আৰম্ভ হ'ল উত্তৰ পূৱ গ্ৰন্থমেলা

আৰম্ভ হ'ল উত্তৰ পূৱ গ্ৰন্থমেলা

গ্ৰন্থৰ সুবাস কঢ়িয়াই পুনৰ আহিল গ্ৰন্থমেলাৰ বতৰ । বিগত বৰ্ষৰ দৰে এইবাৰো ন ন গ্ৰন্থৰ আমেজ লৈ সাজু হৈছে সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থা । ৯ নবেম্বৰ পৰা ২০ নবেম্বৰলৈ ১২ দিনীয়া কাৰ্যসূচীৰে চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত অনুষ্ঠিত হৈছে

২০ সংখ্যক উত্তৰ-পূৱ গ্ৰন্থমেলা ।

গ্ৰন্থমেলা খনি উদ্ধোধন কৰে সাহিত্য একাডেমী বটা প্ৰাপ্ত বিশিষ্ট সাহিত্যিক য়েচে দৰজে ঠংচিয়ে । উদ্ধোধনী ভাষনত তেওঁ কয় গ্ৰন্থৰ মৃত্যু নাই, ই অজৰ অমৰ, বৈদ্যুতিক মাধ্যমৰ বহুল ব্যৱহাৰৰ পিছতো গ্ৰন্থৰ মাদকতা কেতিয়াও শেষ নহয়। বিশিষ্ট সাংবাদিক কনকসেন ডেকাই পুথি প্ৰকাশক আৰু বিক্ৰেটা সংস্থাক হতাশ নহৈ ন ন চিন্তাৰে গ্ৰন্থ সমূহ নৱ প্ৰজন্ম আৰু ৰাইজৰ মাজলৈ আগবঢ়াই নিবলৈ আহ্বান জনাই। লক্ষ্মীনাথ বেজবৰুৱাৰ কথাৰে "জাতিৰ আউসী সদায় নাথাকে, পূৰ্ণিমা ৰ জোনৰ পোহৰে জাতিটোৰ আউসীৰ আন্ধাৰ আতৰাব‌ই " বুলি আশাবাদৰ বক্তব্য আগবঢ়াই লগতে ৰজাঘৰক ৰাইজৰ গ্ৰন্থমেলাত হাত নিদিবলৈ তীব্ৰ সকীয়নি প্ৰদান কৰে ।

পুথি প্ৰকাশক আৰু বিক্ৰেটা সংস্থাৰ সভাপতি অজিত কুমাৰ বৰ্মনৰ সভাপতিত্বত আয়োজিত উদ্ধোধনী অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী বিশিষ্ট সাংবাদিক কনকসেন ডেকা , আছুৰ উপদেষ্টা সমূজ্জ্বল কুমাৰ ভট্টাচাৰ্য, ফেডাৰেচন অৱ পাব্লিচাৰ্ছ এণ্ড বুকচেলাৰ্ছ এছ'চিয়েন ইণ্ডিয়াৰ উপ- সভাপতি মানস শ‌ইকীয়া, বিশিষ্ট সাংবাদিক হাইদৰ হুছেইন, সাহিত্যিক অদিপ ফুকন, বাহাৰুল ইচলামৰ লগতে উদ্ধোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে ৰাজ্যৰ কেইবাগৰাকীও বিশিষ্ট সাহিত্যিকে । ১৭২ ৰো অধিক ৰাজ্যৰ বিভিন্ন প্ৰকাশক গোষ্ঠীৰ উপৰিও ভাৰতবৰ্ষৰ বহু প্ৰতিষ্ঠিত গ্ৰন্থ প্ৰতিষ্ঠানে তেওঁলোকৰ গ্ৰন্থসম্ভাৰ লৈ অংশগ্ৰহণ কৰিছে উত্তৰ-পূৱ গ্ৰন্থমেলাত।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com