অব্যবহৃত ইভিএমৰ স্থানান্তৰ: অসমলৈ শীৰ্ষ বিষয়া প্ৰেৰণ নিৰ্বাচনী আয়োগৰ

অব্যবহৃত ইভিএমৰ স্থানান্তৰ: অসমলৈ শীৰ্ষ বিষয়া প্ৰেৰণ নিৰ্বাচনী আয়োগৰ
Published on: 

আজি অসমলৈ শীৰ্ষ বিষয়া প্ৰেৰণ কৰিছে নিৰ্বাচনী আয়োগে । শাসক দলৰ বিৰুদ্ধে উত্থাপন হোৱা ইভিএম প্ৰসংগত অনুসন্ধান কৰিবলৈ নিৰ্বাচনী আয়োগে আজি অসমলৈ প্ৰেৰণ কৰিছে শীৰ্ষ বিষয়া। মংগলবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰায়ে ৰাজ্যৰ শাসক দলৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ উত্থাপন কৰি নিৰ্বাচনী আয়োগলৈ পত্ৰ প্ৰেৰণ কৰিছিল ।

অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ই ভি এম টেম্পাৰিঙৰ অভিযোগ উত্থাপন কৰিছিল । অসমৰ বিভিন্ন জিলাৰ পৰা অব্যবহৃত ইভিএম কামৰূপ জিলা উপায়ুক্তৰ অধিনত থকা আমিনগাঁওৰ গুদামলৈ অনা হৈছিল বুলি অভিযোগ উত্থাপন কৰিছিল অসম প্ৰদেশ কংগ্ৰেছে।

নিৰ্বাচনী আয়োগলৈ প্ৰেৰণ কৰা পত্ৰ খনত উল্লেখ কৰা হৈছিল যে ২৮ এপ্ৰিলৰ নিশা প্ৰায় ১০.৩৫ বজাত বিভিন্ন ঠাইৰ পৰা প্ৰেৰণ কৰা অব্যবহৃত ইভিএম সমূহ আমিনগাঁওৰ অস্থায়ী ষ্ট্ৰং ৰোমৰ সমীপৰ পৰা ব্যবসায়ি হিমৎসিংকাৰ কাৰখানালৈ নিশাৰ ভাগত ট্ৰাকেৰে স্থানান্তৰ কৰা পৰিলক্ষিত হয় ।

অসম প্ৰদেশ কংগ্ৰেছে লগতে প্ৰকাশ কৰে যে নিৰ্বাচন আয়োগৰ নীতি অনুসৰি ই ভি এম বা নিৰ্বাচন সম্পৰ্কীয় কোনো সজুলিয়ে ব্যক্তিগত স্হানত ৰাখি থোৱাৰ নিয়ম নাই । সেয়েহে এই গুৰুত্বপূৰ্ণ বিষয়টোৰ ওপৰত নিৰ্বাচনী আয়োগৰ হস্তক্ষেপৰ অনুৰোধ কৰিছে অসম প্ৰদেশ কংগ্ৰেছে।

অসম প্ৰদেশ কংগ্ৰেছে প্ৰেৰণ কৰা পত্ৰৰ পাছতে নিৰ্বাচনী আয়োগ বহুতো আলোচনাত মিলিত হোৱাৰ পাছতে আজি অসমলৈ প্ৰেৰণ কৰিছে শীৰ্ষ বিষয়াক |শাসক দলৰ বিৰুদ্ধে অসম প্ৰদেশ কংগ্ৰেছে উত্থাপন কৰা অভিযোগৰ সন্দৰ্ভত অনুসন্ধান কৰিবলৈ ।

অন্য খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com