আজি ২৩ জানুৱাৰীঃ আহক চাওঁ আজিৰ দিনটোৰ ইতিহাস

আজি ২৩ জানুৱাৰীঃ আহক চাওঁ আজিৰ দিনটোৰ ইতিহাস

প্ৰত্যেক দিনটোৰ দৰেই আজিৰ দিনটোৰো আছে বিশেষ ইতিহাস ৷ আজিৰ দিনটোতে ইতিহাসত এনেধৰণৰ কিছু ঘটনা সংঘটিত হৈছিল যিসমূহে আমাৰ দেশৰ লগতে আমাৰ সমাজক প্ৰগতিৰ পথত আগুৱাই লৈ গৈছে ৷ আৰু এই ইতিহাস সমূহৰ জৰিয়তে আপুনি বিশ্বৰ কথা জনাৰ লগতে আপোনাৰ জ্ঞানৰ ভৰাঁল চহকী কৰিব পাৰিব ৷ গতিকে আহক জানো আজিৰ দিনটোৰ ইতিহাসঃ

১৫৬৫ চনৰ আজিৰ দিনটোতে টেলীকোটা যুদ্ধত হিন্দু সাম্ৰাজ্যৰ বিজয় নগৰৰ পতন হয় ।

১৫৭১ চনৰ আজিৰ দিনটোতে লণ্ডনত ৰয়েল এক্সচেঞ্জৰ মুকলি হয় ৷

১৬৬৮ চনৰ আজিৰ দিনটোতে হলেণ্ড আৰু ইংলেণ্ডৰ মাজত বুজা বুজি চুক্তি হয়।

১৭৯৩ চনৰ আজিৰ দিনটোতে হিউমেন চ’চাইটি অফ ফিলাডেল্ফিয়াৰ গঠন কৰে ৷

১৭৯৩ চনৰ আজিৰ দিনটোতে দ্বিতীয় বাৰৰ কাৰণে পোলণ্ড বিভাজন হয় ৷

১৭৯৯ চনৰ আজিৰ দিনটোতে ইটালীত ফান্সীছ সৈনিকে অধিকাৰ কৰে ৷

১৮৪৯ চনৰ আজিৰ দিনটোতে পাৰ্চীয়াই অষ্টিয়াৰ লগত সংযোগ নকৰাকৈ জাৰ্মান ইউনিয়নৰ প্ৰস্তাৱ ৰাখে ৷

১৮৪৯ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ মহিলা এলিজাবেথ ব্লেকবেল মেডিকেল ডিগ্ৰী প্ৰাপ্ত প্ৰথম মহিলা হয় ।

১৯২০ চনৰ আজিৰ দিনটোতে এয়াৰমেল তথা বায়ু পৰিবহন সেৱা আৰম্ভ হয় ৷

১৯২৪ চনৰ আজিৰ দিনটোতে চোবিয়েত সংঘই ২১ জানুৱাৰীত হোৱা লেনিনৰ মৃত্যুক অধিকাৰিক ঘোষণা কৰে ৷

১৯৩০ চনৰ আজিৰ দিনটোতে ক্লাইড টামৱাৰ্গে সৰ্বপ্ৰথমে প্লুট’ গ্ৰহৰ ফ’টো লয় ৷

১৯৩২ চনৰ আজিৰ দিনটোতে অল সল্বাডোৰত সেনাই চাৰি হাজাৰ কৃষকক হত্যা কৰে ।

১৯৬৪ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ মিছিছিপি নগৰত প্ৰতিৰোপন প্ৰক্ৰিয়াৰ দ্বাৰা পশুৰ অংগক মানুহৰ শৰীৰত স্থাপন কৰে৷ কিন্তু পশুৰ অংগ সংৰোপন কৰা ব্যক্তিজনৰ মৃত্যু হয় ৷

১৯৬৬ চনৰ আজিৰ দিনটোতে ইন্দিৰা গান্ধী ভাৰতৰ প্ৰধানমন্ত্ৰী হয় ৷

১৯৭৬ চনৰ আজিৰ দিনটোতে ভগৱান গৌতম বুদ্ধৰ নগৰত কপিলবস্তুক আৱিস্কাৰ কৰে ৷

১৯৭৭ চনত জনতা পাৰ্টীৰ গঠন হয়।

১৯৭৩ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ভিয়েটনাম শান্তি বুজাবুজি চুক্তিৰ ঘোষণা কৰে ৷

১৯৯১ চনৰ আজিৰ দিনটোতে গেছোলিন বিক্ৰীত ইৰাকৰ তেল মন্ত্ৰণালয়ে প্ৰতিবন্ধ লগায় ৷

২০০৪ চনৰ আজিৰ দিনটোতে মধ্যপ্ৰদেশত গো বধৰ ওপৰত প্ৰতিবন্ধ লগায় ।

২০০৯ চনৰ আজিৰ দিনটোতে ছবি আৰু টেলিভিশ্যন কাৰ্যক্ৰমত ধুমপান দৃশ্যৰ ওপৰত প্ৰতিবন্ধৰ সমাপ্ত হয় ৷

১৮০৯ চনৰ আজিৰ দিনটোতে ভাৰতীয় স্বাধীনতা সংগ্ৰামী বীৰ সুৰেন্দ্ৰ সাইৰ জন্ম হৈছিল ।

১৮৯৭ চনৰ আজিৰ দিনটোতে নেতাজী সুভাষ চন্দ্ৰ বোসৰ জন্ম হৈছিল ৷

১৯২৬ চনৰ আজিৰ দিনটোতে শিৱসেনাৰ সংস্থাপক আৰু ভাৰতীয় ৰাজনেতা বালাচাহেব ঠাকৰেৰ জন্ম হৈছিল ৷

১৯৩০ চনৰ আজিৰ দিনটোতে পশ্চিম ভাৰতীয় লেখক তথা নোবেল পুৰস্কাৰ বিজেতা ডৰেক ৱালকোটৰ জন্ম হৈছিল৷

১৮১৪ চনৰ আজিৰ দিনটোতে ভাৰতৰ পুৰাতত্ন অন্বেষণৰ পিতৃ কন্নিঘমৰ জন্ম হৈছিল ৷

১৬৬৪ চনৰ আজিৰ দিনটোতে মাৰাঠা সাম্ৰাজ্যৰ সংস্থাপক ছত্ৰপতি শিৱাজী মহাৰাজৰ পিতৃ সাহুজী মহাৰাজৰ মৃত্যু হয় ৷

১৯৭৫ চনৰ আজিৰ দিনটোতে ভাৰতীয় সমাজ সেৱক অমিয় কুমাৰ দাসৰ মৃত্যু হয় ৷

১৯৬৩ চনৰ আজিৰ দিনটোতে ভাৰতৰ মহান কান্তিকাৰী নৰেন্দ্ৰ মোহন সেনৰ মৃত্যু হয় ৷

১৯২৪ চনৰ আজিৰ দিনটোতে চাউদী আৰৱা ৰজা শ্বাহ আব্দুলাৰ মৃত্যু হয় ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com