প্ৰত্যেক দিনটোৰ দৰে আজিৰ দিনটোৰো আছে এক বিশেষ ইতিহাস । এই বিশেষ দিনটোতে আমাৰ দেশলৈ বিশেষ অৱদান আগবঢ়োৱা মহান মনিষীসকলে জন্ম গ্ৰহণ কৰিছিল। লগতে এই বিশেষ দিনটোতে আমাৰ দেশত কিছুমান ঘটনা সংঘটিত হৈছিল ৷যিসমূহ ঘটনাৰ দ্বাৰা দেশ তথা সমাজখন আগুৱাই প্ৰযুক্তি বিদ্যাৰে আগুৱাই এখন উন্নত দেশ হোৱাৰ দিশে ধাৱমান হৈছে ৷লগতে এই দিনটোতে আমাৰ সমাজলৈ অৱদান আগবঢ়োৱা মনিষীসকলে ইহলীলা সম্বৰণ কৰে ৷চাওঁ আহক আজিৰ দিনটোৰ বিশেষ তাৎপৰ্যঃ
চাওঁ আহক আজিৰ দিনটোত সংঘটিত হোৱা কিছুমান ঘটনা, যি সমূহ ইতিহাসৰ সোনালী পাতত লিপিবদ্ধ হৈ আছে ৷
১৯২১ চনৰ আজিৰ দিনটোতে মংগোলিয়া চীনৰ পৰা স্বাধীনতা লাভ কৰে ৷
১৯৯৬ চনৰ আজিৰ দিনটোতে স্কটলেণ্ডৰ এখন বিদ্যালয়ত এজন বন্দুকধাৰী সোমাই গুলী কৰাত প্ৰায় ১৬ টি শিশু আৰু এজন শিক্ষক নিহত হয় ৷
২০০৩ চনৰ আজিৰ দিনটোতে ইৰাকৰ ওপৰত ব্ৰিটেইন ৰখা প্ৰস্তাৱত ফান্সে নাম মঞ্জুৰ কৰে ৷
২০০৯ চনৰ আজিৰ দিনটোতে চাৰ্ক সাহিত্য উৎসৱ আগ্ৰাত অনুষ্ঠিত হয় ৷
২০১২ চনৰ আজিৰ দিনটোতে বাংলাদেশৰ ৰাজধানী ঢাকাৰ সমীপত এখন তেলৰ টেংকী আৰু এখন যাত্ৰীবাহী বাহনৰ সংঘৰ্ষত শতাধিক লোকৰ মৃত্যু হয় ৷
এইবাৰ চাওঁ আহক আমাৰ সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা তথা জন্ম হোৱা ব্যক্তিৰ তালিকা ,যাৰ দ্বাৰা আমাৰ সমাজ তথা দেশখনে প্ৰগতিৰ পথত আগুৱাই গৈছে ৷
১৮৯৯ চনৰ আজিৰ দিনটোতে অন্ধ্ৰ প্ৰদেশৰ ৰাজধানী নেতা ৰামকৃষ্ণ ৰাওৰ জন্ম হৈছিল ৷
হিন্দী সাহিত্যৰ প্ৰসিদ্ধ কবি আত্ম ৰঞ্জনৰ ১৯৭১ চনত জন্ম হৈছিল ৷
১৯৮০ চনৰ আজিৰ দিনটোতে এজন যুৱ ৰাজনেতা আৰু সঞ্জয় গান্ধীৰ পুত্ৰ বৰুণ গান্ধীৰ জন্ম হৈছিল ৷
এইবাৰ চাওঁ আহক আজিৰ দিনটোতে ইহলীলা সম্বৰণ কৰা ব্যক্তিৰ তালিকা
১৮০০ চনৰ আজিৰ দিনটোতে মৰাঠা ৰাজনেতা নানা ফড়নবীসৰ মৃত্যু হয় ৷
১৯৯৬ চনৰ আজিৰ দিনটোতে হিন্দী ছবিজগতৰ অভিনেতা শফী ইনামদাৰৰ মৃত্যু হয় ৷
২০০৪ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰসিদ্ধ চিতাৰ বাদক বিলায়ত খাঁৰ মৃত্যু হয় ৷
অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি