কেন্দ্ৰই সাংবিধানিক ৰক্ষাকৱচক লৈ আমাক মূৰ্খ সজাব নোৱাৰিব: আছু

কেন্দ্ৰই সাংবিধানিক ৰক্ষাকৱচক লৈ আমাক মূৰ্খ সজাব নোৱাৰিব: আছু

সদৌ অসম ছাত্ৰ সন্থাই কয় যে কেন্দ্ৰই অসমৰ জনসাধাৰণক সাংবিধানিক ৰক্ষাকৱচ সম্পৰ্কীয় বিষয় লৈ কেতিয়াও মূৰ্খ সজাৱ নোৱাৰিব। কেন্দ্ৰই অসম চুক্তিৰ ৬ নং দফা কাৰ্য্যকৰী

কৰণৰ বাবে এখন উচ্চস্তৰীয় সমিতি গঠন কৰাৰ বাবে অনুমোদন জনোৱা কথাটোৱে পুনৰ বাৰ অসমৰ জনসাধাৰণক অসম চুক্তি সম্বন্ধে প্ৰতাৰণাহে কৰিলে। সদৌ অসম ছাত্ৰ সন্থাৰ

সভাপতি দিপাংক কুমাৰ নাথে বৃহস্পতি বাৰে সংবাদমেল সম্বোধি কয় যে দেশত লোক সভা নিৰ্বাচন অনুষ্ঠিত হবলৈ আৰু মাজত মাত্ৰ দুটা বা তিনিটা মাহ বাকী আছে আৰু এইখিনি সময়ত কেন্দ্ৰত থকা ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন চৰকাৰ খনে অসম চুক্তিৰ ৬ নং দফা কাৰ্য্যকৰীকৰণ কৰাৰ কথা উল্লেখ কৰিছে, কিন্তু আচৰিত কথাটো হ'ল যে অসম চুক্তিৰ ৫ নং দফা কাৰ্য্যকৰীকৰণ নকৰাকৈ কেন্দ্ৰীয় চৰকাৰখনে কেনেকৈ ৬ নং দফা কাৰ্য্যকৰীকৰণ কৰিবলৈ ওলাইছে।এই সিদ্ধান্তই আন একো কৰা নাই আকৌ এবাৰ বঞ্চনাৰ ইতিহাসে হে সৃষ্টি কৰিব বুলি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি জনে মন্তব্য কৰে।

কেন্দ্ৰই অসমৰ জনসাধাৰণক অসম চুক্তিত স্পষ্ট ভাবে উল্লেখ থকা সাংবিধানিক ৰক্ষাকৱচক লৈ মূৰ্খ সজাৱ নোৱাৰে বুলি দিপাংক কুমাৰ নাথে সংবাদ মেলত মন্তব্য কৰে। সদৌ অসম ছাত্ৰ সন্থা অসম চুক্তি স্বাক্ষৰ কৰাৰ ক্ষেত্ৰত মূখ্য অংশীদাৰ আছিল, সেয়েহে কেন্দ্ৰ চৰকাৰে কেনেকৈ অসম চুক্তি ৰূপায়ণ কৰাৰ বাবে সদৌ অসম ছাত্ৰ সন্থাৰ লগত আলোচনা নকৰাকৈ আগবাঢ়িব বুলিও আছুৰ তৰফৰ পৰা প্ৰশ্ন কৰা হয়। কেন্দ্ৰীয় চৰকাৰ যদি সচাকৈ অসম চুক্তি ৰূপায়ণ কৰাৰ বাব আগ্ৰহী তেনেহলে চৰকাৰে পূৰ্বতে গঠন কৰি দিয়া উপ-সমিতিৰ লগত আলোচনা কৰা বিষয় সমূহ সমাধানত গুৰত্ব আৰোপ কৰিব লাগিছিল। ১৯৯৮ চনত জিকে পিল্লাইৰ নেতৃত্বত কেন্দ্ৰৰ চাৰিজন প্ৰতিনিধি, অসমৰ দিশপুৰ আৰু আছুৰ পৰা সন্মিলিত ভাবে তিনিজন প্ৰতিনিধিৰে অসম চুক্তি পৰ্য্যলোচনা কৰাৰ বাবে এখন উপ-সমিতি গঠন কৰি দিয়া হৈছিল। কিন্তু এই সমিতিয়ে সিদ্ধান্ত মৰ্মে লোৱা বিষয় সমূহ আজি পৰ্য্যন্ত চৰকাৰে কাৰ্য্যকৰীকৰণ কৰণ কৰাৰ ক্ষেত্ৰত কোনোধৰণৰ কাৰ্য্যব্যৱস্থা গ্ৰহণ নকৰিলে। কেন্দ্ৰৰ বিজেপি শাসিত চৰকাৰ খনে চাৰে চাৰিবছৰ কেবল মাত্ৰ অসমৰ জনসাধাৰণক মানসিক ভাবে হাৰাসাস্তিহে কৰি আহিছে বুলি আছুৰ নেতৃত্বই মন্তব্য কৰে।

সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে কয় যে কেন্দ্ৰই আমাক বাৰে বাৰে প্ৰতাৰণা কৰিব কেতিয়াও নোৱাৰে। এইটো কথা স্পষ্ট যে অসম চুক্তিৰ ৬ নং দফা সম্বন্ধত কেন্দ্ৰই অনুমোদন জনোৱা উচ্চস্তৰীয় সমিতি কেবল মাত্ৰ আগন্তুক লোকসভা নিৰ্বাচনত অসমত বিজয় সাব্যস্ত কৰিবলৈ ৰছনা কৰা এক কৌশলহে মাত্ৰ। গগৈয়ে কেন্দ্ৰক অসমৰ জনসাধাৰণক বিপথে পৰিচালিত নকৰিবলৈ আৰু অসম চুক্তিৰ শ্বহীদ সকলক অপমান নকৰিবলৈ সকীয়নি প্ৰদান কৰে।আছুৰ মূখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই কেন্দ্ৰৰ সিদ্ধান্তক সমালোচনা কৰি কয় যে কেন্দ্ৰীয় চৰকাৰৰ অসম চুক্তি ৰূপায়ণ কৰাৰ বাবে কোনোধৰণৰ আগ্ৰহ নাই, চৰকাৰৰ আগ্ৰহ থাকিলে বিগত চাৰে চাৰিবছৰত চৰকাৰ খনে অসম চুক্তিৰ ৰূপায়ণৰ ক্ষেত্ৰত কাৰ্যপন্থা গ্ৰহণ কৰিলে হেতেন, কিন্তু চৰকাৰ খনে বিগত সময়ছোৱাত কোনোধৰণৰ কাম নকৰিলে এতিয়া যুতীয়া সংসদীয় সমিতিৰ নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ সম্বন্ধে প্ৰতিবেদনৰ পিছতে কেন্দ্ৰ চৰকাৰে অসমৰ জনসাধাৰণক সান্তনা দিয়াৰ বাবে উচ্চস্তৰীয় সমিতি গঠন কৰি দিছে। কিন্তু অসমৰ জনসাধাৰণ এনেধৰণৰ প্ৰতিশ্ৰুতিত কেতিয়াও ভোল নাযায় বুলি আছুৰ মূখ্য উপদেষ্টা গৰাকীয়ে মন্তব্য কৰে। সদৌ অসম ছাত্ৰ সন্থাই কংগ্ৰেছৰ সাংসদ ভূৱনেশ্বৰ কলিতাই যুতীয়া সংসদীয় সমিতিৰ বৈঠকৰ সময়ত নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ খনৰ বিৰোধিতাৰে লোৱা স্থিতিক প্ৰশংসা কৰে।

অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com