আম আদমি পাৰ্টি আৰু কংগ্ৰেছৰ মাজত কোনো আলোচনা হোৱা নাই: অৰবিন্দ কেজৰিয়াল

আম আদমি পাৰ্টি আৰু কংগ্ৰেছৰ মাজত কোনো আলোচনা হোৱা নাই: অৰবিন্দ কেজৰিয়াল

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিয়ালে কংগ্ৰেছ আৰু আম আদমি পাৰ্টিৰ মাজত কোনো আলোচনা হোৱা নাই বুলি সোমবাৰে প্ৰকাশ কৰে।

আম আদমি পাৰ্টিৰ মুখ্য অৰবিন্দ কেজৰিয়ালে বিশাখাপট্টনম বিমান বন্দৰত প্ৰকাশ কৰে যে এদিনৰ পুৰ্বে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডোৰ আমন্ত্ৰণ মৰ্মে এক নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰিছিল । এই ৰেলীতে পশ্চিম বঙ্গৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী উপস্থিত থাকে । তাত কোনো কংগ্ৰেছৰ সৈতে মিত্ৰতা কথা নাই বুলি প্ৰকাশ কৰে । লগতে অৰবিন্দ কেজৰিয়ালে প্ৰকাশ কৰে যে কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীৰ সৈতে আম আদমি পাৰ্টিৰ এখন বৈঠক অনুস্থিত হৈছিল ।এই বৈঠকতে ৰাহুল গান্ধীয়ে আম আদমি পাৰ্টি ৰ লগত মিত্ৰতাৰ প্ৰস্তাৱত অসন্মত প্ৰকাশ কৰে বুলি কেজৰিয়ালে প্ৰকাশ কৰে ।

দিল্লীৰ কংগ্ৰেছ সভাপতি শ্বীলা দীক্ষিতে আম আদমি পাৰ্টিয়ে আগবঢ়ি নহা বুলি প্ৰকাশ কৰাত অৰবিন্দ কেজৰিয়ালে প্ৰকাশ কৰে যে আমি ৰাহুল গান্ধীৰ লগত আলোচনা কৰাৰ পিছত বেলেগৰ লগত আলোচনাৰ প্ৰয়োজন নাই । অন্ধ্ৰ প্ৰদেশৰ ৰেলীত অংশগ্ৰহণ কৰি কেজৰিয়ালে প্ৰকাশ কৰে যে দিল্লীত আম আদমি পাৰ্টিক কংগ্ৰেছৰ সমৰ্থনৰ প্ৰয়োজন নাই । দিল্লীৰ ৭ খন আসন আম আদমি পাৰ্টিয়ে অকলেই দখল কৰিব পাৰিব । আম আদমি পাৰ্টিক হাৰিয়ানাত কংগ্ৰেছৰ সমৰ্থনৰ প্ৰয়োজন আছে বুলি প্ৰকাশ কৰে কেজৰিয়ালে ।

২০১৪ চনত লোকসভা নিৰ্বাচনত দিল্লীৰ ৭ খন আসনে বিজেপিয়ে দখল কৰাৰ পিছত দলৰ জেষ্ঠ নেতায়ে আম আদমি পাৰ্টি আৰু কংগ্ৰেছৰ মিত্ৰতা কাৰনে হেচা প্ৰয়োগ কৰিছিল ।সুত্ৰয়ে প্ৰকাশ কৰা মতে যদি আম আদমি পাৰ্টি আৰু কংগ্ৰেছৰ মিত্ৰতা হয় , তেতিয়া দিল্লীৰ ৫ খন আসনত আম আদমি পাৰ্টিয়ে প্ৰতিদন্দ্বিতা আগবঢ়াব আৰু ২ খনৰ পৰা কংগ্ৰেছে আগবঢ়াব বুলি প্ৰকাশ কৰিছে ।

অধিক খবৰৰ বাবে পঢ়ক:শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com