অসমৰ গ্ৰাম্যাঞ্চলৰ ভূমিহীন লোক সকলক ভূমি প্ৰদান কৰি নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত দিশপুৰৰ অসম চৰকাৰ খনে জনসাধাৰণক ভূমি প্ৰদান কৰাৰ ক্ষেত্ৰত থকা তিনিটৰপীয়া ব্যৱস্থাৰ পৰা এটা ব্যৱস্থা বাতিল কৰাৰ চিন্তা চৰ্চা কৰিছে। গ্ৰাম্যাঞ্চলৰ ভূমিহীন লোক সকলক ভূমি প্ৰদান কৰাৰ ক্ষেত্ৰত তিনিটা বিশেষ পৰ্যায় অনুসৰি কাৰ্য্যপন্থা গ্ৰহন কৰা হয়। প্ৰথমতে ভূমি উপদেষ্টা সমিটিৰ অনুমোদন ক্ৰমে চৰকাৰে ভূমিহীন লোকক এক নিৰ্দিষ্ট ভূখণ্ড প্ৰদান কৰে। এই ভূমি উপদেষ্টা সমিতি সমূহ জিলা আৰু মহকুমা পৰ্য্যায়ত গঠন কৰা হয় আৰু জিলা উপায়ুক্ত অথবা ৰজহ খণ্ড উন্নয়ণ বিষয়াই এই উপদেষ্টা সমিতিৰ কাম-কাজ চোৱা চিতা কৰে।
ভূমি প্ৰদান কৰা লোক সকলক সেই নিৰ্দিষ্ট ভূ-খণ্ডত তিনিবছৰ কাল বাস কৰাৰ পিছত চৰকাৰে তেওঁলোকক একচনীয়া ভূমি পট্টা প্ৰদান কৰে আৰু সেই একচনীয়া ভূমি পট্টা প্ৰদানৰ তিনিবছৰ পিছত চৰকাৰে ম্যাদী পট্টা প্ৰদান কৰে। গ্ৰাম্যাঞ্চলত ভূমিহীন লোকক ভূমি প্ৰদানৰ ক্ষেত্ৰত এয়া হল নিৰ্দিষ্ট নিয়ম কিন্তু বাস্তৱ সত্যটো হ'ল ইয়াতকৈ বহু পৃথক। চৰকাৰক ভূমি প্ৰদানৰ ক্ষেত্ৰত বহু দিঘলীয়া সময়ৰ প্ৰয়োজন হয়। ছয় বছৰতকৈও অধিক সময় এটা পৰ্য্যায় কাৰ্য্যকৰী কৰোতে লোৱা হয়। গ্ৰাম্যঞ্চলৰ লোক সকল বিশেষকৈ কৃষক সকল বহু সময়ত ভূমি নীতিৰ পৰ্য্যয়সমূহৰ বিষয়ে অজ্ঞাত অৱস্থাতে থাকি যায়। কৃষক সকল বহু সময়ত এই ভূমি নীতি দিঘলীয়া পৰ্য্যায়ৰ ফলত হতাশ হৈ পৰা দেখা যায়।
বিশেষ সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি ৰাজ্যিক চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ প্ৰশমণ বিভাগে গ্ৰাম্যাঞ্চলৰ লোক সকলক ভূমি প্ৰদান কৰাৰ কাৰণে নতুন ব্যৱস্থাৰ বিষয়ে চিন্তা-চৰ্চা কৰিছে। এই নতুন ব্যৱস্থাৰ মাধ্যমেৰে ভূমি প্ৰদান কৰা নীতিৰ দিঘলীয়া সময়ক হ্ৰাস কৰাৰ বাবে কাৰ্য্যব্যৱস্থা গ্ৰহণ কৰা হ'ব। গ্ৰাম্যাঞ্চলৰ লোকক কম সময়ৰ ভিতৰত ভূমি প্ৰদান কৰাৰ বাবে দিশপুৰ চৰকাৰে ভূমি প্ৰদান কৰা তিনিটৰপীয়া ব্যৱস্থাটোৰ মাজৰ ব্যৱস্থাটো বাতিল কৰাৰ বাবে চিন্তা-চৰ্চা কৰিছে। মাজৰ স্তৰটো বাতিল কৰিলে, যিসকল লোকে ভূমি লাভ কৰিব সেই সকল লোকক কোনো ধৰণৰ একচনীয়া ভূমি পট্টা প্ৰদান কৰা নহ'ব।
সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি এই ধৰণৰ চিন্তা-চৰ্চা বৰ্তমান কাৰ্য্যকৰী হোৱাৰ পথত আৰু এনেহলে গ্ৰাম্যাঞ্চলৰ জনসাধাৰণে ভূমি অনুমোদন লাভ কৰাৰ পিছতে পোনপতীয়াকৈ ম্যাদী পট্টা লাভ কৰিব। দিশপুৰৰ সোণোৱাল নেতৃত্বাধীন চৰকাৰ খনে অনুভৱ কৰে যে এনে ব্যৱস্থা কাৰ্য্যকৰীকৰণৰ ফলত অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ ভূমি লাভৰ জটিলতা আতৰ হব। এতিয়া উল্লেখনীয় কথাটো হ'ল এই ব্যৱস্থা কেতিয়া কাৰ্য্যকৰী কৰা হয় সেয়া লক্ষ্যণীয় হব। অসমৰ জাতি-মাটি-ভেঁটি ৰক্ষাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি দিশপুৰৰ গাডী দখল কৰিবলৈ সক্ষম হোৱা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰ খনে খিলঞ্জীয়া জনসাধাৰণৰ মাটি-ভেঁটি ৰক্ষা কৰিবলৈ হলে এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিবই লাগিব।
অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি