আজি ১০ মাৰ্চঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

আজি ১০ মাৰ্চঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস
Published on

প্ৰত্যেক দিনটোৰ দৰে আজিৰ দিনটোৰো আছে এক বিশেষ ইতিহাস । এই বিশেষ দিনটোতে আমাৰ দেশলৈ বিশেষ অৱদান আগবঢ়োৱা মহান মনিষীসকলে জন্ম গ্ৰহণ কৰিছিল। লগতে এই বিশেষ দিনটোতে আমাৰ দেশত কিছুমান ঘটনা সংঘটিত হৈছিল ৷যিসমূহ ঘটনাৰ দ্বাৰা দেশ তথা সমাজখন আগুৱাই প্ৰযুক্তি বিদ্যাৰে আগুৱাই এখন উন্নত দেশ হোৱাৰ দিশে ধাৱমান হৈছে ৷লগতে এই দিনটোতে আমাৰ সমাজলৈ অৱদান আগবঢ়োৱা মনিষীসকলে ইহলীলা সম্বৰণ কৰে ৷চাওঁ আহক আজিৰ দিনটোৰ বিশেষ তাৎপৰ্যঃ

চাওঁ আহক আজিৰ দিনটোত সংঘটিত হোৱা কিছুমান ঘটনা, যি সমূহ ইতিহাসৰ সোনালী পাতত লিপিবদ্ধ হৈ আছে ৷

১৬২৪ চনৰ আজিৰ দিনটোতে ইংলেণ্ডে স্পেইনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে ৷

১৮০১ চনত গ্ৰেট ব্ৰিট্টেইনত প্ৰথমবাৰৰ কাৰণে জনগণনা হয়।

১৮৬২ চনৰ আজিৰ দিনটোতে গ্ৰেট ব্ৰিটেইন আৰু ফান্সে জাঞ্জীবাৰৰ স্বাধীনতাৰ মান্যতা দিয়ে ৷

আলেকণ্ডাৰ গ্ৰাহামবেলে ১৮৭৬ চনৰ আজিৰ দিনটোতে টেলীফোনৰ আৱিস্কাৰ কৰে আৰু আজিৰ দিনটোতে গ্ৰাহাম বেল আৰু তেওঁৰ সহযোগী ৱাটচনৰ মাজত প্ৰথমবাৰ সফল টেলীফোনত বাৰ্তালাপ হয় ৷

১৮৯৩ চনৰ আজিৰ দিনটোতে আইবৰী কোষ্ট ১৮৯৩ চনত ফ্ৰেঞ্চ সাম্ৰাজ্যৰ অধিকাৰী হয় ৷

১৯২২ চনৰ আজিৰ দিনটোতে জাতিৰ পিতা মহাত্মা গান্ধীক ৰাজদ্ৰোহৰ অভিযোগত গ্ৰেপ্তাৰ কৰে ৷

১৯৪৫ চনৰ আজিৰ দিনটোতে জাপানে ভিয়েটনামক স্বাধীন দেশ হিচাপে ঘোষণা কৰে ৷

১৯৪৫ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ সেনাই কৰা আক্ৰমণত লাখ লাখ লোকৰ মৃত্যু হয় ৷

১৯৬৯ চনৰ আজিৰ দিনটোতে মাৰ্টিন লুথাৰ কিঙৰ হত্যাকাৰী জেম্ছ অৰ্লৰেক ৯৯ বছৰৰ কাৰাদণ্ড দিয়ে ৷

১৯৭৩ চনৰ আজিৰ দিনটোতে আটলান্টিক মহাসাগৰস্থিত বাৰমুদাত ব্ৰিটাইনী গৱৰ্ণৰ আৰু তেওঁৰ সহযোগীক গুলী মাৰি হত্যা কৰে ৷

২০০৩ চনৰ আজিৰ দিনটোতে উত্তৰ কোৰিয়াই ক্ৰুজ মিছাইলৰ পৰীক্ষণ কৰে ৷

২০০৬ চনৰ আজিৰ দিনটোতে কোটা চহৰত বাৰুদী সুৰংগৰ বিষ্ফোৰণত ২৬ জন লোকৰ মৃত্যু হয় ৷

২০১০ চনৰ আজিৰ দিনটোতে ভাৰতীয় সংসদৰ ৰাজ্যসভাত মহিলা আৰক্ষণৰ বিধেয়ক গৃহীত কৰে ৷

এইবাৰ চাওঁ আহক আমাৰ সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা তথা জন্ম হোৱা ব্যক্তিৰ তালিকা ,যাৰ দ্বাৰা আমাৰ সমাজ তথা দেশখনে প্ৰগতিৰ পথত আগুৱাই গৈছে ৷

১৯৩২ চনৰ আজিৰ দিনটোতে মহাকাশ বিজ্ঞানী আৰু ইছ’ৰ’ৰ প্ৰাক্তন অধ্যক্ষ উডুপী ৰামচন্দ্ৰ ৰাৱৰ জন্ম হৈছিল।

১৯৩৪ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰসিদ্ধ সমাজ সংস্কাৰক লল্লন প্ৰসাদ ব্যাসৰ জন্ম হৈছিল ৷

১৯৪৫ চনৰ আজিৰ দিনটোতে কংগ্ৰেছী নেতা মাধৱৰাও সিন্ধিয়াৰ জন্ম হৈছিল ৷

এইবাৰ চাওঁ আহক আজিৰ দিনটোতে ইহলীলা সম্বৰণ কৰা ব্যক্তিৰ তালিকা

নাৰী শিক্ষাৰ প্ৰণেতা সামাজিক কাৰ্যকৰ্তা তথা প্ৰসিদ্ধ কবি সাবিত্ৰী বাই ফুলৰ মৃত্যু হয় আজিৰ দিনটোতে ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com