আজি ৩১ ডিচেম্বৰ ৷ নতুন বছৰৰ প্ৰাকক্ষণত সকলোলৈকে নৱবৰ্ষৰ শুভেচ্চা জনাই চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস ৷
প্ৰথমতে চাওঁ আহক আজিৰ দিনটোত জন্ম গ্ৰহণ কৰা লোকসকলৰ তালিকাঃ
১৮৬৬ চনৰ আজিৰ দিনটোতে বিহাৰৰ মুখ্যমন্ত্ৰীৰ লগতে স্বাধীনতা সংগ্ৰামী কৃষ্ণ বল্লভ সহায়ৰ জন্ম হৈছিল।
ব্যংগ লেখক বিখ্যাত সাহিত্যকাৰ শ্ৰীলাল শুক্লাৰ জন্ম হৈছিল ১৯২৫ চনৰ আজিৰ দিনটোতে ।
১৪৯২ চনৰ আজিৰ দিনটোতে ইটালিস্থিত চিচলী ক্ষেত্ৰৰ পৰা ইহুদীসকলক খেদাই পঠায়ছিল ৷
১৬০০ চনৰ আজিৰ দিনটোতে বিট্ৰিছ ইষ্ট ইণ্ডিয়া কোম্পানী স্থাপন হৈছিল।
১৭৮১ চনৰ আজিৰ দিনটোতে আমেৰিকাত প্ৰথম বেংকৰ ব্যৱস্থা "বেংক অফ নৰ্থ আমেৰিকা"ৰ আৰম্ভ হৈছিল ।
১৮০২ চনৰ আজিৰ দিনটোতে পেছোৱা বাজিৰাওক বিট্ৰিছে সংৰক্ষণ কৰে ৷
১৯২৯ চনৰ আজিৰ দিনটোতে মহাত্মা গান্ধীৰ নেতৃত্বত কংগ্ৰেছৰ কৰ্মকৰ্তাসকলে স্বাধীন ভাৰতৰ কাৰণে লাহোৰত আন্দোলন আৰম্ভ কৰে৷
১৯৪৪ চনত আজিৰ দিনটোতে আমেৰিকাৰ এখন ৰাজ্যত হোৱা ৰেল দুৰ্ঘটনাত ৪৮ জন লোকৰ মৃত্যু হয়।
১৯৪৪ চনৰ আজিৰ দিনটোতে হংগৰীয়ে জাৰ্মানীৰ বিৰুদ্ধে দ্বিতীয় বিশ্ব যুদ্ধৰ ঘোষণা কৰে।
১৯৪৯ চনৰ আজিৰ দিনটোতে বিশ্বৰ ১৮ খন দেশে ইণ্ডোনেছিয়াক মান্যতা প্ৰদান কৰে ৷
১৯৬২ চনৰ আজিৰ দিনটোতে হলেণ্ডে দক্ষিন পশ্চিম প্ৰশান্ত মহাসাগৰস্থিত দ্বীপ ন্যু গিনীক এৰি দিয়ে।
১৯৬৪ চনৰ আজিৰ দিনটোতে ইণ্ডোনেছিয়াক সংযুক্ত ৰাষ্ট্ৰৰ পৰা নিষ্কাষণ কৰে ৷
১৯৬৪ চনৰ আজিৰ দিনটোতে ডোনল্ড কেম্পৱেলে প্ৰতি ঘন্টাত ৪৪৪.৭১ কিলোমিটাৰ গতিবেগত স্পীডবোৰ্ড চলাই ৷ইয়াৰ লগে লগে পৃথিৱীৰ সকলো ৰেকৰ্ড ভাঙি নিজৰ নাম লিপিবদ্ধ কৰাবলৈ সক্ষম হয় ড’নাল্ড কেম্পৱেল ৷
১৯৮৩ চনৰ আজিৰ দিনটোতে ব্ৰুনইক বিট্ৰেইনৰ পৰা স্বাধীনতা লাভ কৰে ৷
১৯৮৪ চনৰ আজিৰ দিনটোতে ৰাজীৱ গান্ধী ৪০ বছৰ বয়সতে দেশৰ সপ্তম প্ৰধানমন্ত্ৰী পদত অধিস্থিত হয়।
১৯৮৪ চনৰ আজিৰ দিনটোতে মহম্মদ অজহৰুদ্দিনে ইলেণ্ডৰ বিৰুদ্ধে টেষ্ট মেছ খেলি আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ জীৱন আৰম্ভ কৰে ।লগতে পিছত ভাৰতীয় দলৰ অধিনায়কো হয় ৷
১৯৮৮ চনৰ আজিৰ দিনটোতে পৰমাণু প্ৰতিষ্ঠানত হোৱা আক্ৰমণক বাধা দিবৰ কাৰণে ভাৰত আৰু পাকিস্তানৰ মাজত এক বুজা বুজি চুক্তি হয় ৷
১৯৯৭ চনৰ আজিৰ দিনটোতে মোহম্মদ ৰফীক তৰাৰ পাকিস্তানৰ নৱম ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়।
১৯৯৮ চনৰ আজিৰ দিনটোতে কাজাকিস্তান অন্তৰীক্ষ কেন্দ্ৰৰ পৰা ৰুছৰ দ্বাৰা তিনিটা উপগ্ৰহৰ সফল উৎক্ষেপন কৰে ৷
১৯৯৯ চনৰ আজিৰ দিনটোতে ইণ্ডিয়ান এয়াৰ লাইন্সৰ ৮১৪ জন লোকৰ এখন বিমান অপহৰণ কৰে দুস্কৃতিকাৰীয়ে ৷
২০০৩ চনৰ আজিৰ দিনটোতে শীখৰ সন্মিলনৰ প্ৰথম বাৰ্তা প্ৰেৰণ কৰে ৷
২০১৪ চনৰ আজিৰ দিনটোতে আৰ্জেনটিনাৰ নাইট ক্লাবত অগ্নিকাণ্ডৰ ফলত ১৭৫ জন লোকৰ মৃত্যু হয়।
২০০৫ চনৰ আজিৰ দিনটোতে মালেছিয়াত আমেৰিকাই দূতভাসক অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিয়ে ।
২০০৭ চনৰ আজিৰ দিনটোতে সাতজন বিপক্ষীয় নেতাক ম্যানমাৰ চৰকাৰে গেপ্তাৰ কৰে।
২০০৮ চনৰ আজিৰ দিনটোতে ইশ্বৰ দাস ৰোহিণী দ্বিতীয়বাৰৰ কাৰণে মধ্যপ্ৰদেশ বিধানসভাৰ অধ্যক্ষ হয়।
২০১৪ চনৰ আজিৰ দিনটোতে চীনৰ সংহাই চহৰত নতুন বছৰৰ প্ৰাকক্ষণত হোৱা এক দৌৰা দৌৰিত প্ৰায় ৩৬ জন লোক নিহত হোৱাৰ লগতে
৪৯ জন লোক আহত হয় ।
এতিয়া চাও আহক আজিৰ দিনটোত মৃত্যু হোৱা লোকৰ তালিকাঃ
১৬৯১ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ পদাৰ্থ আৰু ৰসায়ন বিজ্ঞানী ৰবাৰ্ট ৱায়লৰ মৃত্যু হৈছিল ৷
প্ৰসিদ্ধ লেখক,ইতিহাসকাৰ, শ্ৰেষ্ঠ বক্তা, বিদ্বান বিশ্বনাথ কাশীনাথ ৰাজবাডেৰ মৃত্যু হৈছিল ১৯২৬ চনৰ আজিৰ দিনটোতে ৷
মধ্য প্ৰদেশৰ প্ৰথম মুখ্যমন্ত্ৰী প্ৰাক্তন তথা প্ৰয়াত ৰবিশংকৰ শুক্লাৰ মৃত্যু হৈছিল ১৯৫৬ চনৰ আজিৰ দিনটোতে ৷
অধিক খবৰৰ বাবে পঢ়ক: শীৰ্ষ বাতৰি