এন আৰ চিৰ সন্দৰ্ভত সজাগতাৰ সৃষ্টি কৰিবৰ কাৰণে ব্যাপক অভিযান

এন আৰ চিৰ সন্দৰ্ভত সজাগতাৰ সৃষ্টি কৰিবৰ কাৰণে ব্যাপক অভিযান

এন আৰ চিৰ দ্বিতীয়খন খচৰাত নাম অন্তৰ্ভূক্ত নোহোৱা প্ৰায় ৪০ লাখ আবেদনকাৰীৰ ভিতৰত যিসকলৰ নাম খচৰাত নাহিল; তাৰ ভিতৰত ২৭ লাখে এতিয়ালৈকে দাবী কৰিছে৷ বিভিন্ন কাৰণ তথা লোকসকলৰ নথি পত্ৰ নথকাৰ কাৰণে এন আৰ চি চূড়ান্ত তালিকাত নাম অন্তৰ্ভূক্ত কৰিবলৈ প্ৰয়োজনীয় নথি পত্ৰ দিব পৰা নাই ।লগতে কিছু সংখ্যক লোকে দাবী কৰিছে যে তেওঁলোকৰ নাম এন আৰ চিত অন্তৰ্ভূক্ত কৰাৰ কাৰণে প্ৰয়োজনীয় দাবী দাখিল কৰাৰ প্ৰয়োজন নাই৷কাৰণ তেওঁলোক ভূমি পুত্ৰ। কিন্তু এন আৰ চি ওপৰত আছে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ। কাৰণ উচ্চতম ন্যায়ালয়ৰ অনুসৰি,যিসকল লোকে এন আৰ চিৰ প্ৰয়োজনীয় দাবী দাখিল নকৰিলে,ভূমি পুত্ৰ হোৱা স্বত্বেও এন আৰ চিত নাম অন্তৰ্ভূক্ত নহ’ব ৷

সম্প্ৰতি আছু আৰু অন্যান্য দল সংগঠনৰ যুদ্ধ কালীন তৎপৰতাৰে লোকসকলক এন আৰ চিৰ সম্পৰ্কে জাগৰণৰ সৃষ্টি কৰিছে ৷ ইফালে, এন আৰ চিৰ দাবী আপত্তিৰ দুটা দিন ধাৰ্য কৰিছে ৷ লগতে তেওঁলোকৰ দাবী আপত্তিসমূহ অতিশীঘ্ৰেই দাখিল কৰিবলৈ আহ্বান জনায়। ইফালে এন আৰ চিৰ সম্বন্ধে বিভিন্ন লোকৰ মাজত সজাগতাৰ সৃষ্টি কৰিবলৈ নামনি অসমৰ ব্যৱসায়িক অঞ্চলৰ লগতে ঘৰে ঘৰে গৈ অভিযান চলায়। আনহাতে মানৱঅধিকাৰ কৰ্মকৰ্তা আৰু প্ৰাক্তন জাতীয় মানৱঅধিকাৰ কমিশ্যনৰ সমন্বয়কাৰী সন্মিলন সেৱক হৰ্ষ মণ্ডৰে বৰপেটা জিলাত ঘৰে ঘৰে গৈ এন আৰ চি সম্পৰ্কে সজাগত কৰিবলৈ লাউডস্পিকাৰ লৈ প্ৰচাৰ কৰে।

লগতে দুটা দলত ভাগ হৈ অটোৰিক্সাৰে সুসৰ্জ্জিত হৈ গাঁৱৰ বজাৰৰ লগতে বিভিন্ন অঞ্চলত ৩১ ডিচেম্বৰৰ প্ৰাকমুহুৰ্তত নিজৰ দাবী আপত্তি দাখিলৰ কাৰণে আহ্বান জনায় ৷ NRC প্ৰসংগত যিকোনো সহায় সুবিধাৰ কাৰণে NSK অৰ্থাৎ এন আৰ চি সেৱা কেন্দ্ৰসমূহৰ বাহিৰত হেল্প ডেক্স স্থাপন কৰে ৷ য’ত লোকসকলে নিজৰ দাবী আপত্তিৰ প্ৰয়োজনীয় নথিসমূহ পূৰণ কৰিবলৈ সহায় কৰিব। অন্যহাতে সংবিধান সেৱক সংস্থাই এন আৰ চি সজাগতাৰ প্ৰসংগত কয় যে, তেওঁলোক যিসমূহ ঠাইলৈ গৈছে,সেই ঠাইসমূহৰ প্ৰায় ১৫০০ লোকে এন আৰ চি সম্পূৰ্ণ প্ৰক্ৰিয়াটোৰ বিষয়ে বিতঙকৈ জ্ঞাত নহয়। লগতে বিভিন্ন ধৰণৰ অসুবিধাৰ কাৰণে তেওঁলোকে নিজৰ দাবী আপত্তি দাখিল কৰিব পৰা নাই বুলিও মন্তব্য কৰে সংবিধান সেৱক সংস্থাই।

উল্লেখ্য যে,এন আৰ চি প্ৰসংগত যদি কোনো লোকে মিথ্যাৰ আশ্ৰয় লয় বা দাবী আপত্তি দাখিলত দিয়া বিৱৰণ সমূহত ভূৱা প্ৰমাণ দিয়ে তেতিয়া শাস্তিৰ সন্মুখীন হ’ব আবেদনকাৰী ৷ এই দোষত মিছাৰ আশ্ৰয় লোৱা ব্যক্তি জনক কাৰাবাসৰ লগতে জৰিমনাও বিহিত কৰিব। ইফালে সম্প্ৰতি চূড়ান্ত এন আৰ চি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ কাৰণে বিশেষভাৱে উল্লেখযোগ্য হৈ পৰিছে।চৰকাৰে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সন্দৰ্ভত কি ব্যৱস্থা লয় সেই লক্ষ্যনীয় হ’ব অনাগত দিনত ৷

অধিক খবৰৰ বাবে পঢ়ক: শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com