উজবেকিস্তানৰ ৰাষ্ট্ৰপতি চাভকাট মিৰজিঅ'য়েভৰ দিল্লী ভ্ৰমন

উজবেকিস্তানৰ ৰাষ্ট্ৰপতি চাভকাট মিৰজিঅ'য়েভৰ দিল্লী ভ্ৰমন

যোৱা দেওবাৰে দিল্লী ভ্ৰমনৰ কাৰনে আহিল উজবেকিস্তানৰ ৰাষ্ট্ৰপতি চাভকাট মিৰজিঅ'য়েভ। তেওঁক আদৰি আনিলে আইন মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে

দুদিনীয়া কাৰ্যসূচীৰে ভ্ৰমন কৰিলেহি ৰাষ্ট্ৰপতি গৰাকী, তেওঁক ৰাষ্ট্ৰপতি ভৱনত গাৰ্ড অৱ অনাৰে সন্মানিত কৰে ।

ভাৰত আৰু উজবেকিস্তান মাজৰ সম্পৰ্কটিক সুদৃঢ় কৰিবলৈ ভাৰতলৈ আহিছে উজবেকিস্তানৰ ৰাষ্ট্ৰপতি গৰাকী। ভাৰতৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দ আৰু তেওঁৰ পত্নী সবিতা কোবিন্দ আৰু প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চাভকাট মিৰজিঅ'য়েভ আৰু তেওঁৰ পত্নীক ৰাষ্ট্ৰপতি ভৱনলৈ আদৰনি জনায় ।

ৰাষ্ট্ৰপতি গৰাকীয়ে পত্নীৰ সৈতে ভাৰতৰ আটাইতকৈ সুন্দৰ তথা পৃথিৱীৰ ৭টা আচাৰ্যকৰ কীৰ্তি-চিহ্ন তাজমহকো ভৱন কৰে ।

ৰাষ্ট্ৰপতি চাভকাট মিৰজিঅ'য়েভ আৰু মোদীয়ে হাইডৰাবাদ হাউছত সাক্ষাৎ কৰে ।

ৰাষ্ট্ৰপতি গৰাকীয়ে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুসমা স্বৰাজৰ সৈতে বিভিন্ন বিষয় তথা সমস্যাক লৈ আলোচনাত মিলিত হয় ।

ভাৰতৰ সৈতে ভিন্ন মুঠ ১৭খন চুক্তি স্বাক্ষৰিত কৰে,সেইসমূহৰ ভিতৰত কূটনৈতিক বিনামূলীয়া ভিচা মুক্ত যাত্ৰা,পৰ্যটন ক্ষেত্ৰ,ৰাষ্ট্ৰীয় সুৰক্ষা,কূটনৈতিক প্ৰশিক্ষন আৰু মানৱ সৰবৰাহকাৰী আদি ভিন্ন বিষয়।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com