গোৱাত প্ৰেমিকৰ সৈতে বন্ধৰ দিন উদযাপনত ব্যস্ত অভিনেত্ৰী জাৰীন খান

জাৰীনৰ প্ৰেমৰ কথাবোৰ আগতে উৰা-বাতৰি যেন লাগিছিল যদিও এতিয়া এনে লাগিছে যেন সেইবোৰ আৰু উৰা-বাতৰি নহয় !
গোৱাত প্ৰেমিকৰ সৈতে বন্ধৰ দিন উদযাপনত ব্যস্ত অভিনেত্ৰী জাৰীন খান
Published on

সঁচাকৈয়ে অভিনেত্ৰী জাৰীন খান প্ৰেমত পৰিছে ৷ তেওঁৰ প্ৰেমক লৈ চলি থকা বুবু-বা-বাবোৰ মিছা নহয়। সম্প্ৰতি গোৱাত বিগ বছ ১২ খ্যাত শিৱাশিষ মিশ্ৰৰ সৈতে বন্ধৰ দিন উপভোগ কৰি আছে। শেহতীয়াকৈ তেওঁৰ জন্মদিন উদযাপনৰ ফটো আৰু ভিডিঅ' ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰে শিৱাশিষে সাগৰৰ দৃশ্য উপভোগ কৰাৰ সময়ত নীলা ডেনিমৰ সৈতে বহুৰঙী টি-চাৰ্ট পৰিধান কৰিছিল জাৰীনে । জাৰীনৰ প্ৰেমৰ কথাবোৰ আগতে উৰা-বাতৰি যেন লাগিছিল যদিও এতিয়া এনে লাগিছে যেন সেইবোৰ আৰু উৰা-বাতৰি নহয়!

অভিনেত্ৰী জাৰীন আৰু তেওঁৰ প্ৰেমিক শিৱাশিষে গোৱাত একেলগে সময় পাৰ কৰিছে ৷ শেহতীয়াকৈ অভিনেতাজনে নিজৰ জন্মদিনো গোৱাত উদযাপন কৰিছে, যাৰ কিছু সংখ্যক ফটো আৰু ভিডিঅ' ইণ্টাৰনেটত প্ৰকাশ পাইছে। এনে এক ভিডিঅ'ত অভিনেত্ৰী জাৰিনকো দেখিবলৈ পোৱা গৈছে ৷ ৰঙীন এটি টপ আৰু নীলা ৰঙৰ জিনছ পৰিধান কৰি সাগৰৰ সৌন্দৰ্য্য উপভোগ কৰি থকা অভিনেত্ৰীগৰাকীক ভিডিঅ'টোত সঁচাকৈয়ে অপূৰ্ব দেখাইছে।

আনহাতে শিৱাশিষৰ জন্মদিন উপলক্ষে অভিনেত্ৰী গৰাকীয়ে দুয়োৰে এখন যুগ্ম ফটো শ্বেয়াৰ কৰি লিখে, " তুমি যিয়েই নোহোৱা কিয় , তুমি মোৰেই হয়। জন্মদিনৰ শুভেচ্ছা মোৰ শিৱ। আশাকৰোঁ তুমি যি বিচৰা, ভগৱানে তোমাক তাকেই দিয়ে।"

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com