অমিত শ্বাহে কৈছে ২০১৯ নিৰ্বাচনৰ আগত ৰাম মন্দিৰৰ নিৰ্মাণৰ কাম আৰম্ভ হব : পেৰালা

অমিত শ্বাহে কৈছে ২০১৯ নিৰ্বাচনৰ আগত ৰাম মন্দিৰৰ নিৰ্মাণৰ কাম আৰম্ভ হব : পেৰালা

ভাৰতীয় জনতা পাৰ্টিৰ কেন্দ্ৰীয় কাৰ্য্যবাহী সদস্য পেৰালা শ্বেখাৰজিয়ে কয় যে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে কৈছে যে অযোধ্যাত থকা ৰাম মন্দিৰৰ নিৰ্মাণৰ কাম ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ আগত আৰম্ভ হব।১৯৯২ চনৰ ৬ ডিচেম্বৰত বহুত লাখ লোকে অযোধ্যাত থকা বাবৰি মহজিদ ধংস কৰি ভগবান ৰামৰ জন্মভূমিত মহজিদ থাকিব নোৱাৰিব বুলি দাবী কৰিছিল।এতিয়াও উচ্চতম ন্যায়ালয়ত কেচতো চলি আছে।উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী উমাভাৰতীয়েও ৰাম মন্দিৰ অযোধ্যাত নিৰ্মাণৰ বাবে পোষকতা কৰিছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com