অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ধন দি চাকৰি ক্ৰয় কৰা কৃষি বিষয়াক

অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ধন দি চাকৰি ক্ৰয় কৰা  কৃষি বিষয়াক

অসম আৰক্ষীয়ে বৃহস্পতিবাৰে কৃষি বিষয়া মৃগেন হালৈক ধন দি চাকৰি ক্ৰয় কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে ৷মৃগেন হালৈৰ বিৰুদ্ধে গুৱাহাটীৰ ভঙাগড় আৰক্ষী থানাত ১৫৯/১৭ নম্বৰত গোচৰ পঞ্জীয়ন কৰাৰ পিছতেই গ্ৰেপ্তাৰ হয় ।

হালৈ বৰ্তমান চিৰাং জিলাৰ কৃষি বিভাগৰ খণ্ড কৃষি বিষয়া হিছাপে কাৰ্যনিৰ্বাহ কৰি আছিল ৷ উল্লেখ্য যে কৃষি বিষয়াৰ লিখিত পৰীক্ষা ২০১৪ চনত আয়োজিত হৈছিল আৰু এই পদৰ সাক্ষাৎকাৰ অনুষ্ঠিত হৈছিল ২০১৫ চনত ৷

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com