গোলাঘাটৰ খুমটাইত মানৱ সৰবৰাহকাৰীৰ আতংক

গোলাঘাটৰ খুমটাইত মানৱ সৰবৰাহকাৰীৰ আতংক

গোলাঘাট জিলাৰ খুমটাইত এগৰাকী ছাত্ৰীক পলোভন দি বিক্ৰী কৰাৰ অভিযোগ এগৰাকী মহিলাৰ বিৰুদ্ধে ৷ উল্লেখ্য যে যোৱা সোমবাৰৰ পৰা খুমটাইৰ বুটলিখোৱাৰ অঞ্জলী বড়ো নামৰ এগৰাকী ১৩ বছৰীয়া ছাত্ৰী সন্ধানহীন হৈ আছে ৷পৰিয়ালৰ লোকৰ অভিযোগ সেই একে গাঁৱৰ ৰিনা নাগ নামৰ এগৰাকী মহিলাই অঞ্জলীৰ লগত আছিল ভাল সম্পৰ্ক ৷ আৰু সোমবাৰে একেখন মেজিকত বুটলিখোৱাৰ পৰা গোলাঘাটলৈ গৈছিল দুয়ো ৷ তাৰ পিছৰ পৰাই অঞ্জলী ঘৰলৈ নহাত ৰিনা নাগ নামৰ মহিলাগৰাকীক অঞ্জলীৰ কথা সুধে যদিও কোনো উত্তৰ নাপালে ৷ তাৰ পিছতেই ৰিনাই আত্মগোপন কৰাৰ অভিযোগ ভুক্তভোগী পৰিয়ালটোৰ ৷ পিতৃহাৰা অঞ্জলী নিজ মাতৃও এগৰাকী মানসিক বিকাৰগ্ৰস্ত ৰোগী ৷ আগতেই এই ৰিনাৰ ওপৰত আছে এনেধৰনৰ অভিযোগ থকাৰ কথা স্থানীয় লোকে প্ৰকাশ কৰে ৷ অঞ্জলীৰ কোনো শুংসূত্ৰ নোপোৱাত বৃহস্পতিবাৰে পৰিয়ালৰ লোকে খুমটাই আৰক্ষী চকীত এখন এজাহাৰ দিয়ে ৷ খুমটাই আৰক্ষীৰ তৎপৰতাত শুক্ৰবাৰে মানৱ সৰবৰাহকাৰী ৰিনা নাগক গ্ৰেপ্তাৰ কৰে ৷ উল্লেখ্য যে গাৱঁৰ আৰু কেইগৰাকীমান ছাত্ৰীক মাহেকত ৬০/৭০ হাজাৰ টকা পোৱা কাম দিম বুলি প্ৰলোভন দি তেওঁৰ লগত নিয়াৰ চেষ্টা কৰিছিল এইগৰাকী ধৃত মহিলা ৰিনা নাগে ৷ উল্লেখ্য যে আৰক্ষীৰ তদন্তহে ফাদিল হ’ব এই মানৱ সৰবৰাহকাৰীৰ প্ৰকৃত ৰহস্য ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com