ইম্ফলত নিৰ্বাচনী ৰণডংকা বজালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে

ইম্ফলত নিৰ্বাচনী ৰণডংকা বজালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে

বিগত ৪ বছৰত ৩০ বাৰ মই উত্তৰ পূবত উপস্থিত হৈছো ৷ আপোনালোকৰ লগত সাক্ষাৎ হওঁ, মতবিনিময় কৰোঁ, এই সকলোখিনি অনুভৱেৰে মোৰ এক বিশেষ সুখ অনুভৱ হয়। মই বিষয়াসকলৰ পৰা আপোনালোকৰ সম্বন্ধে জানিবৰ কাৰণে প্ৰতিবেদন বিছাৰিব নালাগে ৷ মই আপোনালোকৰ লগতে সাক্ষাৎ হৈ সকলোখিনি জানিবৰ চেষ্টা কৰোঁ ৷ এইটোৱেই অতীত আৰু বৰ্তমানৰ মাজত পাৰ্থক্য ৷ ইম্ফলত উপস্থিত হৈ এই মন্তব্য কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । আজি অৰ্থাৎ শুকুৰবাৰে মণিপুৰৰ ৰাজধানী ইম্ফলৰ হাপ্টা কাংজেইবাঙত উপস্থিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৮ টা প্ৰকল্প উদ্বোধন কৰে । লগতে অন্যান্য চাৰিটা আঁচনিৰো আধাৰশিলা স্থাপন কৰে৷

ইম্ফলৰ জনসভাখনক কংগ্ৰেছক কটাক্ষ কৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে পূৰ্বৰ চৰকাৰখনে উত্তৰ পূৰ্বক নতুন দিল্লীৰ পৰা আঁতৰ কৰি দিলে ৷ চলিত চৰকাৰখনৰ আন এটা লক্ষ্য দূৰ্নীতিমূলক দেশ গঢ়াৰ প্ৰসংগৰ সম্বন্ধে প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে দূৰ্নীতিত জড়িত হোৱা লোকসকল সম্প্ৰতি আদালতলৈ অহা যোৱা কৰি আছে৷ পূৰ্বৰ চৰকাৰখনৰ কাৰণে উত্তৰ পূবৰ বিভিন্ন আঁচনিত ব্যাঘাত জন্মিছিল ৷ আঁচনিসমূহ স্থবিৰ হৈ আছিল ৷ কিন্তু সম্প্ৰতি চলিত চৰকাৰখনে কেৱল ফিটা কাটিবৰ কাৰণেই উত্তৰ পূবলৈ নাহে ৷ মই বিষয়াসকলৰ পৰা ৰিপ’ট নলওঁ , বিষয়াসকলৰ লগত মতবিনিময় কৰোঁ ৷ গতিকে পূৰ্বতে যিসমূহ প্ৰজেক্ট বা আঁচনি বাস্তৱত ৰপায়িত হোৱা নাই ৷ সেইসমূহ প্ৰজেক্ট সম্প্ৰতি বাস্তৱত ৰূপায়িত হ’ব ৷

লগতে উত্তৰ পূবৰ বাৰ্তাসমূহ কেন্দ্ৰলৈ লৈ যাবলৈ প্ৰতিশ্ৰুতি দিয়ে প্ৰধানমন্ত্ৰী মন্ত্ৰী মোডীয়ে । পূৰ্বৰ চৰকাৰখনে উত্তৰ পূবৰ ক্ষেত্ৰত কোনো সিদ্ধান্ত নোলোৱাৰ কথাও প্ৰসংগক্ৰমে উল্লেখ কৰে মোডীয়ে ৷"সবকা সাথ সবকা বিকাশ" প্ৰশংগত প্ৰধানমন্ত্ৰী মোডীয়ে ,বিকাশৰ সময়ত দুৰ্নীতিমুক্ত দেশ গঢ়াৰ সংকল্প লোৱাৰ কাৰণে দেশবাসীৰ পৰা আশীৰ্বাদ বিছাৰিলে প্ৰধানমন্ত্ৰী মোডীয়ে । ইফালে ইম্ফলত আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে আজি শিক্ষা, স্কিল, ক্ৰিড়া সকলো ক্ষেত্ৰতে আধাৰশিলা স্থাপন হৈছে ৷ বিশ্ববিদ্যালয়, অভিযন্ত্ৰা মহাবিদ্যালয়সমূহে সম্প্ৰতি যুৱক যুৱতীসকলৰ বিভিন্ন ক্ষেত্ৰত সহায় কৰিব ৷ যিখন উত্তৰ পূবক নেতাজীয়ে স্বাধীনতাৰ গেটৱে বুলি কৈছিল ৷ আমি তাক নতুন ভাৰতৰ বিকাশৰ দূৱাৰ হিচাপে অভিহিত কৰিছোঁ ৷

মণিপুৰৰ উন্নয়নৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে দেশৰ শেষৰখন বিজুলীৰ পোহৰ পোৱা গাঁও মণিপুৰৰ লেইছাং। আজি মণিপুৰে লাভ কৰিলে ১২৫ কোটি ব্যয় সাপেক্ষ চেকপোষ্ট ৷এই চেক গেটে যাত্ৰীৰ লগতে ব্যৱসায়ীসকলোকো লাভান্বিত কৰিব ৷উল্লেখ যে মনিপুৰৰ পিছতে শিলচৰৰ ৰামনগৰৰ এখন জন সভাত উপস্থিত হৈছে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ যিহেতু লোকসভা নিৰ্বাচন সমাগত ৷গতিকে নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত নিৰ্বাচনী ৰণডংকা বজালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com