আজি ৩১ জানুৱাৰীঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

আজি ৩১ জানুৱাৰীঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

প্ৰত্যেক দিনটোৰ দৰেই আজিৰ দিনটোৰো আছে বিশেষ ইতিহাস ৷ আজিৰ দিনটোতে ইতিহাসত এনেধৰণৰ কিছু ঘটনা সংঘটিত হৈছিল যিসমূহে আমাৰ দেশৰ লগতে আমাৰ সমাজক প্ৰগতিৰ পথত আগুৱাই লৈ গৈছে ৷ আৰু এই ইতিহাস সমূহৰ জৰিয়তে আপুনি বিশ্বৰ কথা জনাৰ লগতে আপোনাৰ জ্ঞানৰ ভৰাঁল চহকী কৰিব পাৰিব ৷ গতিকে আহক জানো আজিৰ দিনটোৰ ইতিহাসঃ

১৫৬১ চনৰ আজিৰ দিনটোতে মোগল বাদশ্বাহ আকবৰৰ সংৰক্ষক বেৰম খাঁক গুজৰাটত হত্যা কৰে ৷

১৫৯৯ চনৰ আজিৰ দিনটোতে ব্ৰিট্টেইনৰ ৰাণী এলিজাবেথ প্ৰথমৰ আদৰ্শক সৰোগত কৰি ভাৰতত ব্ৰিটেইনৰ প্ৰথম ইষ্ট ইণ্ডিয়া কম্পনী স্থাপন কৰে।

১৮৫০ চনৰ আজিৰ দিনটোতে চীনত "জনতা কা সংকল্প"নামেৰে এক বৃহৎ জন আন্দোলন আৰম্ভ হয় ৷

১৮৬৫ চনৰ আজিৰ দিনটোতে আমেৰিকাত দাসতা উন্মুলন সম্বন্ধীয় ১৩ সংখ্যক সংশোধন বিধেয়ক স্বীকৃত হয় ।

১৮৯৩ চনৰ আজিৰ দিনটোতে আমেৰিকাত প্ৰথম বাৰৰ কাৰণে কোকা কোলা ট্ৰেড মাৰ্ক আৰম্ভ হয় ।

১৯১৫ চনৰ আজিৰ দিনটোতে প্ৰথম বিশ্ব যুদ্ধৰ সময়ত জাৰ্মানীয়ে ৰুছৰ বিৰুদ্ধে বিষাক্ত গেছৰ প্ৰয়োগ কৰে ৷

১৯৫৩ চনৰ আজিৰ দিনটোতে আইৰিছ সাগৰত হোৱা নাও দূৰ্ঘটনাত চালক সহ কমেও ২০০ জন যাত্ৰীৰ মৃত্যু হয় ৷

১৯৫৮ চনৰ আজিৰ দিনটোতে আমেৰিকাই প্ৰথম ভূ উপগ্ৰহৰ প্ৰক্ষেপন কৰে ৷

১৯৬৩ চনৰ আজিৰ দিনটোতে ময়ূৰ পক্ষীক ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষী হিচাপে ঘোষণা কৰে ৷

১৯৬৮ চনৰ আজিৰ দিনটোতে প্ৰশান্ত মহাসাগৰস্থিত দ্বীপীয় দেশ নোৰুক অষ্ট্ৰেলিয়াৰ পৰা স্বাধীনতা লাভ কৰে ৷

১৯৬৮ চনৰ আজিৰ দিনটোতে নেবাদাত পৰমাণু পৰীক্ষণ কৰে ৷

১৯৭১ চনৰ আজিৰ দিনটোতে পূব আৰু পশ্চিম বৰ্লিনৰ মাজত ১৯ বছৰৰ পিছত টেলিফোন সেৱা আৰম্ভ হয় ৷

১৯৭২ চনৰ আজিৰ দিনটোতে বীৰেন্দ্ৰ বীৰ বিক্ৰম শ্বাহ নেপালৰ ১২ সংখ্যক ৰজা হয় ৷

১৯৭৪ চনৰ আজিৰ দিনটোতে পেন আমেৰিকা এয়াৰৱেজৰ এখন বিমান আমেৰিকাৰ সীমাত দুৰ্ঘটনাগ্ৰস্ত হয়, য’ত প্ৰায় ২৫ জন লোকৰ মৃত্যু হয় ৷

১৯৯০ চনৰ আজিৰ দিনটোতে ৰুছৰ ৰাজধানী ম’স্কোত বিশ্বৰ সকলোতকৈ বৃহৎ মেকডোনাল্ড ষ্টোৰৰ আৰম্ভ হয় ৷

১৯৯৬ চনৰ আজিৰ দিনটোতে শ্ৰীলংকাৰ ৰাজধানী কলম্বোত হোৱা আত্মঘাটী দূৰ্ঘটনাত প্ৰায় ৮৬ জন লোকৰ মৃত্যু হয় ৷আৰু আহত হয় ১৪০০ জন ৷

২০০২ চনৰ আজিৰ দিনটোতে ঝাৰখণ্ডৰ ৰাজ্যপাল প্ৰভাত কুমাৰে পদত্যাগ পত্ৰ দিয়ে ৷

পাকিস্তানৰ পৰমাণু কাৰ্যক্ৰমৰ জনক ডা° আব্দুল কাদিৰ খানক অন্য দেশৰ পৰমাণু প্ৰাদ্যোগিক হস্তান্তৰৰ কাৰণে ২০০৪ চনৰ আজিৰ দিনটোতে গ্ৰেপ্তাৰ কৰিছিল ৷

২০০৫ চনৰ আজিৰ দিনটোতে বাংলাদেশে জিম্বাব’ৰ লগত হোৱা এক দ্বিৱসীয় শৃংখলাত ৩-২ ৰাণত জয়ী হয় ৷

২০০৭ চনৰ আজিৰ দিনটোতে ভাৰতীয় ষ্টীল কম্পনী টাটা,এংলো ডছ ইম্পাত কম্পনী কোৰচৰ অধিগ্ৰহণৰ পিছত বিশ্বৰ পঞ্চম বৃহৎ কম্পনী হিচাপে নিৰ্বাচিত হয় ৷

উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মায়াৱতীয়ে ২০০৮ চনৰ আজিৰ দিনটোতে ইউপিক পাঁচ বছৰৰ অন্তত বিদ্যুতৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হ’বৰ কাৰণে ৬ হাজাৰ ১৬৮ কোটি টকা বিদ্যুতৰ বিভিন্ন আঁচনি আৰু আধাৰশিলা স্থাপন কৰে ৷

২০০৮ চনৰ আজিৰ দিনটোতে প্ৰাক্তন প্ৰধানমন্ত্ৰী বেনজিৰ ভূট্টোৰ পাৰ্টীয়ে নিৰ্বাচনৰ কাৰণে পাকিস্তান পীপুল্স পাৰ্টীৰ ঘোষণা পত্ৰত জাৰী কৰে ৷

২০১০ চনৰ আজিৰ দিনটোতে হলীউডৰ ছবি অৱতাৰে দুই মিলিয়ন ডলাৰ উপাৰ্জন কৰি বিশ্বৰ সকলোতকৈ অধিক উপাৰ্জন কৰা ছবি হয়।

২০১৩ চনৰ আজিৰ দিনটোতে দক্ষিণ আফ্ৰিকাৰ প্ৰীটোৰিয়াত হোৱা এক ৰেল দুৰ্ঘটনাত প্ৰায় ২৫০০ জন আহত হয় ৷

১৯২৩ চনৰ আজিৰ দিনটোতে পৰমবীৰ চক্ৰৰে সন্মানিত প্ৰথম ভাৰতীয় শ্বহীদ সোমনাথ শৰ্মাৰ জন্ম হয় ৷

১৯৪৯ চনৰ আজিৰ দিনটোতে অভিনেতা ৰাজেশ বিবেকৰ জন্ম হৈছিল ৷

১৯৭৫ চনৰ আজিৰ দিনটোতে ভাৰতীয় তথা বলীউডৰ অভিনেত্ৰী প্ৰীতি জিন্টাৰ জন্ম হৈছিল ।

১৯৮১ চনৰ আজিৰ দিনটোতে অভিনেত্ৰী অমৃতা আৰোৰাৰ জন্ম হৈছিল ৷

১৯৬১ চনৰ আজিৰ দিনটোতে বিহাৰৰ প্ৰথম মুখ্যমন্ত্ৰী শ্ৰীকৃষ্ণ সিংহৰ মৃত্যু হয় ৷

১৯৬৮ চনৰ আজিৰ দিনটোতে হিন্দী নিৱন্ধকাৰ আৰু সাহিত্যকাৰ প্ৰঝানাৰায়ণ ৰায়ৰ মৃত্যু হয় ৷

২০০৪ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ পাৰ্শ্ব গায়িকা আৰু অভিনেত্ৰী সুৰেয়া জমাল শ্বেখৰ মৃত্যু হয় ৷

২০১২ চনৰ আজিৰ দিনটোতে সমাজবাদী বিচাৰধাৰাৰ প্ৰসিদ্ধ ভাৰতীয় নেতা মনীৰাম ৱাগড়ীৰ মৃত্যু হয় ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com