অসমৰ শিপিনিয়ে বিশ্বৰ বজাৰ দখল কৰিব : সৰ্বানন্দ সোনোৱাল

অসমৰ শিপিনিয়ে বিশ্বৰ বজাৰ দখল কৰিব : সৰ্বানন্দ সোনোৱাল
Published on

শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰ বিভাগে আয়োজন কৰা চতুৰ্থ সংখ্যক ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকি কয় যে আমাৰ হস্ততাঁত উদ্যোগৰ বিশ্বৰ বজাৰ দখল কৰিব পৰা ক্ষমতা আছে।অসমৰ মহিলা সকলৰ হস্ততাঁতৰ সামগ্ৰী উৎপাদনৰ ক্ষেত্ৰত এক সুকীয়া সন্মান আদায় কৰিছে।গামোচা ৰপ্তানীৰ ক্ষেত্ৰত আমাৰ শিপিনিৰ সকলৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে।

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিজেপি চৰকাৰে দেশজুৰি ৭ আগষ্টৰ দিনটো ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস হিচাপে উদযাপন কৰি আহিছে।ৰাজ্য খনৰ শিপিনী সকলক নিজৰ ভৰিত থিয় দি স্ব-নিৰ্ভৰশীল জীৱন আৰম্ভ কৰিবলৈ আহবান জনায়। অসমৰ মহিলাসকল ত্যাগী আৰু কষ্ট কৰিবপৰা বুলি নিজৰ ভাষণত উল্লেখ কৰে। ৰাজ্যখনৰ শিপিনী সকল সংঘবদ্ধ হৈ সমূহীয়া পদ্ধতিত কাপোৰ কাপোৰ বোৱা এক সংগ্ৰাম আৰম্ভ কৰিবলৈকো মুখ্যমন্ত্ৰী গৰাকীয়ে আহবান জনাই।ৰাজ্যৰ হস্ততাঁত আৰু বস্ত্ৰ বিভাগৰ মন্ত্ৰী ৰঞ্জিত দত্ত উপস্থিত থাকি ভাষন প্ৰদান কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com