কিতাপে মানুহৰ নিসংগতা দূৰ কৰে : ড° লক্ষ্মীনন্দন বৰা

কিতাপে মানুহৰ নিসংগতা দূৰ কৰে : ড° লক্ষ্মীনন্দন বৰা
Published on

"শ্ৰীশ্ৰী জগতগুৰু পুথিভঁৰাল অসমৰ গ্ৰামাঞ্চলত থকা সোণালী জয়ন্তী গৰকা সম্ভৱতঃএটা বিৰল পুথিভঁৰাল " - নগাঁও জিলাৰ হাতীচোং মৌজাৰ খালৈগাৱঁৰ শ্ৰীশ্ৰী জগত গুৰু পুথিভঁৰালৰ বৰ্ণাঢ্য সোণালী জয়ন্তী অনুষ্ঠানৰ আজিৰ তৃতীয় দিনাৰ বিয়লি অনুষ্ঠিত মুকলি সভাত এই মন্তব্য প্ৰকাশ কৰে অসমৰ বৰেণ্য সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড৹ লক্ষ্মীনন্দন বৰাই ।

নিজৰ মুখ্য অতিথিৰ ভাষনত গৰীয়সীৰ সম্পাদক যশস্বী সাহিত্যিক গৰাকীয়ে কয় যে এখন গাৱঁত এটা পুথিভৰাঁলে ৫০ বছৰ অতিক্ৰম কৰাটো এটা ডাঙৰ কথা ৷ তাৰ বাবে এই অঞ্চলৰ ৰাইজ ধন্যবাদৰ পাত্ৰ ৷ হাতীচোঙ অঞ্চলৰে সু সন্তান ড° বৰাই কয় যে তেওঁৰ সমগ্ৰ সৃষ্টি ৰাজিৰ প্ৰথমখিনিৰ বহু গল্প , উপন্যাসৰ পটভূমী এই খালৈ গাঁও , গোসাঁইবৰি , এফলীয়াবৰিকে ধৰি সোনাইপৰীয়া হাতীচোং অঞ্চল ৷ তাহানিতে এই ঠাই সমূহৰ আলিয়ে গলিয়ে ছাইকেল লৈ ঘূৰি ফুৰা সোনালী দিনৰ কথা সোৱঁৰি তেওঁ নষ্টালজিক হৈ পৰে ৷ নিজৰ নাতিদীৰ্ঘ মনোজ্ঞ ভাষনত তেঁও লগতে কয় যে কিতাপ পঢ়া মানুহৰ কোনো নিসংগতা নাই ৷ কিতাপ পঢ়া মানুহে নিসংগতা জনিত বহু ৰোগৰ পৰা হাত সাৰি থাকিব পাৰে ৷আন হাতে তেঁও বৈদ্যুতিক মাধ্যমে চপা মাধ্যমক ক্ষতি কৰা বুলি উঠা অভিযোগ খণ্ডন কৰি কয় যে আজি বোম্বাই , কলিকতাত মুকলি হোৱা কিতাপ এখন লগে লগে ইন্টাৰনেট যোগে কিনিব পাৰি ৷

সভাখন সঞ্চালক ৰূপে পৰিচালনা কৰে বৈষ্ণৱ পণ্ডিত,বিশিষ্ট লিখক নগাঁওৰ ঐতিহ্যমণ্ডিত আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ প্ৰবক্তা ড° সঞ্জীৱ বৰকাকতিয়ে ।সভাত নিদিষ্ট বক্তাৰূপে উপস্থিত থকা বিশিষ্ট কবি -সুবক্তা ড°নন্দ সিং বৰক’লাই নিজৰ ভাষণৰ মাজেৰে পুথি অধ্যয়নৰ মাজেৰে নিজৰ ব্যক্তিত্ব কি সলনি কৰি নিজৰ পর্যবেক্ষিত মনক কি দৰে বিকাশ সাধন কৰিব পাৰে সেই স্মৰকে সাৰুৱা ভাষণ ৰাখে।লগতে অস্বিত্ব বিপন্ন হোৱাৰ উপক্ৰম হোৱা অসমীয়া জাতিক জাতীয় ভাৱনাৰে জাগ্ৰত হবলৈ অাহ্বান জনায় ৷

সভাত বিশিষ্ট অতিথি ৰূপে অংশ লৈ ডিমৰীয়া মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক মোহিনী মোহন ডেকাই ইণ্টাৰনেটত কৈ পুথিগত জ্ঞানক অধিক গুৰুত্ব প্ৰদান কৰিবলৈ নতুন প্ৰজন্মক পৰামৰ্শ প্ৰদান কৰে।আন এগৰাকী বিশিষ্ট বক্তা গল্পকাৰ শিৱানন্দ কাকতিয়ে নিজৰ শৈশৱৰ স্থলী বৃহত্তৰ খালৈগাঁও অঞ্চলৰ স্মৃতি দাঙি ধৰে

।খাৰ খোৱা ফুডছেৰে অসম তথা অসমৰ বাহিৰতো থলুৱা সোৱাদৰ খাদ্যসম্ভাৰ প্ৰস্তুত কৰি জনপ্ৰিয় হৈ উঠা যুৱ সাহিত্যিক দেৱাংগ পলৱ শইকীয়াই কেনেকৈ অভিজাতিক কোম্পানীৰ চাকৰি এৰি থলুৱা পেলনীয়া সমগ্ৰীৰে নিজৰ লগে গাঁৱৰ মহিলাক স্বাৱলম্বনৰ বাট দেখুৱাইছে সেই সম্পৰ্কে নৱপ্ৰজন্মক এক অনুপ্ৰেৰণা যোগাব পৰা এক সাৰুৱা ভাষণ ৰাখে।।তেওঁ প্ৰতি মাহে দুখনকৈ কিতাপ পুথিভঁৰাললৈ প্ৰেৰণ কৰিব বুলি মত প্ৰকাশ কৰে ৷

বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই সভাত উপস্থিত থাকি এনে এটা পুৰণি পুথিভঁৰাল তেখেতৰ সমষ্টিৰ ভিতৰত থকাৰ বাবে গৌৰৱ বোধ কৰে আৰু পুথিভঁৰালটিৰ আন্তঃগাঁঠনীৰ বাবে বিধায়ক পুঁজিৰ পৰা ৫ লাখ টকা অনুদান ঘোষণা কৰে।সঞ্চালক ড° সঞ্জীৱ কুমাৰ বৰকাকতিয়ে এনে এটি অনুষ্ঠান ৫০ বছৰে জীয়াই ৰখাৰ বাবে অঞ্চল বাসীক ধন্যবাদ জনাই আৰু অঞ্চলটোৰ নতুন প্ৰজন্মক কিতাপ মুখী কৰাত অনুষ্ঠানটিয়ে মুখ্য ভূমিকা পালন কৰি যাব বুলি আশা প্ৰকাশ কৰে।

সভাত উপস্থিত প্ৰতিজন ব্যক্তিক উদযাপন সমিতিৰ তৰফৰ পৰা একো খন বৰণ পত্ৰ,এখনি গামোচা আৰু কিতাপৰ টোপোলা প্ৰদান কৰা হয়। সভাখন আঁত ধৰি সাৱলীল ভাৱে আগবঢ়াই নিয়ে আলিবাট প্ৰকাশনৰ স্বত্বাধিকাৰ যুৱ সাহিত্যিক প্ৰাঞ্জল কুমাৰ মহন্তই।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com