এম পি বেজবৰুৱা হব উচ্চস্তৰীয় সমিতিৰ অধ্যক্ষ

এম পি বেজবৰুৱা হব উচ্চস্তৰীয় সমিতিৰ অধ্যক্ষ

১৯৮৫ চনত স্বাক্ষৰিত অসমৰ জাতীয় জীৱনৰ দলিল স্বৰূপ অসম চুক্তিৰ ৬ নং দফাত উল্লেখ কৰা আছে অসমৰ খিলঞ্জীয়া জনসাধৰণৰ সুৰক্ষাৰ বাবে সাংবিধানিক ৰক্ষাকৱচৰ কথা। কেন্দ্ৰীয় চৰকাৰে অসম চুক্তিত উল্লেখ থকা ৬ নং দফা কাৰ্য্যকৰী কৰাৰ বাবে কেবিনেট বৈঠকত এখন উচ্চস্তৰীয় সমিতি গঠন কৰাৰ বাবে অনুমোদন জনাইছিল, এই নজনীয়া উচ্চস্তৰীয় সমিতিৰ অধ্যক্ষ হব এম পি বেজবৰুৱা। অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ সাংস্কৃতিক, সামাজিক, ভাষিক পৰিছয় আৰু ঐতিহ্যক সুৰক্ষা, সংৰক্ষণ প্ৰদান কৰাৰ বাবে অসম চুক্তিৰ ৬ নং দফাই কেন্দ্ৰ চৰকাৰক দাবী জনাই আহিছে।

কেন্দ্ৰীয় কবিনেটে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত জানুৱাৰীৰ ২ তাৰিখে অসম চুক্তিৰ ৬ নং দফা কাৰ্য্যকৰীকৰণ কৰাৰ বাবে এখন উচ্চস্তৰীয় সমিতি গঠনত অনুমোদন জনাইছে আৰু এই সমিতিখনক ছয় মাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰাৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে। ১৯৬৪ বৰ্ষৰ প্ৰসাশনিক বিষয়া আৰু উত্তৰ-পূৰ্ব পৰিষদৰ সদস্য এম পি বেজবৰুৱাই ইয়াৰ পূৰ্বে ২০১৪ চনত দল্লীত হত্যা কৰা অৰুণাচল প্ৰদেশৰ যুৱক নিদো তানিয়াৰ হত্যা কাণ্ডৰ তদন্তৰ বাবে গঠন কৰি দিয়া বেজবৰুৱা কমিতিৰ অধ্যক্ষ আছিল। এমি বেজবৰুৱাই ইয়াৰ পূৰ্বেও অসম, মিজোৰাম আদি বিভিন্ন স্থানত কাম কৰিছিল। প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ চৰকাৰৰ দিনত এম পি বেজবৰুৱাই কেন্দ্ৰীয় পৰ্যটন বিভাগৰ অধ্যক্ষ হিচাপেও কাৰ্য্যনিৰ্বাহ কৰি আছিল, ইয়াৰ উপৰিও বেজবৰুৱাই ৰাষ্ট্ৰ সংঘৰ বিশ্ব পৰ্যটন সংস্থাৰ সন্মানীয় প্ৰতিনিধি হিচাপে প্ৰতিনিধিত্ব কৰিছিল।

কেন্দ্ৰীয় গৃহ বিভাগৰ ফালৰ পৰা প্ৰকাশ কৰা এক অধিসূচনা অনুসৰি অসমৰ বিভিন্ন ক্ষেত্ৰৰ প্ৰতিনিধিক লৈ সমিতিখন গঠন কৰা হব। সমিতিখনত অন্তৰ্ভূক্ত হব লগীয়া আন আন সদস্য সকল হ'ল অৱসৰ প্ৰাপ্ত প্ৰশাসনিক বিষয়া সুভাষ দাস, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নগেন শইকীয়া আৰু ৰংবং টেৰাং, দ্যা চেণ্টিনেল বাতৰি কাকতৰ প্ৰতিষ্ঠাপক সম্পাদক দিএন বেজবৰুৱা, শিক্ষাবিদ মুকুন্দ ৰাজবংশী আৰু অসমৰ এডভোকেত জেনেৰেল ৰমেশ বৰপাত্ৰগোহাঞি। সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰাও এজন প্ৰতিনিধি আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ যুতীয়া সচিৱো সমিতিখনৰ প্ৰতিনিধি হব। সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই স্পষ্ট কৰি দিয়ে যে উচ্চতৰীয় সমিতিখনত সদৌ অসম ছাত্ৰ সন্থাৰ কোনো প্ৰতিনিধিয়ে অংশগ্ৰহণ নকৰে।

কেন্দ্ৰীয় কমিতিয়ে গঠন কৰি দিয়া উচ্চস্তৰীয় সমিতিখনে অসমৰ বিভিন্ন অংশীদাৰী দল যেনে সামাজিক সংগঠন, সাংবিধানিক বিশেষজ্ঞ, ৰাজনীতি, শিল্পকলা, সাহিত্য, অৰ্থনীতিবিদ সকলৰ লগত আলোচনা কৰি আগবাঢ়িব। উচ্চস্তৰীয় সমিতিখনে অসম বিধানসভাত কিমান সংখ্যক খিলঞ্জীয়াৰ বাবে সংৰক্ষণৰ ব্যৱস্থা থাকিব, অন্যান্য নিগম, নিকায় সমূহত কিমান সংৰক্ষণ থাকিব আদি বিষয় সমূহৰ ওপৰত পৰ্য্যালোচনা চলাই প্ৰতিবেদন প্ৰস্তুত কৰিব। অসম চুক্তিৰ ৬ নং দফাত উল্লেখ থকা অসমৰ খিলঞ্জীয়া লোকৰ বাবে চাকৰিত থকিব লগা সংৰক্ষণৰ ওপৰতো গুৰুত্ব প্ৰদান কৰিব।

অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com