অসমৰ কৃষি ক্ষেত্ৰত নৱজাগৰণৰ সূচনা হব: মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

অসমৰ কৃষি ক্ষেত্ৰত নৱজাগৰণৰ সূচনা হব: মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

অসমৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৃহস্পতি বাৰে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত চেণ্টৰা ফ'ৰ পেৰিচেবল কাৰ্গ' নামৰ প্ৰকল্পৰ আধাৰশিলা

স্থাপন কৰি কয় যে এই প্ৰচেষ্ঠাই অসমৰ কৃষি ক্ষেত্ৰত নৱজাগৰণৰ সূচনা কৰিব। বৃহস্পতি বাৰে সোণোৱালে আধাৰশিলা স্থাপন কৰা প্ৰকল্পটোৰ মাধ্যমেৰে অসমত উৎপাদিত নষ্ট নোহোৱা শস্য সমূহ ভাৰত আৰু আন্তঃৰাষ্ট্ৰীয় বিভিন্ন বজাৰলৈ ৰপ্তানি কৰা হব। গোপীনাথ বৰদলৈ বিমান বন্দৰত স্থাপন হব লগীয়া প্ৰকল্পটো মুঠ ১৯.৮৪ কোটি টকা ব্যয়েৰে স্থাপন কৰা হব। ইয়াৰে অসম চৰকাৰে ৫০ লাখ টকা ব্যয় কৰিব আৰু বাকী থকা অংশ কেন্দ্ৰীয় চৰকাৰে ব্যয় কৰিব। পন্যসামগ্ৰীৰ কেন্দ্ৰটো ১৭০৫ বৰ্গমিটাৰ এলেকাক সামৰি নিৰ্মাণ কৰা হব আৰু ইয়াত আমদানি আৰু ৰপ্তানী সামগ্ৰী সমূহ জমা কৰিব পৰা যাব। প্ৰকল্পটোত শীতল ভড়ালৰো ব্যৱস্থা থাকিব, ইয়াতে ৰপ্তানিকৃত কৃষিজাত সামগ্ৰী সমূহ সংৰক্ষণ কৰিব পৰা যাব।

আধাৰশিলা স্থাপন অনুষ্ঠানত অংশগ্ৰহণ কৰি সৰ্বানন্দ সোণোৱালে কয় যে ৰাজ্যৰ কৃষক সকলে দীৰ্ঘ দিন ধৰি ভাৰতৰ অন্য প্ৰান্ত আৰু বিশ্বৰ অন্য প্ৰান্তত কৃষিজাত সামগ্ৰী সমূহ ৰপ্তানি কৰিব নোৱাৰা বাবে উপযুক্ত মূ্ল্য লাভ কৰাৰ পৰা বঞ্চিত হৈ আহিছে। এই প্ৰকল্পটো সম্পূৰ্ণহোৱাৰ পিছত ৰাজ্যৰ চৰকাৰখনে অসমৰ কৃষি ক্ষেত্ৰত নৱজাগৰণৰ সূচনা কৰিব বুলিও মূখ্যমন্ত্ৰী জনে মত প্ৰকাশ কৰে। অসমৰ ৰাজ্য চৰকাৰ খনে ৰাজ্যখনৰ যোগাযোগ আৰু আন্তঃগাঠনি উন্নয়ণত ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি আহিছে।ৰাজ্যৰ কৃষিখণ্ডক জীৱিকা হিচাপে গ্ৰহণ কৰিব পৰাকৈ ঔদ্যোগিক বিকাশৰ বাবেও চৰকাৰে বহু পৰিকল্পনা গ্ৰহণ কৰিছে বুলি সোণোৱালে মন্তব্য কৰে। অসমৰ ভবিষ্যত প্ৰজন্ম আৰু যুৱ সমাজে কৃষিক জীৱন ধাৰণৰ বৃত্তি হিচাপে গ্ৰহণ কৰিব পৰাকৈ সোণোৱাল চৰকাৰে আচনি গ্ৰহণ কৰিছে বুলি অনুষ্ঠানত মূখ্যমন্ত্ৰ গৰাকীয়ে কয়।

অসমৰ ফল-মূল আৰু শাক-পাচলি অন্য প্ৰান্তত ৰপ্তানি কৰাৰ সন্দৰ্ভত সোণোৱালে কয় যে অসমৰ ফল-মূল লণ্ডন, ছিংগাপুৰ আদি ডাঙৰ ডাঙৰ চহৰত ৰপ্তানি কৰাৰ প্ৰচেষ্ঠা আৰম্ভ কৰা হৈছে। ভবিষ্যতে ইউৰোপ, আমেৰিকা আৰু দক্ষিণ এচিয়াৰ বিভিন্ন চহৰত অসমৰ ফল-মূল ৰপ্তানি কৰাৰ বাবে প্ৰচেষ্ঠা অব্যাহত ৰখা হৈছে বুলিও সোণোৱালে কয়। কেন্দ্ৰীয় চৰকাৰৰ উড়ান আচনিৰ অধীনত গৃহ আৰু আন্তঃৰাষ্ট্ৰীয় বিমান সেৱাৰ সুবিধা লাভ কৰা গৈছে আৰু পূৱলৈ চোৱা নীতিৰ ফলত দক্ষিণ এচিয়া আৰু ভাৰতবৰ্ষৰ মাজত নতুন ব্যৱসায় আৰু বাণিজ্যৰ সম্ভাৱনা সৃষ্টি কৰিছে। অসমৰ কৃষি খণ্ডৰ প্ৰসাৰ ঘটিলে ৰাজ্যৰ কৃষক সকলৰ জীৱন ধাৰণৰ মানো উন্নত হব বুলি সোণোৱালে মন্তব্য কৰে। সোণোৱালে কয় যে কেন্দ্ৰীয় চৰকাৰে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশৰ বাবে বহু পৰিমাণে আচনিৰ ধন মোকলাই দিছে।আৰু এই আচনিয়ে উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক সকলক বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ বাবে অনুপ্ৰেৰণা যোগাব।

অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com