উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফলত গুঞ্জন দাসৰ সাফল্য

উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফলত গুঞ্জন দাসৰ সাফল্য

উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফলত কামৰূপ (মেট্ট’) জিলাৰ গুঞ্জন দাসৰ সাফল্য ।শনিবাৰে পুৱা ন বজাত অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদে ঘোষণা কৰা ফলাফলত অসম জাতীয় বিদ্যালয়ৰ ছাত্ৰ গুঞ্জন দাসে কলা শাখাত দশম স্থান লাভ কৰিবলৈ সক্ষম হয় ৷ নুনমাটিৰ বিষ্ণু ৰাভা নগৰৰ নিবাসী য়ামিনী ৰঞ্জন দাস আৰু প্ৰতিমা দাসৰ পুত্ৰ গুঞ্জন দাস ৷ ইফালে, গুঞ্জনে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯৩ শতাংশ নম্বৰ পায়ো স্থান লাভ কৰিবলৈ সক্ষম নহৈছিল ৷

কিন্তু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত তেওঁ ৯২.৮ শতাংশৰ লগতে মুঠ ৪৬৪ নম্বৰেৰে সুনাম কঢ়িয়াবলৈ সক্ষম হয় ৷ দশম স্থান দখল কৰিবলৈ সক্ষম হোৱা গুঞ্জন দাসে সংবাদমাধ্যমৰ সন্মুখত প্ৰকাশ কৰে যে সাহিত্যৰ প্ৰতি বিশেষ ধাউতি আছে গুঞ্জনৰ ৷ লগতে তেওঁ ভবেন্দ্ৰ নাথ শইকীয়া আৰু কাঞ্চন বৰুৱাৰ গ্ৰন্থ পঢ়ি ভাল পায় ৷ সম্প্ৰতি গুঞ্জনে দিল্লী বিশ্ববিদ্যালয়ত ৰাজনীতি বিজ্ঞান অথবা ইংৰাজীক সন্মানীয় বিষয় হিছাপে লৈ অধ্যয়ন কৰিব বিচাৰে ৷

ইফালে ভৱিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হৈ দেশক সেৱা কৰিব বিচাৰে গুঞ্জনে ৷ আৰু এই ক্ষেত্ৰত দেশৰ যুৱ প্ৰজন্মকো আগবাঢ়ি যাবলৈ আহ্বান কৰে ছাত্ৰ গৰাকীয়ে ৷ অন্যহাতে,অসম জাতীয় বিদ্যালয়ত অনুভৱ প্ৰিয়ৰঞ্জনে অসমীয়াত সৰ্বোচ্চ ৯৮ নম্বৰেৰে সুনাম কঢ়িয়াই আনে ৷ ইফালে কলা শাখাত এই বৰ্ষত অসম জাতীয় বিদ্যালয়ত ৬১ ছাত্ৰ ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৷ ইয়াৰে ৪৭ গৰাকীয়ে প্ৰথম স্থান,১৪ গৰাকীয়ে দ্বিতীয় স্থান লাভ কৰে ৷ ১৮ জনে ষ্টাৰ নম্বৰ,ইংৰাজী বিষয়ত শতকৰা ৯৬ নম্বৰেৰে মুঠ ২২ জনে লেটাৰ মাৰ্ক, ৬ জনে অলটাৰনেটিভ ইংৰাজীত, ৩৫ জনে অসমীয়াত,৪ জনে অৰ্থনীতিত, ৬ জনে ল’জিক আৰু ফিল’চ’ফি,১৫ জনে ৰাজনীতি বিজ্ঞানত,২ জনে ইতিহাসত,১ জনে পৰিসংখ্যা,৩ জনে সংস্কৃতত,১ জনে গণিতত,১ জনে কম্পিউটাৰ চায়েঞ্চ এণ্ড এপ্পলিকেশ্ব্যনত লেটাৰ মাৰ্ক লাভ কৰে ৷

অন্যহাতে বিজ্ঞান বিভাগত চলিত বৰ্ষত অসম জাতীয় বিদ্যালয়ত ৬০ জন ছাত্ৰ ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হয়। ইয়াৰে ৫০ জনে প্ৰথম বিভাগত আৰু ৯ জনে দ্বিতীয় বিভাগত উত্তীৰ্ণ হয়। ইয়াৰে ১৩ জনে লাভ কৰে ষ্টাৰ মাৰ্ক, শতকৰা ৮৭ নম্বৰেৰে ১৯ জনে ইংৰাজী বিষয়ত লাভ কৰে লেটাৰ মাৰ্ক,অলটাৰনেটিভ ইংৰাজীত ৫ জনে,৩৫ জনে অসমীয়াত,কেমেষ্ট্ৰীত ৪ জনে,বায়’লজীত ১৯ জনে,২ জনে গণিতত,পৰিসংখ্যা বিভাগত ১ জনে ২ জনে কম্পিউটাৰ চায়েন্স আৰু এপ্লিকেশ্যনত লেটাৰ মাৰ্ক লাভ কৰে ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com