গণতান্ত্ৰিক আন্দোলন অব্যাহত থাকিব: সদৌ অসম ছাত্ৰ সন্থা

গণতান্ত্ৰিক আন্দোলন অব্যাহত থাকিব: সদৌ অসম ছাত্ৰ সন্থা

সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে বুধবাৰে ৰাজ্য সভাৰ মজিয়াত নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ গৃহীত নকৰা বাবে ৰাজ্যৰ জনসাধাৰণক উৎফুল্লিত নহবলৈ আহ্বান কৰি প্ৰতিবাদী কাৰ্য্যসূচী আগবঢ়াই লৈ যাবলৈ অনুৰোধ কৰে। বৃহস্পতি বাৰে চেণ্টিনেলৰ আগত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক গৰাকীয়ে কয় যে আমি অসমৰ জনসাধাৰণক ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত নকৰাৰ বাবে উৎসাহিত নহবলৈ আহ্বান কৰিছো কাৰণ ভাৰতীয় জনতা পাৰ্টি এনে এটা সাম্প্ৰদায়িক দল যি দলে পিছ দুৱাৰেৰে এই বিধেয়ক গৃহীত কৰাৰ বাবে শৰযন্ত্ৰ ৰছনা কৰিব। ভাৰতীয় জনতা পাৰ্টিয়ে যদি বিধেয়কখন গৃহীত কৰিবলৈ সক্ষম নহয় তেতিয়াহলে তেওঁলোকে নিজৰ দাবীক জীয়াই ৰখাৰ বাবে অধ্যাদেশ জাৰি কৰিব। ৰাজ্যসভা পুনৰ ৩১ জানুৱাৰীৰ পৰা আৰম্ভ হব আৰু তেতিয়ালৈ আমি বিধেয়কখন সম্পৰ্কে সজাগ হৈ থাকিব লাগিব।

লুৰিণ জ্যোতি গগৈয়ে ভাৰতীয় জনতা পাৰ্টিক সমালোচনা কৰি কয় যে বিজেপিয়ে কেবল ভোটৰ ৰাজনীতি কৰে আৰু সদনত একমাত্ৰ ভোৰ স্বাৰ্থত বিধেয়কখন গৃহীত কৰিব বিছাৰিছে দলটোৱে। ভাৰতীয় জনতা পাৰ্টিৰ অসম আৰু অসমীয়াৰ প্ৰতি কোনো দায়বদ্ধতা নাই, আমি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিপৰীতে প্ৰতিবাদ সাব্যস্ত কৰি যাম বুলি লুৰিণ জ্যোতি গগৈয়ে মন্তব্য কৰি সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্য্যসূচীত অসমীয়াৰ পৰা সমৰ্থন বিছাৰে।

অসম আৰক্ষীয়ে ৰাজ্যৰ কেইগৰাকীমান বুদ্ধিজীৱিৰ বিপক্ষে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰা প্ৰসংগত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত লুৰিণ জ্যোতি গগৈয়ে কয় যে এয়া অসম চৰকাৰৰ একমাত্ৰ ফেচিবাদী শাসন ব্যৱস্থাৰ চিন্তাধাৰা। আৰক্ষী প্ৰয়োগ কৰি কোনো শক্তিয়ে গণতান্ত্ৰিক আন্দোলনক দমন কৰিব নোৱাৰিব, ভবিষ্যতে যদি অসমৰ পৰিস্থিতিৰ অধিক অৱনতি ঘটে তেনেহলে ইয়াৰ বাবে একমাত্ৰ মুখ্যমন্ত্ৰী সৰ্বনন্দ সোণোৱাল জগৰীয়া হব বুলি সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জনে সকীয়াই দিয়ে।

সদৌ অসম ছাত্ৰ সন্থাই সোমবাৰে ৰাজ্যজুৰি আহ্বান কৰা অসম বন্ধৰ প্ৰতি জনসাধাৰণে জনোৱা সমৰ্থনৰ বাবে ৰাজ্যবাসীক ধন্যবাদ জ্ঞাপন কৰে লুৰিণ জ্যোতি গগৈয়ে।

অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com