অনুসূচিত জনজাতি সংশোধনী বিধেয়ক উত্থাপন কৰাৰ পিছতে প্ৰতিক্ৰিয়াৰ সৃষ্টি সৰ্বত্ৰে

অনুসূচিত জনজাতি সংশোধনী বিধেয়ক উত্থাপন কৰাৰ পিছতে প্ৰতিক্ৰিয়াৰ সৃষ্টি সৰ্বত্ৰে

সংসদত সংবিধান অনুসূচিত জনজাতি সংশোধনী বিধেয়ক উত্থাপন কৰাৰ পিছত সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ বৃহস্পতি বাৰে এক সংবাদমেল যোগে অসম জনজাতীয় সংগঠনৰ সমন্বয় সমিতিৰ মুখ্য সচিব আদিত্য খাখলাৰীয়ে কয় যে চলিত চৰকাৰখন হৈছে আদিবাসী বিৰোধী। চলিত চৰকাৰখনে জনজাতি সংশোধনী বিধেয়ক ২০১৯ সংসদত উত্থাপন কৰিছে যাতে অসমৰ আদিবাসী জাতি জনগোষ্ঠীসকলৰ মাজত মনোমালিন্যৰ সৃষ্টি কৰিব পাৰে ৷ বিধেয়ক খনক মন্ত্ৰীমণ্ডলত দ্বিতীয়বাৰৰ কাৰণে উত্থাপন কৰা নাই ৷ লগতে এছটি স্থিত মানদণ্ড পুৰণ কৰা নাই ৷ চৰকাৰে ভাৰতৰ ৰেজিষ্টাৰ জেনেৰেল আৰু ৰাষ্ট্ৰীয় এছটি আয়োগক প্ৰৱন্ধ কৰি বিধেয়কক প্ৰস্তুত কৰিছে ৷

এক তথ্য অনুসৰি আৰ জি আইয়ে অসমৰ ছয় জনজাতিৰ লোকসকলৰ এচটিৰ বিধেয়কখন ৮ বাৰ অস্বীকাৰ কৰে । গতিকে কেন্দ্ৰই তৎকালীন ভাৱে এই বিধেয়কখন বাতিল কৰিব লাগে ৷চলিত চৰকাৰখনে কেৱল শক্তি আৰু অকাল্পনিক লাভৰ কাৰণে বিধেয়কখন উত্থাপন কৰিছে। এই মন্তব্য CCTOA ৰ মুখ্য সচিব আদিত্য খাখলাৰীৰ ৷ইফালে আদিত্য খাখলাৰীয়ে বিধেয়ক খন বাতিল কৰিবলৈ লগতে কয় যে,আমি বিধেয়কখন বাতিল কৰিবলৈ আন্দোলন কৰাৰ লগতে ১১ জানুৱাৰীত পুৱা ৫ বজাৰ পৰা বিয়লি ৫ বজালৈ অসম বন্ধৰ ঘোষণা কৰে ৷ ১৪ জানুৱাৰীত আমি বিধেয়কখনৰ কপি দাহ কৰা হ’ব ৷

ইফালে জানুৱাৰী মাহৰ শেষৰ ফালে, আমি নতুন দিল্লীত অধিবক্তা সকলৰ লগতে দেশৰ আগশাৰী লোকসকলৰ লগত এক আলোচনাত মিলিত হ’ম ৷ ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহতে আমি "ড্ৰাইভ বিজেপি -দূৰ তথা অসম সংৰক্ষণ অভিযান আৰম্ভ কৰিম ৷লগতে আমি জনজাতীয় লোকে বিজেপি নেতাসকলক দল ত্যাগ কৰিবৰ কাৰণে দাবী কৰিছোঁ ৷এই বিধেয়কখন অসমৰ কাৰণে এক বিপন্ন পৰিস্থিতি সৃষ্টি কৰিছে। অন্যহাতে,CCTOA ৰ সমন্বয়ক প্ৰমোদ বড়োৱে কয় যে,আমি অসমৰ জনগোষ্ঠীয় সম্প্ৰদায়সমূহৰ উন্নতিৰ বিৰোধ নহয় ।কেন্দ্ৰ চৰকাৰে নিজৰ লাভৰ কাৰণে এই পদক্ষেপ লৈছে যদিও আমি এই পদক্ষেপক কেতিয়াও বাস্তৱত ৰূপায়িত হ’বলৈ নিদিও ৷ ইফালে সদৌ অসম কোচ ৰাজবংশী সন্মিলনীয়েও বিধেয়কখনৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

গুৱাহাটীত হোৱা এক সংবাদমেলত বিৰেশ্বৰ শইকীয়াই কয় যে বিজেপি চৰকাৰখনে সংসদত বিধেয়ক উত্থাপন কৰি আধাতে এৰি আমাৰ বিশ্বাসঘাটক কৰিলে ৷ লগতে ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শাসনলৈ অহাৰ ছমাহৰ ভিতৰত বিধেয়কখনৰ সন্দৰ্ভত এক সিদ্ধান্ত উপনীত হোৱাৰ কথাত আশ্বাস প্ৰদান কৰিছিল ৷কিন্তু বাস্তৱত সেয়া সম্পন্ন ন’হল ৷ লগতে কয় যে,২০১৯ ৰ লোকসভা নিৰ্বাচন সমাগত ৷ গতিকে বিজেপি চৰকাৰক আকৌ বিশ্বাসঘাতক কৰিবলৈ সুযোগ নিদিওঁ ৷যদি চলিত চৰকাৰখনে আকৌ বিধেয়কখনৰ সন্দৰ্ভত জনতাক বিশ্বাসঘাতক কৰে তেন্তে অনাগত লোকসভা নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰচাৰ চলাব ৷এই মন্তব্য বীৰেশ্বৰ শইকীয়াৰ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com