৯১সংখ্যক একাডেমী বঁটা প্ৰদান অনুষ্ঠান। ডলবি থিয়েটাৰত বৰ্ণাঢ্য অনুষ্ঠানত অস্কাৰ প্ৰদান। মাহেৰশ্বালা আলীলৈ শ্ৰেষ্ঠ সহ অভিনেতাৰ সন্মান।'Green Book' নামৰ চলচিত্ৰ খনে শ্ৰেষ্ঠ চলচিত্ৰৰ সন্মান লাভ কৰিছে । ' Bohemian Rhapsody' নামৰ চলচিত্ৰত কৰা দুৰ্দ্দান্ত অভিনয়ৰ বাবে ৰামি মালেকলৈ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান। ' The Favourite' নামৰ ছবিত কৰা অভিনয়ৰ বাবে অলিভিয়া কলমানলৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান ।
'Roma' ছবিৰ বাবে আলফনচ' কিউৰনলৈ শ্ৰেষ্ঠ পৰিচালক সন্মান আৰু শ্ৰেষ্ঠ চিনেমাটোগ্ৰাফী সন্মানৰ লগতে বিদেশী ভাষাৰ শ্ৰেষ্ঠ ছবিৰ সন্মানো প্ৰদান কৰা হয়। Green Book ৰ অভিনয়ৰ বাবে মাহেৰশ্বালা আলীলৈ শ্ৰেষ্ঠ সহ অভিনেতাৰ সন্মান । 'If Beale street could Talk ' ছবিত কৰা অভিনয়ৰ বাবে ৰেজিনা কিঙলৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা ।
প্ৰকৃত চিত্ৰনাট্যৰ শ্ৰেষ্ঠ সন্মান Green Book ৰ বাবে । Adapted screenplay ৰ সন্মান 'Blackkklansman' লৈ ।' Spider-man: Into the spider- verse ' এনিমেটেড ফিচাৰ ফিল্ম হিচাপে নিৰ্বাচিত । Sound Editing ৰ বাবে 'Bohemian Rhapsody ' লৈ সন্মান । Visul Effect ৰ বাবে 'First Man ' লৈ বটা । শ্ৰেষ্ঠ এনিমেটেড চুটি ছবি ' Bao' লৈ সন্মান ।
"Black Panther" লৈ Production Design আৰু Costume Design ৰ সন্মান । "Vice " লৈ ৰূপসজ্জা আৰু কেশসজ্জা ৰ সন্মান । "Free Solo" লৈ ডকুমেন্টাৰী ফিচাৰ বঁটা ।
৯১ সংখ্যাক একাডেমী বঁটা প্ৰদান অনুষ্ঠানত ভাৰতীয় বিষয় ভিত্তিক চলচিত্ৰ " Period. End of sentence " য়ে শ্ৰেষ্ঠ ডকুমেন্টৰি চুটি বিষয় সন্মান লাভ কৰে | 'A STAR IS BORN' চলচ্চিত্ৰৰ 'SHALLOW' শীৰ্ষক গীতটিৰ বাবে শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ অস্কাৰৰ সন্মান লেডী গাগালৈ।