উচ্চস্তৰীয় সমিতিত অংশগ্ৰহণ কৰাৰ কোনো ধৰণৰ প্ৰশ্নই নাহে: সদৌ অসম ছাত্ৰ সন্থা

উচ্চস্তৰীয় সমিতিত অংশগ্ৰহণ কৰাৰ কোনো ধৰণৰ প্ৰশ্নই নাহে: সদৌ অসম ছাত্ৰ সন্থা

'অসম চুক্তিত উল্লেখ থকা ৬ নং দফা কাৰ্য্যকৰীকৰণ কৰাৰ বাবে গঠন কৰি দিয়া উচ্চস্তৰীয় সমিতিত আমাৰ সদস্যই অংশ লোৱাৰ কোনোধৰণৰ প্ৰসংগই নাহে'-এই মন্তব্য আগবঢ়াইছে সদৌ অসম ছাত্ৰ সন্থাই। অসম চুক্তিৰ ৬ নং দফা কাৰ্য্যকৰীকৰণ কৰাৰ বাবে কেন্দ্ৰীয় কেবিনেটে এম পি বেজবৰুৱাৰ অধ্যক্ষতাত গঠন কৰিব বিছৰা নজনীয়া উচ্চস্তৰীয় সমিতিখন সম্পৰ্কত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দিপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে ৰবিবাৰে সংবাদিকৰ আগত কয় যে সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা উচ্চস্তৰীয় সমিতিখনত সদস্যপদ গ্ৰহণ কৰাৰ কোনোধৰণৰ যুক্তি নাই।

সদৌ অসম ছাত্ৰ সন্থাৰ দুই নেতাই কয় যে অসম চুক্তিৰ ৫ নং দফাক কাৰ্য্যকৰীকৰণ নকৰাকৈ ৬ নং দফা কাৰ্য্যকৰীকৰণ কৰাটো অৰ্থহীন। অসম চুক্তিৰ পঞ্চম আৰু ষষ্ঠ দফাটো অসম চুক্তিৰ এটা উল্লেখযোগ্য অংশ আৰু দুয়োটা দফাই এটাৰ পিছত আনটো কাৰ্য্যকৰীকৰণ কৰিব লাগিব। দুয়োজন ছাত্ৰ নেতাই কয় যে ৫ নং দফাত ১৯৭১ চনৰ পিছত অহা সকলো ধৰণৰ বাংলাদেশীকে চিনাক্ত কৰি বিতাৰণ কৰিব লাগে আৰু ১৯৭১ চনৰ আগত অহা সকলো ধৰণৰ বিদেশী নাগৰিকৰ বোজা অসমে গ্ৰহণ কৰিব বুলি উল্লেখ কৰিব। ভাৰতৰ সংসদভৱনত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ'লে ই অসম চুক্তিক উলংঘা কৰিব বুলি দুয়োজন ছাত্ৰ নেতাই মন্তব্য কৰে। সদৌ অসম ছাত্ৰ সন্থাৰ নেতা দুজনে যুতীয়া সংসদীয় সমিতিয়ে একো কৰা নাই বুলি মন্তব্য কৰি কয় যে, যুতীয়া সংসদীয় সমিতিয়ে কি কৰিলে? সমিতিখনে কেবল মাত্ৰ শুনানিৰ নামত এখন নাটক ৰছনা কৰিলে আৰু কেন্দ্ৰই যি ধৰণে কৈছে সেই ধৰণে কাম কৰিলে।

সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই কয় যে অসম চুক্তিৰ ৬ নং দফা কাৰ্য্যকৰীকৰণ কৰাৰ বাবে গঠন কৰি দিয়া উচ্চস্তৰীয় সমিতিখন কেবল মাত্ৰ নিৰ্বাচন কেন্দ্ৰিক পদক্ষেপ। ভট্টাচাৰ্য্যই চৰকাৰক কঠোৰ সমালোচনা কৰি কয় যে চৰকাৰে ২০১৭ চনৰ ৩০ এপ্ৰিলৰ ত্ৰিপাক্ষিক বৈঠকত লোৱা সিদ্ধান্ত সমূহ প্ৰথমে কাৰ্য্যকৰীকৰণ কৰক আৰু অসম চুক্তিৰ ৫ নং দফা প্ৰথমে কাৰ্য্যকৰীকৰণ কৰক। কেন্দ্ৰ চৰকাৰৰ বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ গৃহীত কৰিবলৈ লোৱা সিদ্ধান্তৰ বিৰোধিতাৰে সদৌ অসম ছাত্ৰ সন্থাই ৮ জানুৱাৰী মংগলবাৰে অসম বন্ধ ঘোষণা কৰিছে। সদৌ অসম ছাত্ৰ সন্থাই অন্যান্য জগোষ্ঠীয় সংগঠন সমূহৰ লগত আলোচনা কৰি কেন্দ্ৰৰ সিদ্ধান্তৰ বিপক্ষে ব্যাপক আন্দোলন কাৰ্য্যসূচী ঘোষণা কৰিছে। সদৌ অসম ছাত্ৰ সন্থাৰ বন্ধৰ প্ৰতি উত্তৰ পূৱ ছাত্ৰ সন্থাই সমৰ্থন প্ৰদান কৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল বন্ধ ঘোষণা কৰিছে।

অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com