এনআৰচি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ পৰা বিশেষ পৰ্যবেশন দাবী আছুৰ

এনআৰচি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ পৰা বিশেষ পৰ্যবেশন দাবী আছুৰ
Published on

সদৌ অসম ছাত্ৰ সন্থাই এনআৰচিৰ সম্পূৰ্ণ খচৰা প্ৰকাশৰ কাম দেশৰ উচ্চতম ন্যায়ালয়ক বিশেষভাৱে পৰ্যবেশন কৰিবৰ বাবে দাবী জনাইছে।এনআৰচি সেৱা কেন্দ্ৰত কৰ্মৰত এজন শিক্ষক বিদেশী হিচাপে প্ৰমানিত হোৱাত ছাত্ৰ সংগঠনটো চিন্তিত হৈ পৰিছে।সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰন সম্পাদক লুৰিন জ্যোতি গগৈয়ে ঘটনাটো সন্দৰ্ভত কয় যে বিদেশী নাগৰিকে এনআৰচি সেৱা কেন্দ্ৰত কৰ্মৰত হৈ থকা বিষয়টো অতি সাংঘাটিক আৰু চিন্তিত বিষয় আৰু এনেদৰে আৰু সন্দেহযুক্ত নাগৰিক সেৱা কেন্দ্ৰ সমূহত নিয়োগ হৈ থাকিলে এনআৰচিৰ কামত জালিয়তি কৰিবলৈ সহজ হৈ পৰিব।আছু নেতাজনে লগতে কয় যে দেশৰ উচ্চতম ন্যায়ালয়ে এনআৰচিৰ সম্পূৰ খচৰা প্ৰকাশৰ কাম-কাজ সমূহ বিশেষ ভাৱে পৰ্যবেশন কৰিব লাগে নহলে খিলঞ্জীয়াৰ পৰিচয় পত্ৰ এনআৰচিত বহু বিদেশীৰ নাম অন্তৰ্ভূক্ত হব।৩০ জুলাইত প্ৰকাশিত এনআৰচিৰ চূড়ান্ত খচৰাত ৩ কোটি ২৯ লাখ লোকৰ আবেদনৰ ভিতৰত ২,৮৯,৮৩,৬৭৭ জন লোকৰ নাম সন্নিবিষ্ট হোৱাৰ বিপৰীতে ৪০,০৭,৭০৮ জন লোকৰ নাম বাদ পৰিছিল।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com