৰ্দাৰ লগত জৰিত ৷
এগৰাকী অবিবাহিত মহিলা হৈ বলীউড তথা সৰু পৰ্দাত নিজক প্ৰতিষ্ঠা কৰাটো সচাঁকৈয়ে আন দহগৰাকী যুৱতীৰ কাৰণে আদৰ্শ স্বৰূপ। এক সাক্ষাৎকাৰ অনুষ্ঠানত একতা কাপুৰে কৈছিল যে তেওঁক পিতৃয়ে বিয়া হোৱা অথবা কামৰ মাজত যিকোনো এটাক নিৰ্বাচন কৰিবলৈ কয়। একতাই কয় যে যেতিয়া মই ১৭ বছৰীয়া আছিলো তেতিয়া মোৰ পিতৃয়ে মোক কৈছিল যে বিয়া পাতা নতুবা পাৰ্টি কৰাৰ পৰিৱৰ্তে কাম কৰা ৷
লগতে মাহেকীয়া খৰচটোৰ বাহিৰে একো নিদিয়ে বুলি কয় একতাৰ পিতৃ জীতেন্দ্ৰই আৰু একতা কাপুৰে এটা এড এজেন্সীত কাম কৰা আৰম্ভ কৰে ।লগতে একতাই কয় যে যেনেধৰণে জীৱনটো অতিবাহিত কৰিছো,তালৈ লক্ষ্য কৰি ভাবিছিলো যে মোৰ জীৱনটো সুখৰ হ’ব ৷ ২২ বছৰ বয়সত মই বিয়া হ’ম আৰু জীৱনতো উপভোগ কৰিম । কিন্তু বাস্তৱত সেয়া ন’হল ৷ ইয়াৰ কাৰণে আক্ষেপ কৰি একতাই কয় যে মই যি ভাবো সেয়া কেতিয়াও নহয়। উল্লেখ্য যে একতা কাপুৰে এতিয়ালৈকে বিয়া হোৱা নাই।
আৰু চলিত বৰ্ষৰ জানুৱাৰীত সাৰোগেছীৰ জৰিয়তে এটি সন্তানৰ মাতৃ হৈছে একতা ৷ ইফালে একতা কাপুৰৰ প্ৰথম জনপ্ৰিয় ধাৰাবাহিক হৈছে "হ’ম পাঁছ"৷ এই ধাৰাবাহিক খন জী টিভি প্ৰচাৰিত হৈছিল ৷ যেতিয়া এই ধাৰাবাহিকখন প্ৰচাৰিত হৈছিল তেতিয়া একতা কাপুৰৰ বয়স আছিল ১৯ বছৰ ৷ ধাৰাবাহিক খন জনপ্ৰিয় হোৱাৰ পিছত একতা কাপুৰে পৰিচালকৰ ৰূপত আত্ম প্ৰকাশ কৰিলে ৷ সেই মুহুৰ্ত্ততে কিছুমান ধাৰাবাহিকে জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহন কৰিছিল আৰু আন কিছুমান সফলতা লাভ নকৰিছিল।
কিন্তু প্ৰত্যাহ্বানক ভাল পায় একতা কাপুৰ। সীমিত গতিৰে আগবাঢ়িল একতা কাপুৰ ৷আৰু সম্প্ৰতি একতা কাপুৰ জনপ্ৰিয় দেশৰ লগতে বিশ্বৰ ঘৰে ঘৰে। একতা কাপুৰৰ ধাৰাবাহিকসমূহৰ ভিতৰত ক্যিউকী সাছ ভী কভি বহু থী,কাহানী ঘৰ ঘৰ কী,কাহানী কেছী ৰোজ,কছোটি জিন্দেগী কী,কহিঁ ট’ হুগা,কসম চে,পবিত্ৰ ৰিস্তা,বৰে অচ্ছে লগতে হ্যে,জোধা আকবৰ,নাগিন, য়ে হ্যে মোহব্বাতে,কুমকুম ভাগ্য,কচম তেৰে প্যাৰ কী,কুণ্ডলী ভাগ্য আৰু বহুতো।
অন্য খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন