আজিৰ পৰা আৰম্ভ হ’ল ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ দাবী আপত্তি দিন

আজিৰ পৰা আৰম্ভ হ’ল ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ দাবী আপত্তি দিন

এনআৰচিৰ দাবী আপত্তিৰ শুনানি শুক্ৰবাৰ ‍অৰ্থাৎ আজিৰ পৰা আৰম্ভ হ'ব ।ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী অৰ্থাৎ এন আৰ চিৰ ৪০ লাখ আবেদকৰ ভিতৰত ৩৬.২ লাখ লোকৰ নাম তালিকাখনত অন্তভূক্ত কৰা ন’হল ৷যি সকলৰ লোকৰ এন আৰ চি সম্বন্ধীয় দাবী আপত্তি আছে,তেওঁলোকক এন আৰ চি কেন্দ্ৰসমূহত উপষ্ঠিত হ’বৰ কাৰণে ১৫ জুনৰ পূৰ্বে ন’টিছ জাৰীকৰিব। শুনানি কেন্দ্ৰ সমুহত ৩৪৫৭ জন বিষয়াক নিযুক্তি কৰিব ৷

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাত এন আৰ চিত নাম অন্তভূক্ত কৰা সেৱা কেন্দ্ৰসমূহত নাম বাদ পৰা সকলৰ উপৰিও সন্দেহযুক্ত লোকৰ বিৰুদ্ধে দাবী আপত্তি সমূহৰ প্ৰসংগত বায়’মেটিক পদ্ধতি অৱলম্বন কৰা হ’ব৷ উল্লেখ্য যে বায়’মেট্ৰিকে এটা হাতীৰ দৰে কাম কৰে। কাম কৰাত সহজ হ’বৰ কাৰণে ৰাজ্য চৰকাৰ আধাৰ কাৰ্ডৰ কাৰণে বায়’মেটিক ডাটা সংগ্ৰহ চেট আপৰ প্ৰয়োগ কৰিব ৷ৰাজ্যত কৰ্মৰত ১২৪১ টা আধাৰ কেন্দ্ৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ কাৰণে বায়’মেটিক ডাটা সংগ্ৰহ কেন্দ্ৰলৈ পৰিৱৰ্তন কৰা হ’ব । এনে ধৰণৰ কেন্দ্ৰক এনআৰচিৰ শুনানি কেন্দ্ৰত স্থানান্তৰিত কৰা হ’ব ৷

যিসকলৰ লোকৰ লোকৰ নাম বায়’মেটিক ডেটাৰ লগতে অন্তিম এনআৰচিৰ থাকিব,সেই সকলৰ লোকৰ আধাৰ কাৰ্ড তৈয়াৰ হ’ব ৷আনহাতে যিসকল লোকৰ নাম অন্তিম তথা চূড়ান্ত এন আৰ চিৰ অন্তৰ্ভূক্ত নহয় তেওঁলোকৰ নামত আধাৰ কাৰ্ড তৈয়াৰ হোৱাৰ প্ৰশ্নই নুঠে ৷Unique Identification Authirity of India অৰ্থাৎ UIDAI য়ে অসমৰ এই সমগ্ৰ কামত সহায় কৰিছে ৷ইফালে যিসকলৰ লোকে প্ৰথমতেই আধাৰ কাৰ্ড লাভ কৰিলে ৷তেওঁলোকে বায়’মেট্ৰিক ডেটা দিব নালাগে ৷তেওঁলোকে নিজৰ আধাৰ কাৰ্ড দেখুৱাব লাগিব ৷

আৰু এন আৰ চিৰ প্ৰাধিকৰণক আইডী নম্বৰ দিব লাগিব ৷ শীৰ্ষ আদালতৰ নিৰ্দেশ অনুসৰি চূড়ান্ত এনআৰচিৰ প্ৰকাশৰ দিন ২০১৯ বৰ্ষৰ ৩১ জুলাইতকৈ যাতে বৃদ্ধি নাপায় ৷লগতে আগন্তক লোকসভা নিৰ্বাচনে যাতে এন আৰ চিক কোনো ক্ষেত্ৰতে প্ৰভাৱ নেপেলায় ৷ উল্লেখ্য যে এনআৰচি সম্বন্ধীয় কাম কাজ আৰম্ভ হৈছিল ২০১৫ চনৰ পৰা ৷এন আৰচিত নাম অন্তৰ্ভূক্ত কৰিবলৈ আবেদন কৰিছিল ৩.২৯ কোটি জনসাধাৰণে ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com