আজি ৬ এপ্ৰিলঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

আজি ৬ এপ্ৰিলঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

প্ৰত্যেক দিনটোৰ দৰে আজিৰ দিনটোৰো আছে এক বিশেষ ইতিহাস । এই বিশেষ দিনটোতে আমাৰ দেশলৈ বিশেষ অৱদান আগবঢ়োৱা মহান মনিষীসকলে জন্ম গ্ৰহণ কৰিছিল। লগতে এই বিশেষ দিনটোতে আমাৰ দেশত কিছুমান ঘটনা সংঘটিত হৈছিল ৷যিসমূহ ঘটনাৰ দ্বাৰা দেশ তথা সমাজখন আগুৱাই প্ৰযুক্তি বিদ্যাৰে আগুৱাই এখন উন্নত দেশ হোৱাৰ দিশে ধাৱমান হৈছে ৷ লগতে এই দিনটোতে আমাৰ সমাজলৈ অৱদান আগবঢ়োৱা মনিষীসকলে ইহলীলা সম্বৰণ কৰে ৷চাওঁ আহক আজিৰ দিনটোৰ বিশেষ তাৎপৰ্য

চাওঁ আহক আজিৰ দিনটোত সংঘটিত হোৱা কিছুমান ঘটনা, যি সমূহ ইতিহাসৰ সোনালী পাতত লিপিবদ্ধ হৈ আছে ৷

১৬০৬ চনৰ আজিৰ দিনটোতে ৰাজকুমাৰ খুচৰোয়েই পিতৃ মোগল শাসক জাহাংগীৰৰ বিৰুদ্ধে সক্ৰিয় হয় ৷

১৬৭২ চনৰ আজিৰ দিনটোতে ফান্সে নেডাৰলেণ্ডৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে ৷

১৮৯৬ চনৰ আজিৰ দিনটোতে প্ৰথম অলিম্পিকৰ আৰম্ভ হয়৷

১৯১৭ চনৰ আজিৰ দিনটোতে প্ৰথম বিশ্ব যুদ্ধত আমেৰিকাই জাৰ্মানীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে ৷

১৯২৪ চনৰ আজিৰ দিনটোতে ইটালীত ফান্সিষ্ট’তত নিৰ্বাচনত জয়ী হয়।

১৯৪২ চনৰ আজিৰ দিনটোতে জাৰ্মানী বিমানে প্ৰথম বাৰ ভাৰতত ব’ম দিয়ে ৷

১৯৫৫ চনৰ আজিৰ দিনটোতে আমেৰিকাই পৰমাণু পৰীক্ষণ কৰে ৷

১৯৫৭ চনৰ আজিৰ দিনটোতে চোবিয়েত সংঘই পৰমাণু পৰীক্ষণ কৰে ৷

১৯৮০ চনৰ আজিৰ দিনটোতে ভাৰতৰ ৰাজনৈতিক দল ভাৰতীয় জনতা দল স্থাপন হয়।

১৯৯৮ চনৰ আজিৰ দিনটোতে পাকিস্তানে মীডিয়ম ৰেঞ্জ মিসাইল গৌৰী ৱেলিষ্টিক সফলতাপূৰ্বক পৰীক্ষণ কৰে ৷

১৯৯৯ চনৰ আজিৰ দিনটোতে নেপালত পুনৰ পাঁচশ টকা ভাৰতীয় টকা চলোৱাৰ ঘোষণা কৰে ৷

২০১০ চনৰ আজিৰ দিনটোতে ভাৰতৰ বিত্তমন্ত্ৰী প্ৰণৱ মুখাৰ্জী আৰু ভাৰতলৈ অহা আমেৰিকাৰ বিত্ত মন্ত্ৰী টিমোথী গেথনৰৰ লগত আৰ্থিক বুজাবুজিত হস্তাক্ষৰ কৰে ৷

এইবাৰ চাওঁ আহক আমাৰ সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা তথা জন্ম হোৱা ব্যক্তিৰ তালিকা , যাৰ দ্বাৰা আমাৰ সমাজ তথা দেশখনে প্ৰগতিৰ পথত আগুৱাই গৈছে ৷

১৮৮৬ চনৰ আজিৰ দিনটোতে হায়দৰাবাদৰ ওস্মান আলী খানৰ জন্ম হৈছিল ৷

১৯২৯ চনৰ আজিৰ দিনটোতে ৰাজনীতিজ্ঞ প্যাৰেলাল খণ্ডেলৱালৰ জন্ম হয় ৷

প্ৰসিদ্ধ ছবি অভিনেত্ৰী সুচিত্ৰা সেনৰ জন্ম হৈছিল ১৯৩১ চনৰ আজিৰ দিনটোতে ৷

১৯৭১ চনৰ আজিৰ দিনটোতে বলীউডৰ অভিনেতা সঞ্জয় সুৰীৰ জন্ম হৈছিল ৷

এইবাৰ চাওঁ আহক আজিৰ দিনটোতে ইহলীলা সম্বৰণ কৰা ব্যক্তিৰ তালিকা

১৬৬৪ চনৰ আজিৰ দিনটোতে শিখ ধৰ্মগুৰু হৰ কিশানৰ মৃত্যু হৈছিল ৷

১৯২৯ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ মহাশয় ৰাজপালৰ মৃত্যু হৈছিল ৷

১৯৮৫ চনৰ আজিৰ দিনটোতে পাবলো পিকাছোৰ সমকালীন বিশ্ববিখ্যাত কলাকাৰ মাৰ্ক শেৰগলৰ মৃত্যু হৈছিল ৷

২০০১ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰাক্তন উপ প্ৰধানমন্ত্ৰী তথা হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চৌধুৰী দেৱী লালৰ নিধন হয় ৷

২০০৭ চনৰ আজিৰ বাংলা লেখিকা লীলা মজুমদাৰে ইহলীলা সম্বৰণ কৰে ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com