আমি সকলোৱে একত্ৰিত হৈ কাম কৰিমঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল

আমি সকলোৱে একত্ৰিত হৈ কাম কৰিমঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ মন্তব্য যে অসম, দেশৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্য হোৱাৰ ক্ষমতা আছে ৷ এই ক্ষমতা অৰ্জনৰ কাৰণে আমি সকলোৱে একত্ৰিত হৈ কাম কৰিব লাগিব ৷ অসমৰ লোকসকলক উদ্দেশ্য কৰি মুখ্যমন্ত্ৰী সোনোৱালে লগতে কয় যে অসমৰ লোকসকলৰ অসমক বিশেষভাৱে ক্ষমতাপূৰ্ণ ৰাজ্য হোৱা লক্ষ্যত উপনীত হ’বলৈ দৃঢ় সংকল্প,নিপুণতা আৰু একাগ্ৰতাৰ দৰে আৱশ্যকীয় গুণ আছে ৷

ইফালে ২৪ মে’ত বিজেপিৰ নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰে তিনিবছৰ সম্পূৰ্ণ কৰিব৷ এই সন্দৰ্ভতে মুখ্যমন্ত্ৰী সোনোৱালৰ মন্তব্য যে মোৰ বিশ্বাস যে আমি সকলোৱে একত্ৰিত হৈ কাম কৰিলে, সকলো ক্ষেত্ৰতে সফলতা লাভ কৰিম ৷ অন্যহাতে, বিগত নিৰ্বাচনৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী সোনোৱালে কয় যে সংসদীয় নিৰ্বাচন শান্তি পূৰ্ণভাৱে সম্পন্ন হ’ল। ইয়াৰ কাৰণে ধন্যবাদৰ যোগ্য হ’ল ৰাজ্যখনৰ জনসাধাৰণ ৷ ভোটদাতাসকলে বহুত উৎসাহেৰে ভোটদান কৰিছে ৷

তৃতীয় পৰ্যায়ৰ নিৰ্বাচন সমগ্ৰ ৰাজ্যত এক বৃহৎ ভোটগ্ৰহণ হিচাপে বিবেচিত হ’ল ৷লগতে ৰাজ্যৰ বিভিন্ন বিকাশৰ ক্ষেত্ৰত সংবাদমাধ্যমৰ সহযোগ বিছাৰে মুখ্যমন্ত্ৰীয়ে ৷ৰাজ্যৰ বিভিন্ন বিকাশ সম্বন্ধীয় আঁচনিসমূহৰ প্ৰচাৰৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ সহযোগ কৰাৰ কথা উল্লেখ কৰে সোনোৱালে। উল্লেখ্য যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ বিজেপিৰ কাৰ্যালয়ত হোৱা বৈঠকখনত বিভিন্ন লোক উপস্থিত আছিল। ইয়াৰ ভিতৰত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস আৰু সাধাৰণ সম্পাদক ফণী শৰ্মা উপস্থিত আছিল। লগতে দলৰ বিভিন্ন কৰ্মকৰ্তাসকলৰ লগত ভাবৰ আদান প্ৰদান কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৷

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com