খিলঞ্জীয়াৰ বজ্ৰনিনাদৰ শ্ল’গানেৰে কঁপি উঠিল লতাশিলৰ বাকৰি

খিলঞ্জীয়াৰ বজ্ৰনিনাদৰ শ্ল’গানেৰে কঁপি উঠিল লতাশিলৰ বাকৰি

অসম বিৰোধী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আজি লতাশিল খেল পথাৰত আছুৰ লগতে ৩০ টা সংগঠনৰ সহিত সাব্যস্ত কৰিলে খিলঞ্জীয়াৰ বজ্ৰ নিনাদ কাৰ্যসূচী ৷ বজ্ৰ নিনাদ কাৰ্যসূচীত কোনো কাৰণতে বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক খন মানি নোলোৱাৰ হুংকাৰ দিয়ে বিভিন্ন দল সংগঠনে। হাজাৰ হাজাৰ জনসাধাৰণ,শিল্পী, অগপৰ নেতৃত্ব বৰ্গৰ লগতে বিভিন্ন জনৰ শ্ল’গানত কঁপি উঠিল লতাশিলৰ বাকৰি৷ ইফালে সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই বিতৰ্কিত বিধেয়ক খন সাম্প্ৰদায়িক আৰু অসাংবিধানিক বুলি কয়। অসম আন্দোলনৰ লগতে অসম চুক্তিৰ স্বাক্ষৰত স্পষ্ট ভাৱে উল্লেখ আছিল যে ১৯৭১ চনৰ পিছত অহা সকলো অবৈধ লোকসকলক বহিস্কাৰ কৰা হ’ব ৷কাৰণ অসম আৰু উত্তৰ পূব অবৈধ বাংলাদেশী ডাষ্ট বিন নহয়৷ এই মন্তব্য আছুৰ উপদেষ্টা ভট্টাচাৰ্য ৷

অন্যহাতে সদৌ বড়ো ছাত্ৰ সন্থা সভাপতি প্ৰমোদ বড়োৱে নাগৰিকত্ব সংশোধনী বিধেয়কৰ কথা উত্থাপন কৰাৰ লগতে অসমৰ ছয় জনজাতিৰ জনজাতিকৰণৰ সন্দৰ্ভতো মন্তব্য কৰে ৷লগতে প্ৰমোদ বড়োৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কটাক্ষ কৰি কয় যে ,সম্প্ৰতি অসমৰ জাতি-জনজাতি কোনোৱেই সুৰক্ষিত নহয় ৷ দিল্লীৰ চৰকাৰৰ কৰ্মই প্ৰতিপন্ন কৰিছে যে কেন্দ্ৰই আমাক এতিয়াও স্বীকাৰ কৰা নাই । আনহাতে, খিলঞ্জীয়া বজ্ৰনিনাদ কাৰ্যসূচীত আছুৰ সম্পাদক লুৰীণজ্যোতি গগৈয়ে ভাৰত চৰকাৰ আৰু অসম চৰকাৰক অসমৰ জনসাধাৰণৰ আবেগৰ লগত নেখেলিবলৈ আহ্বান কৰে ।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বাধীন চৰকাৰে এই বিতৰ্কিত বিধেয়ক খন গৃহীত কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছে ৷ গতিকে এনে ধৰণে ৰাজ্যৰ ভাষা সংস্কৃতি সকলো ধ্বংস কৰাৰ চেষ্টা কৰিছে ৷ কোনো কাৰণতে অসমৰ জনসাধাৰণে এই বিধেয়ক গ্ৰহণ নকৰে ৷

ইফালে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ সৰৱ হৈ উঠিল নতুন প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গ ৷ জুবিন গাৰ্গেও অসমৰ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত লৈ লিখা গীত "ৰাজনীতি নকৰিবা বন্ধু ৷ দুবেলা দুসাঁজ ভাত খুজি খাঁও । পলিটিকছ নকৰিবা বন্ধু "গীতটি গোৱা দেখা গ’ল ৷ লগতে জুবিন গাৰ্গে নাগৰিকত্ব সংশোধনী বিধেয়ক খনক লৈ ৰাজনীতি নকৰিবলৈ আহ্বান কৰে চৰকাৰক । উল্লেখ্য যে , নাগৰিকত্ব সংশোধনী বিধেয়ক খনক লৈ সম্প্ৰতি শদিয়াৰ পৰা ধুবুৰলৈকে প্ৰতিবাদ অব্যাহত থকাৰ সময়তে আজিৰ "খিলঞ্জীয়াৰ বজ্ৰনিনাদ" ত অসমৰ বৰিষ্ঠ সাংবাদিক সকলেও অংশগ্ৰহণ কৰা দেখা গ’ল ৷ সম্প্ৰতি জাতি,মাটি,ভেটিঁ ৰক্ষাৰ শ্ল’গান দি ক্ষমতালৈ অহা চলিত চৰকাৰখনে আছুৰ লগতে ৩০ টা সংগঠনৰ এই প্ৰতিবাদৰ পিছত কি পদক্ষেপ ল’ব সেয়া হ’ব লক্ষ্যনীয় ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com