গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ স্বীকৃতি বাতিলৰ সন্দৰ্ভত শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ প্ৰতিক্ৰিয়া

গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ স্বীকৃতি বাতিলৰ সন্দৰ্ভত শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ প্ৰতিক্ৰিয়া
Published on

গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ে অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিকেল এডুকেশ্যনৰ পৰা স্বীকৃতি নোপোৱাত বিশেষভাৱে দিছপুৰে দোষাৰূপ কৰিছে লোকসভা নিৰ্বাচনক ৷ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই কয় যে বিত্ত বিভাগৰ পৰা কোনো মঞ্জুৰী নোপোৱাৰ কাৰণে স্থায়ী আৰু নিয়মীয়া শিক্ষক নিযুক্তি দিব পৰা নাই ৷ লগতে শিক্ষা মন্ত্ৰী ভট্টাচাৰ্যই কয় যে বিত্ত বিভাগৰ এজন জেষ্ঠ্য বিষয়া বিগত দুমাহৰ পৰা বহিঃৰাজ্যত নিৰ্বাচনৰ পৰ্যবেক্ষকৰ ৰূপত কাম কৰি আছে ৷ গতিকে বিষয়াজনৰ অনুপস্থিতিত পদসমূহ নিযুক্তিৰ কাৰণে বিত্তীয় মঞ্জুৰী দিয়াত পলম হৈছে ৷

কিন্তু প্ৰশ্ন হয় ৰাজ্য চৰকাৰ এই পদ সমূহ পূৰণ কৰাত কিয় পলম হৈছে ? কটন বিশ্ববিদ্যালয়ৰ এজন জেষ্ঠ্য এই সন্দৰ্ভত মন্তব্য কৰে যে ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষা জীৱনৰ অনিশ্চয়তাৰ সময়তে শিক্ষা মন্ত্ৰী ভট্টাচাৰ্যৰ মন্তব্য মন কৰিব লগীয়া৷ ইফালে,অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিকেল এডুকেশ্যন (এআইচিটিই)য়ে গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ স্বীকৃতি কৰাৰ ক্ষেত্ৰত বহু কাৰণ দৰ্শাইছে ৷ ইয়াৰ ভিতৰত স্থায়ী অধ্যক্ষ,পৰ্যাপ্ত সা সুবিধা,কম্পিউটাৰ, আৰু গ্ৰন্থগাৰৰ লগতে চিকিৎসাৰ অন্যান্য সা সুবিধাসমূহৰ অভাৱ দেখা যায় ৷

ইয়াৰ লগে লগে গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ত ৯২ জন ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত অন্ধকাৰলৈ গতি কৰিছে ৷ মহাবিদ্যালয়খনে সম্প্ৰতি মেকানিকেল ইঞ্জিনিয়াৰিং,চিভিল ইঞ্জিনিয়াৰিং,কেমিকেল ইঞ্জিনিয়াৰিঙৰ তিনিটা শাখাত চাৰি বৰ্ষৰ স্নাতকৰ পাঠ্যক্ৰম প্ৰদান কৰিছে ৷ ছাত্ৰ ছাত্ৰীসকল ২০১৮ চনৰ আগষ্ট মাহত প্ৰথম শিক্ষা বৰ্ষ আৰম্ভ কৰিছিল ৷ অন্যহাতে গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ স্বীকৃতি বাতিলৰ ক্ষেত্ৰত অন্যান্য দল সংগঠনৰ লগতে সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ এই ক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থাই কয় যে গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ শৈক্ষিক কেৰিয়াৰ সুৰক্ষিত কৰাৰ কাৰণে অনতি পলমে সিদ্ধান্ত গ্ৰহণ কৰিব লাগে ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com