আজি ১২ জানুৱাৰীঃ চাওঁ আহক আজিৰ দিনটো ইতিহাস

আজি ১২ জানুৱাৰীঃ চাওঁ আহক আজিৰ দিনটো ইতিহাস

প্ৰত্যেক দিনটোৰ আজিৰ দিনটোৰো আছে এক বিশেষ ইতিহাস। এই দিনটোতে সমাজ তথা দেশলৈ বিশেষ অৱদান আগবঢ়োৱা লোক সকলৰ জন্ম হৈছিল ৷ অন্যহাতে এই বিশেষ দিনটোতে দেশ তথা সমাজত বিশেষ কিছু ঘটনা সংঘটিত হৈছিল ৷ যিসমূহ ইতিহাসৰ সোনালী পাতত লিপিবদ্ধ হৈ আছে । আহক চাওঁ আজিৰ দিনটোৰ ইতিহাস ৷

১৫৯৮ চনৰ আজিৰ দিনটোতে ৰাজমাতা জীজাবাঈৰ জন্ম হৈছিল ৷

ভাৰতীয় দাৰ্শনিক স্বামী বিবেকানন্দৰ জন্ম হৈছিল কোলকাতাত ১৮৬৩ চনৰ আজিৰ দিনটোতে ৷

১৮৬৯ চনৰ আজিৰ দিনটোতে ভাৰত ৰত্নৰে সন্মানিত স্বাধীনতা সংগ্ৰামী,সমাজ সেৱী আৰু শিক্ষা বিদ ভগৱান দাসৰ জন্ম হৈছিল ।

১৮৭৬ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ লেখক জেক লণ্ডনৰ কেলিফৰ্ণিয়াত জন্ম হৈছিল ৷

১৮৮৬ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ মহিলা সংগ্ৰামী নেলী সেনগুপ্তাৰ জন্ম হৈছিল।

ভাৰতৰ প্ৰসিদ্ধ গণিতজ্ঞ বদ্ৰীনাথ প্ৰসাদৰ জন্ম হৈছিল ১৮৯৯ চনৰ আজিৰ দিনটোতে ৷

১৯০১ চনৰ আজিৰ দিনটোতে ভাৰতীয় স্বাধীনতা আন্দোলনৰ সেনানী উমাশংকৰ দীক্ষিতৰ জন্ম হৈছিল ৷

১৯১৭ চনৰ আজিৰ দিনটোতে ভাৰতীয় অধ্যাত্মবাদী মহৰ্ষি মহেশ যোগীৰ জন্ম হৈছিল জৱলপুৰত ।

১৯১৮ চনৰ আজিৰ দিনটোতে হিন্দী ছবি জগতৰ নিৰ্মাতা নিৰ্দেশক,গায়ক আৰু সংগীতকাৰ শ্ৰী ৰামচন্দ্ৰৰ জন্ম হৈছিল ৷

১৯৩১ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ উৰ্দূ কবি আহমদ ফৰাজৰ জন্ম হৈছিল ৷

১৯৬৪ চনৰ আজিৰ দিনটোতে ভাৰতীয় ৰাজনীতিজ্ঞ অজয় মাকনৰ জন্ম হৈছিল ৷

১৯৬৪ চনৰ আজিৰ দিনটোতে ৰাজনীতিজ্ঞ তথা উত্তৰ প্ৰদেশৰ উপমুখ্যমন্ত্ৰী দিনেশ শৰ্মাৰ জন্ম হৈছিল ৷

১৯৭২ চনৰ আজিৰ দিনটোতে প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ জীয়ৰী প্ৰিয়ংকা গান্ধীৰ জন্ম হৈছিল ৷

১৭০৮ চনৰ আজিৰ দিনটোতে চত্ৰপতি সাহু মহাৰাজক মৰাঠা শাসকৰ মুকুট পিন্ধাইছিল ৷

১৮৬৬ চনৰ আজিৰ দিনটোতে লণ্ডনত এৰোন’টিকেল ছ’চাইটীৰ গঠন হৈছিল ৷

১৯০৮ চনৰ আজিৰ দিনটোতে পেৰিছস্থিত এফিল টাৱাৰৰ পৰা প্ৰথমবাৰৰ কাৰণে দূৰত্বৰ পৰা ৱায়াৰলেছ বাৰ্তা প্ৰেৰণ কৰিছিল ৷

১৯২৪ চনৰ আজিৰ দিনটোতে গোপীনাথ সাহাক চাৰ্লচ আগষ্টচ টেগাৰ্ট বুলি ভাবি দুৰ্ভাগ্যবশত এজন লোকে হত্যা কৰে ৷ অৱশ্যে ইয়াৰ পিছতে সেই মানুহজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।

১৯৩৪ চনৰ আজিৰ দিনটোতে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ মহান সেনানী সূৰ্য সেনক চটগাঁৱত ফাঁচী দিয়ে ৷ তেওঁ ইণ্ডিয়ান ৰিপ্লাৱিকান আৰ্মীৰ স্থাপন কৰিছিল ৷

১৯৪৮ চনৰ আজিৰ দিনটোতে জাতিৰ পিতা মহাত্মা গান্ধীয়ে অন্তিম ভাষণ প্ৰদান কৰিছিল ৷ আৰু সাম্প্ৰদায়িক হিংসাৰ বিৰুদ্ধে অনশণ কৰাৰ সিদ্ধান্ত লৈছিল।

১৯৫০ চনৰ আজিৰ দিনটোতে সংযুক্ত প্ৰান্তই নাম পৰিৱৰ্তন কৰি "উত্তৰ প্ৰদেশ"কৰে ৷

১৯৮৪ চনৰ আজিৰ দিনটোৰ পৰাই স্বামী বিবেকানন্দৰ জন্মদিনৰ লগত সংগতি ৰাখি প্ৰত্যেক বছৰে এই দিনটোত "ৰাষ্ট্ৰীয় যুৱা দিৱস" পালন কৰাৰ সিদ্ধান্ত হয় ৷

১৯৯০ চনৰ আজিৰ দিনটোতে ৰোমানিয়াৰ কমিউনিষ্ট পাৰ্টিৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰে।

১৯৯১ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ সংসদে কুৱেটত ইৰাকৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰাৰ মঞ্জুৰী দিয়ে ৷

২০০৮ চনৰ আজিৰ দিনটোতে কলকাতাত প্ৰায় ২৫০০ খন দোকান জ্বলি ছাৰখাৰ হৈ যায় ৷

২০০৯ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ সংগীতকাৰ এ আৰ ৰহমানে প্ৰতিষ্ঠিত গোল্ডন গ্লোৱ এৰ্ৱাড জয়ী হয় ৷ এ আৰ ৰহমান হৈছে গ্ল’ল্ডন গ্লোৱ এৱাৰ্ড জয়ী হোৱা প্ৰথম ভাৰতীয়।

এলাহাবাদ বিশ্ব বিদ্যালয়ৰ বৈজ্ঞানিক ডা° জয়ন্ত কুমাৰে ২০০৯ চনত বিশ্বৰ সকলোতকৈ পুৰণি উল্কা পিণ্ড "ক্ৰেটৰ" আৱিস্কাৰ কৰে।

২০১০ চনৰ আজিৰ দিনটোত "হোতী"ত হোৱা বিধ্বস্ত ভূমিকম্পত প্ৰায় ২,০০,০০০ অধিক লোকৰ মৃত্যু হয়।

১৯৩৪ চনৰ আজিৰ দিনটোতে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ কাৰণে সংঘৰ্ষ কৰা প্ৰসিদ্ধ সেনানী সূৰ্য সেনৰ মৃত্যু হৈছিল ৷

১৯৪১ চনৰ আজিৰ দিনটোতে ভাৰতীয় স্বাধীনতা সংগ্ৰামী নেতা প্যাৰে লাল শৰ্মাৰ মৃত্যু হৈছিল ৷

১৯৯২ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰসিদ্ধ শাস্ত্ৰীয় গায়ক কুমাৰ গন্ধৰ্ৱৰ মৃত্যু হয় ৷

২০০৫ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰসিদ্ধ অভিনেতা অমৰেশ পুৰীৰ ইহলীলা সম্বৰণ কৰে ৷

আজি ৰাষ্ট্ৰীয় যুৱা দিৱস ৷

আজি সমগ্ৰ ভাৰতত ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহ পালন কৰিব ৷

লগতে আজি আন্তঃৰাষ্ট্ৰীয় ছবি সমাৰোহ দিৱস৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com